(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
ভূপেন বৰাই কবিতা লেখাৰ পিছৰে পৰা সকলো মন্ত্রী এম.এল.এৰ মাজত কবিতা লেখাৰ প্ৰতিযোগিতা চলিছে। দুই এজনে হেনো উজাগৰে থাকিও লেখিছে। কোনোবাই শুই উঠি লেখিছে, কোনোবাই গাড়ীত গৈ লেখিছে , কোনোবাই ভাত খাই থাকোতে লেখিছে। মুঠতে সকলোতে এতিয়া কবিতা আৰু কবিতা। তাৰ ভিতৰত শ্ৰেষ্ঠ ৪টা কবিতা আগবঢ়ালো।
(১)
বিহুত পত্নীয়ে নাচে ককাল ঘূৰি ঘূৰি
ঘৰলৈ জানৈ আনে চানৰাইজৰ মচলা গুৰি
মচলা খাই মই থাকো ৰঙত
যাকে তাকে দিও ধমক ফোনত
দিনে ৰাতিয়ে বৰুন দেবক কৰো প্ৰাৰ্থনা
মথাউৰি ভাঙিলে দাদাই পিঠি কৰিব ৰঙা
(২)
বিহপুৰীয়া ডেকা লৰা
লক্ষ্য মোৰ চিধা চাধা
লুইতৰ পাৰৰে , অসংখ্য লোকৰে
হাতত টকা নাইকিয়া
তথাপিও শৰ্মা তুমি হেলিকপ্তাৰত
উৰিছা কেলৈ
হঠাতে দিল্লীলৈ ছাৰ্টাৰ্দ ফ্লাইটত
গৈছা কেলৈ
(৩)
এটোপ এটোপ কৰি বৰষুণৰ পানী পৰি
ভৰি যায় বহল পুখুৰী
তথাপিতো মইচোন হ’ব পৰা নাছিলো মুখ্যমন্ত্রী
যোৱা বছৰ বতৰ হ’ল ফৰকাল
অসমৰ আকাশত ধুমকেতু ওলাল
দুষ্টক দমন , শান্তক পালন
এয়াই মোৰ নীতি
খং উঠিলে কি হয় মোৰ নাজানো
আটা মাঝী চটক লী
(৪)
মোক দিল্লীত পঠালা
শৰ্মা তুমি হাঁহিলা
কবিৰাজী দপ্তৰ দি
মোদী কিয় ঠগিলা?