অজন্তাৰ পিছে পিছে…

1269

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছৰ বিধায়ক অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ বিজেপিত যোগদানৰ পিছত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আন কোন কোন বিধায়ক বা শীৰ্ষ কংগ্ৰেছ নেতা বিজেপিলৈ যাব। সংবাদ মাধ্যমত চৰ্চা চলি আছে বহুকেইজনৰ নাম যাৰ ভিতৰত আছে ৰ’জলিনা তিৰ্কী, ৰেকিবুদ্দিন আহমেদ, দুৰ্গা ভূমিজ, কমলাক্ষ দে পুৰকায়স্থ, সুশান্ত বুঢ়াগোহাঁই আৰু ৰকিবুল হুছেইন। ইয়াৰ ভিতৰত ৰকিবুল হুছেইনক বাদ দি আন সকলোকেইজন নেতাৰ বিজেপিৰ লগত যোগাযোগ চলি আছে বুলি বিশেষ সুত্রৰ পৰা গম পোৱা গৈছে। ৰকিবুল হুছেইনৰ নাম সংবাদ মাধ্যমত প্ৰকাশ কৰি তেওঁক অস্বস্তিত পেলোৱাটো বিজেপিৰ লক্ষ্য। কিন্তু ৰকিবুল হুছেইন বিজেপিত যোগদান কৰাৰ কোনো সম্ভাবনা নাই। । ৰ’জলিনা তিৰ্কী,  ৰেকিবুদ্দিন আহমেদ, দুৰ্গা ভূমিজ আৰু কমলাক্ষ দে পুৰকায়স্থই বিজেপিত যোগদানৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে। গোটেইকেইজন নেতা যোৱা ৪ বছৰ কাল বিজেপিৰ লগত সম্পৰ্কত আছে। বিধানসভা নিৰ্বাচনৰ টিকটৰ নিশ্চয়তা পালেই তেওঁলোক আটাইকেইজনে গেৰুৱা বসন পিন্ধিব। তেওঁলোকক বিজেপিয়ে টিকট দিয়াৰ কোনো নিশ্চিতি প্ৰদান কৰিব পৰা নাই। ইয়াৰ কাৰণ হৈছে সমষ্টিৰ তৃণমূল কৰ্মীৰ বিৰোধ। বিজেপিৰ শীৰ্ষ নেতৃত্বও ভাবিবলৈ আৰম্ভ কৰিছে যে এই সমষ্টি কেইটা এইকেইজন নেতাৰ অবিহনে বিজেপিয়ে দখল কৰিব পাৰিব সেয়ে এওলোকৰ যোগদানক লৈ অনিশ্চয়তাই দেখা দিছে।
  অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ যোগদানক লৈও তৃণমূল কৰ্মীৰ মাজত বিৰোধ আছিল। লক্ষীপুৰ সমষ্টি ৰাজদ্বীপৰ অবিহনে কোনো পধ্যেই জয়ী হ’ব নোৱাৰে বুলি অনুধাবন কৰি বিজেপিৰ হাই কামাণ্ডে তেওঁৰ যোগদানত কোনো বাধা আৰোপ নকৰিলে। আনহাতে নিকা ভাবমুৰ্তি তথা কংগ্ৰেছক মানসিক ভাবে দুৰ্বল কৰাৰ স্বাৰ্থতে অজন্তা নেওগক বিজেপিয়ে আদৰিলে। ২০২১ত গোলাঘাট সমষ্টিৰ টিকটৰ লগতে নতুন কেবিনেটত অজন্তা নেওগৰ স্থান প্ৰায় নিশ্চিত।
খবৰ অনুসৰি কেইমাহমান আগতে কংগ্ৰেছত যোগদান কৰা আৰ.পি শৰ্মাই বিজেপিত প্ৰত্যাবৰ্ত্তনৰ যো জা চলাই আছে। তেওঁ আৰ এছ এছৰ নেতাৰ জৰিয়তে বিজেপিত যোগদান কৰি তেজপুৰ জিলাৰ যিকোনো এটা সমষ্টিত টিকটৰ আশা পুহি ৰাখিছে।