অসম চৰকাৰে হাতত পোৱা এমাহ সময় সৎ ব্যৱহাৰ কৰক….

1050
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এজন ৪০ বছৰীয়া অসমীয়া যুবক। দিল্লীত চাকৰি কৰে। জ্বৰ কমা নাই। তিনিদিনৰ দিনাই আৰ.টি.পি.ছি.আৰ কৰি নিগেটিভ ৰিপোৰ্ট পালে। চিকিৎসকে এন্টি বায়’টিক খাব দিলে। ১০ দিন পিছতো জ্বৰ নকমিলে। অক্সিজেন লেভেল  কমি যাবলৈ ধৰে। এইবাৰ পৰীক্ষা কৰাত কৰোণা পজিটিভ। হস্পাতালে হস্পাতালে ফোন। কতো বিচনা খালী নাই।ৰোগীৰ অক্সিজেন লেভেল কমি অবস্থা সংকটজনক। ৩ বছৰীয়া শিশু কোলাত লৈ পত্নীয়ে কৰোণা হস্পাতাল এখনলৈ লৈ গ’ল। বিচনা নাপালে যদিও হাস্পতালৰ চৌহদতে গাড়ীৰ ভিতৰত অক্সিজেনৰ ব্যবস্থা কৰিলে। অবস্থা এতিয়াও সংকটজনক। এনেকুৱা অজস্ৰ ঘটনাৰ সাক্ষী এতিয়া দিল্লী,মুম্বাই, বাংগালোৰ আদি মহানগৰী। কৰোণাৰ দ্বিতীয় ঢৌৱে লৈ আহিছে দেশবাসীৰ বাবে বুজাব নোৱাৰা যন্ত্রনা।  দৈনিক আক্ৰান্তৰ  সংখ্যা  ৩ লাখৰ ওচৰা ওচৰি। শ্মশানত চিতাৰ লানি নিচিঙা শাৰী। মুঠতে সকলোতে এক বিভীষিকা ময় পৰিবেশ। ফেব্ৰুৱাৰীৰ মাজভাগত কৰোণাৰ গ্ৰাফ  কিছু ওপৰলৈ উঠিল। কিন্ত দুৰ্ভাগ্য ক্ৰমে এয়া হ’ল বিৰোধী শাসিত ৰাজ্য মহাৰাষ্ট্ৰ, কেৰেলা  আৰু পঞ্জাবত। প্ৰথমতে তেওঁলোকক ঠাট্টা মস্কৰা কৰা হ’ল। পিছত যেনিবা এটা বিশেষজ্ঞ কমিতি গঠন কৰি ৰাজ্যৰ অবস্থাৰ বুজ লবলৈ পঠোৱা হ’ল। কৰোণাই পিছে জাতি ,ধৰ্ম, বৰ্ণ একো নাচায়।   এপ্ৰিলৰ পৰা যেতিয়া বিজেপি শাসিত গুজৰাট, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত কৰোণাই মহামাৰী ৰূপ ধাৰণ কৰিলে,তেতিয়াহে চৰকাৰৰ গা লৰিল। কিন্তু ইতিমধ্যে কৰোণা অনিয়ন্ত্রিত হৈ পৰিছে। দৈনিক কৰোনা আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰিছে। আই.আই.টিৰ সমীক্ষা মতে মে মাহৰ মধ্যভাগত ভাৰতত কৰোনাৰ peak দেখা যাব। নিশ্চয়কৈ মোদী চৰকাৰৰ ৭ বছৰীয়া কাৰ্য্যকালৰ এইটো সকলোতকৈ বৃহৎ প্ৰত্যাহ্বান।
এয়া ৰোধ কৰা কিন্তু সম্ভব আছিল। জানুৱাৰী মাহত ভিডিঅ’ কনফাৰেঞ্চৰ জড়িয়তে হোৱা ডাভোছ সন্মিলনত প্ৰধানমন্ত্রীয়ে কৰোনাৰ ওপৰত ভাৰতৰ বিজয়ৰ দাবী কৰিছিল। যি সময়ত ইউৰোপৰ অধিকাংশ চহৰত দ্বিতীয় ঢৌৱে চৰকাৰক পুনৰ লকডাউন দিবলৈ বাধ্য কৰাইছিল সেই সময়ত আমি ব্যস্ত আছিলো নিজৰ বাঃ বাঃ লোৱা কামত। ভাৰত চৰকাৰে বুজিব লাগিছিল যে ব্ৰিটেইনত যদি জানুৱাৰীত দ্বিতীয় ঢৌ আহিছে তেন্তে ভাৰতত এপ্ৰিলত ঢৌ অহাটো প্ৰায় নিশ্চিত কাৰণ আমি তেওঁলোকতকৈ তিনি মাহ পিছত আছো। ভেকছিন দিয়াৰ ক্ষেত্রটো চৰকাৰে খৰখেদা নকৰিলে। তাৰ সলনি বিদেশলৈ ৰপ্তানি কৰি থাকিল। যি সময়ত আমি সকলোকে ভেকছিন দিয়া কাৰ্য্যত মনোনিবেশ কৰিব লাগিছিল সেই সময়ত আমি ৫ ৰাজ্যৰ নিৰ্বাচনত ডাঙৰ ডাঙৰ সভা পাতি কৰোনাক আমন্ত্রন কৰি আছিলো। আজি ভাৰতত  সম্পূৰ্ণ ভেকছিনেছন হোৱা লোক মাত্র ১.৬% । ইজৰাইলত ৫৫.৪%, আমেৰিকাত ২৮.৯% আৰু ব্ৰীটেইনত ১৮.৯% লোকে কোৰোণা প্ৰতিষেধকৰ দুটা দোজ লাভ কৰিছে। এই বিপদৰ বাবে অকল কেন্দ্ৰ চৰকাৰকে দোষ দিলে নহ’ব। ৰাজ্য চৰকাৰ বিলাকো সমানে দোষী । আজি কেন্দ্ৰীয় চৰকাৰক গালি দিয়া ৰাহুল গান্ধীয়ে এবাৰ চত্তিছগড়ত নজৰ দিয়া ভাল। ৰাজ্যবাসীক কৰোনাৰ পৰা বচাবলৈ মাষ্টাৰ প্লেন বনোৱাৰ সলনি ভূপেশ বাঘেল অসমত মাহদিন ধৰি ব্যস্ত আছিল নিৰ্বাচনী প্ৰচাৰত। মহাৰাষ্ট্ৰৰ কথা ভাবিবলৈও বেয়া লাগে।দৈনিক সহায় ৬০ হাজাৰৰ ওপৰত আক্ৰান্ত,  অক্সিজেন চিলিণ্ডাৰ ফাটিও মানুহ মৰিছে। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা উদ্ধব থাকৰেৰ পৰা কোনো বাৰ্তা আমি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শুনিব পোৱা নাই। আনফালে অৰবিন্দ কেজৰিৱালে নিজৰ বাদে আন সকলোকে দোষ দি সান্তনা লভি আছে।  দক্ষিণৰ কেৰেলা আৰু তামিলনাডুৱে মাত্র ইমান সংক্ৰমণ হোৱাৰ পিছতো ৰাইজৰ কষ্ট নোহোৱাকৈ চিকিৎসা কৰিব পাৰিছে। অনাগত দিনত যিহেতু কৰোনাৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ আশংকা আছে সেয়েহে এতিয়া দৰকাৰ সকলো একগোট হোৱাৰ। সকলো ৰাজ্যই পৰস্পৰে পৰস্পৰক সহায় কৰিলে অনেক অসুবিধা আতৰ কৰিব পৰা যাব। কেন্দ্ৰ চৰকাৰেও বিৰোধী শাসিত ৰাজ্যসমূহৰ প্ৰতি সমানে মনোযোগ দিয়া দৰকাৰ।
অসম চৰকাৰে হাতত এমাহ সময় পাইছে কাৰণ দিল্লী-মুম্বাইতকৈ আমি ১- ২ মাহ পিছত আছো। আশাকৰো যে চৰকাৰে এই সময়ৰ সৎ ব্যবহাৰ কৰি নিশ্চিত কৰিব যে আমাৰ মানুহৰ অবস্থা দিল্লী-মুম্বাইৰ দৰে নহয়।অকল ৰাজনৈতিক নেতা সকলেই জানো সংবেদনহীন ? ক’ত গৈছিল বিখ্যাত চিকিৎসক . বৈজ্ঞানিক সকল , দেশৰ চৰকাৰী বিষয়া সকল ? নিৰ্বাচন আয়োগৰ হাতত জানো বিকল্প নাছিল ? অনলাইন ক্লাচ হোৱা দেশ এখনত অনলাইন নিৰ্বাচনী প্ৰচাৰ জানো সম্ভৱ নাছিল ? আগন্তুক প্ৰজন্মই সকলোকে প্ৰশ্ন কৰিব ।