লতাশিলৰ পৰা চাহিনবাগ….

1814
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


চাহিন বাগ , দিল্লীৰ মাজ মজিয়াত এন আৰ চি , এন পি আৰ আৰু ‘ কা ‘ ৰ প্ৰতিবাদত হাজাৰ মানুহে দিনে ৰাতিয়ে অৱস্থান ধৰ্মঘট পালন কৰিছে । মুছলমান মানুহখিনিৰ ওপৰত হাৰাশাস্তি চলোৱা বুলি তেওঁলোকে দাবী কৰিছে । পৰিবেশ একেবাৰে গৰম । ৰাস্তাৰে গাড়ী মটৰ চলাচল বন্ধ , দোকান পোহাৰ মানুহে খুলিব পৰা নাই । একাংশ মিডিয়াৰ প্ৰবেশ নিষিদ্ধ কৰিছে । ব্যক্তিগত খণ্ডৰ নিউজ চেনেল এটাৰ সাংবাদিক দীপক চৌৰাচিয়াক প্ৰতিবাদকাৰী মহিলা – পুৰুষে শাৰীৰিক ভাবে অপদস্হ কৰিছে । এন ডি টি ভিৰ ৰৱিচ কুমাৰক মহিলাসকলে প্ৰতিবাদ স্থলীত নিজৰ মাজত বহুৱাই ইনটাৰভিউ দিছে , যিদৰে প্ৰতিদিন টাইমৰ সাংবাদিক নিতুমনি শইকীয়াই  গুৱাহাটীৰ লতাশিলত ভাষণ দিছিল ;   চাহিনবাগৰ পৰা আজাদী শ্লোগান দিছে , ভাৰতক খণ্ডিত কৰা ভাষণ দি জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাৰ্জিল ইমাম গ্ৰেপ্তাৰ হৈছে যিদৰে হিৰেণ গোঁহাইয়ে আছুৰ নেতৃত্বত লতাশিলৰ  ‘ কেব ‘ বিৰোধ অৱস্থানত স্বাধীন অসমক সমৰ্থন কৰি বক্তব্য ৰাখিছিল । কেব খন যোৱাবাৰৰ  লোকসভাত গৃহিত হৈছিল , যদিও ৰাজ্যসভাত নুঠিল । নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালত কেব খন দুয়োখন সদনত গৃহিত হৈ আইনত পৰিণত হ’ল । অসমৰ বাহিৰে যোৱা এবছৰ ধৰি বিশেষ প্ৰতিবাদ ভাৰতৰ আন ৰাজ্যত হোৱা নাছিল । কিন্তু উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা স্বত্তেও চাহিনবাগ অধ্যায় বহু পলমকৈ  কিয় আৰম্ভ হ’ল ?   নৰেন্দ্ৰ মোদী চৰকাৰে ধাৰা ৩৭০ ভংগ কৰিলে আৰু উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায় দিলে , দুয়োটা ঘটনা মৌলবাদী সকলে , কংগ্ৰেছ দলৰ নেতা সকলে , বামপন্থী সকলে মানি লোৱা নাছিল । কিন্তু বিৰোধ কৰিব পৰা নাছিল কাৰণ বিৰোধ কৰা মানেই মৌলবাদী চৰিত্ৰ স্পষ্ট হৈ যাব । ইয়াৰ মাজতে শুভ ক্ষণ আহিল মৌলবাদী দল সংগঠনৰ বাবে । কি শুভক্ষণ ? অসমত অসমীয়া ভাষী ছাত্ৰ সংগঠন কিছুমানে নাগৰিকত্ব আইন বিৰোধৰ আন্দোলনক এক নতুন মাত্ৰ দিলে । ৰাস্তাত অৱস্থান কৰে , ৰাজহুৱা স্থানত সভা পাতে , সেই সভাতে  গায়কে গান গায় , চিত্ৰকৰে ছবি আঁকে , অভিনেতাই কবিতা আবৃত্তি কৰে আৰু সেই অৱস্থান ধৰ্মঘটৰ নিলগত এম্বুলেঞ্চ জ্বলোৱা হয় , গাড়ী ভাঙি দিয়া হয় আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰত আক্ৰমণ চলোৱা হ’ল  । অসমত চলা আন্দোলনৰ নেতৃত্ব আছুৱে লৈছে আৰু আছু  যিহেতু সাম্প্ৰদায়িক দল নহয় সেয়ে ভাৰতৰ মিডিয়াই প্ৰচাৰ কৰিলে অসমত হিন্দু মুছলমান সকলোৱে ‘ কা ‘ আইন বিৰোধ কৰিছে । ইয়াৰ পিছে গোটেই ভাৰতৰ মৌলবাদী শক্তি বিলাকে ৩৭০ , ৰাম মন্দিৰৰ পোতক তুলিবলৈ ‘ কা ‘ খনক ব্যৱহাৰ কৰিলে । চিনেমা হ’লত জাতীয় সংগীত বজালে থিয় নোহোৱা মানুহখিনিয়ে হাতত তিৰংগ পতাকা লৈ জন গন মন গায় দেশদ্ৰোহী শ্লোগান দি আছে । গুৱাহাটী জ্বলিল , কোনোৱে ভবা নাছিল ; চোৰাংচোৱা বিভাগেও হয়টো উমান নেপালে যে আছুৰ আন্দোলনত দেশদ্ৰোহী জেহাদী সোমাই
পৰিব । গুৱাহাটী জ্বলি থকা সময়ত নিউজ চেনেলক দিয়া পৰেশ বৰুৱাৰ বিবৃতিয়ে ছাত্ৰ নেতাৰ পৰা আৰম্ভ কৰি শিল্পী সাহিত্যিক লৈ , বামপন্থীৰ পৰা মৌলবাদী লৈ সকলোৰে সম্বিত ঘুৰাই আনে ।  এইক্ষেত্ৰত অসমৰ জনজাতীয় সংগঠন আৰু ৰাইজৰ চৰকাৰৰ পক্ষত থকা স্থিতিয়ে পৰিস্থিতি নিয়ন্ত্ৰীত হৈ থকাত সহায় কৰিলে , অন্যথা অসমতো জন্ম হ’লহেঁতেন চাহিন বাগ । এইখিনিতে উল্লেখ্য যে ছাৰ্জিল ইমামৰ ওপৰত আইনী ব্যৱস্থা লোৱা হৈছে আৰু বিভিন্ন সুত্ৰই দাবী কৰা মতে দেশদ্ৰোহী জনক অসমলৈও অনা হ’ব , ছাৰ্জিলৰ সহায়ত  অসমত থকা তেওঁৰ সংগী বাহিনীৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক এটা লক্ষনীয় হ’ব আগন্তুক সময়ত ।