হিমন্ত বিশ্ব শৰ্মালৈ চাৰিটা প্ৰশ্ন?

3184
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অসমৰ প্ৰভাবশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দলৰ হৈ দিনে নিশাই প্ৰচাৰ কৰি দলক ক্ষমতাত বহুৱাবলৈ সক্ষম হৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ দৈনিক ৫-৬ খন মিটিং কৰি, পদযাত্রা কৰি বিজেপিৰ সপক্ষে বোৱাইছিল বতাহ। জাতীয়তাবাদী নেতা সত্যব্ৰত কলিতা, পবীন্দ্ৰ ডেকা আদিও শৰনাপন্ন হৈছিল শৰ্মাৰ। কমলা কলিতাৰ অনুৰোধত ছয়গাওলৈ দুবাৰ সভা কৰিবলৈ গৈছিল। শৰ্মাৰ উদাত্ত ভাষনত পৰিছিল জাউৰিয়ে জাউৰিয়ে হাত চাপৰি। সেই ভাষণবোৰত কি আছিল? অসমক আগুৱাই লৈ যোৱাৰ সপোন তথা অসমৰ সমস্যা সমাধানৰ আশ্বাস। নিৰ্বাচন আকৌ আহিছে। ৰাইজৰ মাজলৈ আকৌ যাব ,আকৌ দিব উদাত্ত ভাষণ । কিন্তু এইখিনিতে আমি মনত কৰিব লাগিব ২০১৬ চনৰ ভাষণ বিলাক। তেখেতে দিয়া কিমান প্ৰতিশ্ৰুতি পালন কৰিলে?
নিবনুৱা সমস্যা সমাধান হ’লনে?
যোৱাবাৰৰ বিধানসভা নিৰ্বাচনত আাপুনি কৈছিল যে কংগ্ৰেছৰ ১৫ বছৰৰ শাসন কালত নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে  ৫ লাখৰ পৰা ২০ লাখ। বিজেপিৰ শাসন কালত ২০ লাখ সংখ্যাটো কিমান হ’ল ক’ব পাৰিবনে? ২০ লাখৰ পৰা বাঢ়ি ২৫ লাখ হ’ল নে শূন্য হ’ল? এই প্ৰশ্নৰ উত্তৰ অহা নিৰ্বাচনৰ আগত দিয়াতো অত্যন্ত জৰুৰী।
অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য কেতিয়া হ’ব?
যোৱা নিৰ্বাচনত আন এটা সপোন আাপুনি প্ৰায় দেখুৱাইছিল। অসমক ভাৰতৰ প্ৰথম পাছখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিব। ৪ বছৰ পাৰ হ’ল। এতিয়াও আাপুনি একে সপোন দেখুওৱাই থাকে। প্ৰশ্ন হ’ল অসম কেতিয়া সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব? আৰু কিমান বছৰ লাগিব? ২০১৬ চনত অসমৰ স্থান কিমান আছিল আৰু যোৱা ৪ বছৰত আপোনালোকে অসমৰ স্থান কিমান উন্নত কৰিলে?
কংগ্ৰেছৰ ঘৰ সংসাৰ বনাম বিজেপিৰ ঘৰ সংসাৰ
যোৱা নিৰ্বাচনত যেতিয়া আপুনি কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰীক ৰাজনীতিক ঠাট্টা কৰি তাক ঘৰ সংসাৰ নাম দিছিল , ৰাইজে হাত চাপৰি বজাইছিল। পি.আন.আৰ.দি ৰ নিযুক্তিত আপোনালোকৰ নেতাবিলাকৰ পত্নীসৱে চাকৰি পালে। নিগমৰ অধ্যক্ষই পৰিয়ালৰ সতে বিদেশ ভ্ৰমণ কৰি অসমৰ ৰাজকোষৰ ধন শৰাধ কৰিলে। বিমলাংশু ৰয়ৰ পুত্রই লোকসভাৰ টিকট পালে। এইবিলাকৰ পিছতো আপুনি ২০২১ত পুনৰ কংগ্ৰেছৰ ঘৰ সংসাৰ নাটকৰ কথা ক’বনে?
মাছ ধৰিব শিকালে নে মাছ কিনি দিলে?
আপুনি যোৱা নিৰ্বাচনত সুতা কম্বলৰ ইছুটো বাৰুকৈয়ে উত্থাপন কৰিছিল। আপুনি হেনো নিজৰ কিতাপতো লিখিছে _মাছ কিনি দিয়াতকৈ মাছ ধৰিব শিকাব লাগে। তেন্তে ৰাইজৰ একাউন্টত এনেয়ে ধন সোমাই দিলে কিয়? এয়া জানো
স্ববিৰোধী কথা নহয়। ভবিষ্যতে জানো মাছ ধৰি শিকোৱাৰ কথা ক’ব পাৰিব?