সাধাৰণ মানুহ আৰক্ষীৰ কামত সুখী

1313
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


স্বাধীনতাৰ সত্তৰ বছৰ পিছতো আৰক্ষীক উচিত  সুবিধা প্ৰদান কৰা হোৱা নাই কোনো এখন চৰকাৰৰ দ্বাৰা । এতিয়া অৱশ্যে পৰিবেশ কিছু উন্নত হৈছে । আৰক্ষী চকীবোৰ পুনৰ নিৰ্মাণ হৈ আছে , আৰক্ষীৰ লোকৰ  ছুটি সম্পৰ্কীয় বিষয়বোৰ চৰকাৰে গুৰুত্ব দিয়া কিছু পৰিলক্ষিত হৈছে ।  এইয়া শুভ লক্ষণ । এই ক্ষেত্ৰত চৰকাৰ ধন্যবাদৰ পাত্ৰ । এটা দিনত কেতিয়াবা ১৮-২০ ঘন্টা  পৰ্য্যন্ত কৰ্তব্য সম্পন্ন কৰিব লগা হয় আৰক্ষী এজনে ।  সেয়ে থানাৰ ভিতৰত এটা ভাল পৰিবেশ আৰক্ষীয়ে পোৱাটো প্ৰয়োজনীয় ।  আৰক্ষীক বাদ দি আন সকলো  চৰকাৰী চাকৰিয়ালে নিজৰ চাকৰি কালত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা , পিকেটিংত এবাৰ হ’লেও অংশ লয় । কেব বা ‘কা ‘ ৰ ক্ষেত্ৰত  প্ৰাথমিক শিক্ষক সন্থাৰ পৰা আৰম্ভ কৰি কলেজ শিক্ষক সন্থা লৈ সকলোৱে  ৰাস্তাত প্ৰতিবাদ কৰিলে , পিয়নৰ পৰা আৰম্ভ কৰি পৰ্যতন বিভাগৰ এচিএছ বিষয়া লৈ বিভিন্ন জনে বুকুত কেব বিৰোধ লেখি চ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিলে । আৰক্ষী বিভাগ সমাজৰ  দুৰ্বল শ্ৰেণীৰ বাবে সাহস আৰু ডকাইতৰ বাবে ভয়ৰ কাৰণ হ’ব লাগিব । বিগত কিছু মাহত অসমত আৰক্ষীৰ কামকাজৰ ব্যপক পৰিবৰ্তন হৈছে আৰু সাধাৰণ মানুহে আৰক্ষীৰ কামত সুখী অনুভবো কৰিছে । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহুৰ্তত অসমৰো কেইজন আৰক্ষীলৈ বিশেষ পদক ঘোষণা কৰি আৰক্ষী বিভাগটোক উৎসাহিত কৰিছে  আৰু এই বাতৰিয়ে
অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে । অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেণ চন্দ্ৰ নাথলৈ ‘ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা’। গণৰাজ্য দিৱসৰ প্ৰাকঃমূহুৰ্তত মঙলবাৰে দেশৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদকৰ বাবে বাচনি লাভ কৰা আৰক্ষী বিষয়া-জোৱানসকলৰ তালিকা ঘোষণা কৰা হৈছে ৷ এই তালিকাত এইবাৰ ১৩ গৰাকী অসম আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল।
২০২২ চনৰ উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল লাভ কৰা অসমৰ বিষয়া-জোৱানসকল ক্ৰমে- দেৰগাঁৱৰ আৰ টি এছৰ অধিনায়ক হৰেন টকবি, এ পি আৰ অ’ৰ পৰিদৰ্শক ছমেজ উদ্দিন, সহকাৰী উপ পৰিদৰ্শক নুৰুল ইছলাম, সহকাৰী উপ পৰিদৰ্শক অচ্যুত দত্ত, কনিষ্টবল (ইউ বি) মুজাম্মিল হ’ক, মহিলা কনিষ্টবল (ইউ বি) ৰঞ্জুমণি শইকীয়া, কনিষ্টবল (ইউ বি) বিপুল বৰা, কনিষ্টবল (এবি) হীৰেন হাজৰিকা, কনিষ্টবল (ইউ বি) বুলন গোহাঁই, কনিষ্টবল (ইউ বি) অলক পাল আৰু কনিষ্টবল (এবি) জগত তামাঙৰ ওপৰি উত্তৰ গুৱাহাটীৰ কামাণ্ডো বেটেলিয়ানৰ পৰিদৰ্শক জয় দীপ শৰ্মা।