দুজন নেতাৰ ব্যক্তিগত স্বাৰ্থ পূৰণ হ’ল

1419
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


দুজন নেতাৰ ব্যক্তিগত স্বাৰ্থই কংগ্ৰেছ দলক অসমত চৰকাৰ গঠনৰ কৰাৰ সুযোগত চেচাঁ পানী পেলালে । বিজেপি দল শক্তিশালী যদিও অপ্ৰতিৰোধ্য নহয় । তাৰ প্ৰমাণ চত্তিশগড় , ৰাজস্থান বা মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল । এই কেইখন ৰাজ্যত বিজেপি পৰাজিত হৈছে । অসমৰ লগতে নিৰ্বাচন চলিছে পশ্চিম বংগত । মমতা বেনাৰ্জী তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হৈছে যদিও মুকলিকৈ ইছলামিক দলৰ লগত মিত্ৰতা কৰা নাই। মুছলমান ভোট বেংক তৃণমূলৰ লগত থকা স্বত্তেও হিন্দু ভোটাৰৰ সন্মুখত নিজকে মুছলমান তোষামোদকাৰী বুলি নেদেখুৱাবলৈ মমতা বেনাৰ্জীয়ে মৌলবাদী দলৰ লগত মিত্ৰতা নকৰিলে । কিন্তু অসমত কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ দলৰ লগত মুক্ত মিত্ৰতা কৰি নিৰ্বাচন খেলাৰ লগে লগে বিজেপিৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ সহজ হৈ পৰিল । হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লোৱা প্ৰচাৰত দুটা শব্দই মুখ্য আকৰ্ষণ হৈছিল ___আজমল আৰু অৰুণোদয় । কংগ্ৰেছ দলৰ লগত বদৰুদ্দিন আজমলৰ মিত্ৰতা নতুন নহয় । কাৰণ ইউপিএ মিত্ৰজোঁটত ইউদিএফ বহু বছৰ ধৰি আছে আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আজমলৰ বাবেই কংগ্ৰেছে  কলিয়াবৰ আৰু নগাও লোকসভা সমষ্টি দুটা জয়ী হৈছিল । কাৰণ দুয়োটা সমষ্টিত ইউদিএফে প্ৰাৰ্থী নিদিয়া বাবে লাহৰিঘাট , যমুনামুখৰ মুছলমান ধৰ্মী সংখ্যালঘু ভোটেৰে প্ৰদ্যুত বৰদলৈ নগাওত জয়ী হৈছিল বাকী ধিং আৰু ৰূপহীহাটৰ মুছলমান ধৰ্মী সংখ্যালঘু ভোটেৰে গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা জয়ী হৈছিল । ২০০৬ চনত তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন আজমল বুলি কৈ অসমীয়া ভাষীৰ প্ৰাণত পৰিণত হৈছিল । কিন্তু অতি আবেগিক অসমীয়াই  খৱৰ পোৱা নাছিল যে বদৰুদ্দিন আজমলে কংগ্ৰেছ দলক সমৰ্থন দিয়াৰ বিনিময়ত মুখ্যমন্ত্ৰী হিচাপে বিজয় কৃষ্ণ সন্দিকৈ বা ভুৱনেশ্বৰ কলিতাক বিচাৰিছিল । সেই সন্ধিক্ষণৰ সময়ত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ লগত হিমন্ত বিশ্ব শৰ্মাই গোপন বৈঠক কৰি অংক গোটাইছিল আৰু হাগ্ৰামা-হিমন্তৰ যুগলবন্দীৰ ওপৰত ভিত্তি কৰিয়েই  তৰুণ গগৈয়ে আজমলক কটাক্ষ কৰিছিল । মুখ্যমন্ত্ৰীৰ প্ৰতিযোগীতা জয়ী হৈ আজমলক সমালোচনা কৰা একেজন তৰুণ গগৈয়ে পুত্ৰ স্নেহত আজমলক বন্ধু কৰিলে আৰু মিডিয়াৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক কৰোনা ভাইৰাচ বুলি ভেঙুচালি কৰিছিল । ৰিপুন বৰা নিজ সমষ্টিত পৰাজিত হব আৰু কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব মুৰ পাতি লৈ পদত্যাগ কৰিবলৈ বাধ্য হব ।  সভাপতিৰ আসন খন খালী হোৱাৰ পিছতেই নতুন ব্যক্তিয়ে নতুন পদবী লব । বৰ্তমান সময়ত গৌৰৱ গগৈৰ বিকল্প নাই কাৰণ ৰকিবুল হুছেইন , ৰেকিবুদ্দিন আহমেদৰ দৰে নেতা সকলে প্ৰদ্যুত বৰদলৈক পচন্দ নকৰিব । গৌৰৱ গগৈয়ে দায়িত্ব লৈয়ে আজমলৰ লগত মিত্ৰতা ভংগ কৰি জাতীয় নায়কৰ ভুমিকা লৈ পুনৰ কলিয়াবৰৰ ইউদিএফৰ লগত গোপন বুজাবুজি কৰি  সাংসদ হোৱাৰ পথ মসৃণ কৰিব ।
ৰিপুন বৰাই সকলো জানি বুজিও কিয় মৰণফান্দত ভৰি থৈছে সেই প্ৰশ্নৰ উত্তৰ পাবলৈ নাই আৰু উত্তৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ছয়টা মাহ ।