মণিপুৰ আৰু গোৱাত পুনৰ বিজেপি

739

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


বিজেপিৰ বাবে সকলো ৰাজ্যৰ গুৰুত্ব সমান। গণতন্ত্ৰ দিবসত প্ৰধানমন্ত্রীৰ বেশভূষাত এই কথা পুনৰ স্পষ্ট হয়। আগন্তুক দিনত মণিপুৰত হ’ব লগা নিৰ্বাচনৰ কথা চিন্তা কৰিয়েই মোদী ডাঙৰীয়াই গলত লৈছিল মণিপুৰৰ কাপোৰ। মূৰত আছিল উত্তৰাখণ্ডৰ টুপি। মণিপুৰৰ বাবে ইতিমধ্যে বিজেপিয়ে অসমৰ পৰা বহু নেতা ৰপ্তানি কৰিছে। মণিপুৰৰ নিৰ্বাচন মানেই সশস্ত্ৰ সংগঠন কিছুমানৰ ৰমৰমীয়া ব্যৱসায়। যিয়ে যিমানক ক্ৰয় কৰিব পাৰে সিমানেই নিৰ্বাচনত সহজ হয়। কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছে। সেইফালৰ পৰা মণিপুৰত পুনৰ চৰকাৰ গঠন কৰা বিজেপিৰ বাবে কঠিন প্ৰত্যহ্বান হ’ব নালাগিছিল। কিন্তু মণিপুৰত হিন্দুৰ সমানে লোক আছে খ্ৰীষ্টান সম্প্ৰদায়ৰ। খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকে বিজেপিক বিশ্বাসত নলয়। সেইবাবে মণিপুৰ আৰু গোৱাত বিজেপিয়ে যঠেষ্ট কষ্ট কৰিবলগীয়া হৈছে। অ’পিনিয়ন প’লৰ পৰা পোৱা হিচাপ তলত উল্লেখ কৰা হ’ল
গোৱাঃ মুঠ আসন ৪০
বিভিন্ন প্ৰতিষ্ঠানৰ মতে বিজেপিয়ে পাবলগা আসনৰ সংখ্যা এনে ধৰণৰঃ
এ.বি.পিঃ ১৯-২৩
ইণ্ডিয়া এহেডঃ ২০-২২
ৰিপাব্লিকঃ ১৬-২০
নিউজ একছঃ ২০-২২
টাইমছ নাওঃ ১৭-২১
ইণ্ডিয়া নিউজঃ ১৮-২২
সৰহ সংখ্যক অ’পিনিয়ন প’লৰ মতে বিজেপি একক সংখ্যাগৰিষ্ঠ দল হ’ব। গোৱাত লক্ষণীয় হ’ব আম আদমী পাৰ্টীৰ উত্থান। কংগ্ৰেছ আৰু আপৰ মাজত দ্বিতীয় স্থানৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব।
 মণিপুৰৰ অ’পিনিয়ন প’ল আগবঢ়াইছে মাত্র দুটা প্ৰতিষ্ঠানেঃ
৬০ খন আসন থকা বিধানসভাত এবিপিৰ মতে বিজেপিয়ে পাব ২৩-২৭ খন আসন। আনহাতে ৰিপাব্লিকে দলটোক দিছে ৩১-৩৭ খন আসন। মণিপুৰ আৰু গোৱাত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্ণ সম্ভাবনা আছে।