ইউৰো কাপ চাবলৈ Wembly লৈ

1997
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


চেমি ফাইনেল, ফাইনেলকে ধৰি লণ্ডনত ইউৰো কাপ ২০২১ৰ বহু কেইখন খেল ৰখা হৈছে। টিকট ইতিমধ্যে সকলো বিক্ৰী হৈছে। অৱশ্যে লণ্ডনত এনে বহু ৱেবছাইট আছে য’ত  নিজৰ কিনা টিকট অধিক দামত বিক্ৰী কৰা ব্যবস্থা আছে। ভাৰতত যিটো ব্লেক বুলি কোৱা হয়। ইয়াত ব্লেক মাৰ্কেট বুলি ক’লে কিন্তু আপোনাৰ বিৰূদ্ধে বৰ্ণবৈষম্যৰ কেছ ৰুজু হ’ব পাৰে। সেয়েহে ইয়াত ব্লেকৰ সলনি মানুহে grey মাৰ্কেট বুলি কয়। ইউৰো কাপৰ খেল এখন সৰুৰে পৰা ষ্টেদিয়ামত গৈ চাবলৈ এটা সপোন পুহি ৰাখিছিলো। অবশেষত সুযোগ আহিল। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইটালী বনাম অষ্ট্ৰিয়া। ৪ হাজাৰ টকীয়া টিকট ক্ৰয় কৰিলো প্ৰায় ২০ হাজাৰ টকাত। অষ্ট্ৰিয়াৰ পৰা খেল চাবলৈ আহিব বিচৰা এজন মানুহে এদিন আগতে নিজৰ দুটা টিকট বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। কোভিদ টেষ্টৰ নিগেটিভ ৰিপোৰ্ট লৈ বন্ধু এজনৰ লগত Wembly ত গৈ উপস্থিত হ’লো।ষ্টেদিয়ামত মুঠ ৯০ হাজাৰ লোক বহিব পাৰে যদিও কোভিদৰ বাবে প্ৰায় ২৫ হাজাৰ মানহে টিকট বিক্ৰী কৰা হৈছে। সামাজিক দুৰত্বৰ মানি চলাবৰ বাবে বহু আসন খালি ৰখা হৈছে। খেল ৮ বজাত যদিও আমি গৈ উপস্থিত হ’লো সন্ধিয়া ৬ বজাত। সুন্দৰ ভাবে সকলো ব্যবস্থা কৰা হৈছে। আমাৰ কোভিদ ৰিপোৰ্ট পৰীক্ষা কৰাৰ পিছত মোবাইলত থকা ডিজিটেল টিকটত থকা বাৰ কোদ দেখুওৱাত দৰ্জাখন নিজে নেজে খোল খালে। চিকিউৰিটি চেকৰ পিছত নিজৰ আসনৰ পিনে অগ্ৰসৰ হ’লো। ষ্টেদিয়ামত ৮০% ইটালীৰ সমৰ্থক। আমাৰ কাষতে বহি আছিল এহাল ইটালীয়ান দম্পতী। আমিও ইটালীক সমৰ্থন কৰাৰ কথা শুনি তেওঁলোক উৎফুল্লিত হৈ পৰিল। কথা প্ৰসংগত গিৰিয়েকজনে কলে ভাৰত আৰু ইটালীৰ সম্পৰ্কৰ কথা। ছোনীয়া গান্ধীক লৈ তেওঁলোক গৌৰেৱান্নিত। ফুটবল খেলত ভাৰত আৰু ইটালীৰ এই সম্পৰ্কটোৰ কথা তাৰ আগলৈ মনত অহা নাছিল। ৭ মান বজাৰ পৰা খেলুৱৈসকল ষ্টেডিয়ামত প্ৰবেশ কৰি প্ৰেকটিছত ব্যস্ত হৈ পৰিল। ৭:৩০ মান বজাত সকলো দৰ্শক নিজৰ আসনত বহিল। ৯০ হাজাৰ টিকট যদি বিতৰণ কৰিলেহেতেন তেন্তে ষ্টেডিয়ামৰ পৰিবেশ আৰু বেছি ৰোমানঞ্চকৰ হৈ পৰিলেহেতেন। ৮ বজাৰ লগে লগে খেল আৰম্ভ হ’ল।

প্ৰথম হাফত ইটালীয়ে ভাল খেলিলে। বহুকেইটা গোল কৰাৰ সুযোগ পাইছিল যদিও লক্ষ্য ভেদ কৰাত ব্যৰ্থ হয়। ৪৫ মিনিট সময় কেনেদৰে পাৰ হৈ গ’ল গমেই নাপালো। দ্বিতীয় হাফত অষ্ট্ৰিয়াই সুন্দৰ খেলিলে। অষ্ট্ৰিয়াই এটা গোল কৰিলে আৰু লগে লগে আমাৰ সন্মুখত বহি থকা অষ্ট্ৰিয়াৰ সমৰ্থক এজনে আনন্দত কান্দি পেলালে। পিছত অবশ্যে অফছাইদৰ বাবে গ’লটো নাকছ কৰা হয়। ৯০ মিনিট পিছতো গোল নোহোৱাত মোৰ কাষৰ ইটালীয়ান ফেনজন খুব ব্যথিত হয়। ” We are not playing well” হতাশাত মানুহজন। ৩০ মিনিটৰ অতিৰিক্ত সময়ত ইটালীয়ে দুটা গোল কৰে। অষ্ট্ৰিয়াই এটা গোল পৰিষোধ কৰে যদিও অবশেষত ইটালীৰ পৰাক্ৰমৰ সন্মুখত নতি স্বীকাৰ কৰে। ইটালীয়ান দম্পতী গৰাকীয়ে ইটালীও , ইটালীও বুলি চিঞৰী পৰস্পৰক আলিংগন কৰে।  ষ্টেডিয়ামৰ পৰা মেট্ৰো ষ্টেচনলৈ প্ৰায় আধা কিলোমিটাৰ ৰাস্তা। ইটালীৰ ফেন সকলে গোটেই ৰাস্তা নাচি বাগি, গান গাই মতলীয়া হ’ল। ষ্টেদিয়ামৰ পৰা ওলাই অহা ২৫ হাজাৰ মানুহৰ প্ৰায় ২০ হাজাৰ মানে গতি কৰিলে মেট্ৰো ষ্টেচনলৈ। ইমান মানুহক একেলগে ষ্টেচনত সোমাব দিয়া সম্ভব নাছিল সেয়েহে ষ্টেচনৰ বাহিৰত পুলিছে খুব পৰিকল্পিত ভাবে মানুহৰ ভিৰ নিয়ন্ত্রণ কৰিছিল। প্ৰায় ১০ মিনিট মান আমিও অপেক্ষা কৰিবলগীয়া হয়। ৰাতি প্ৰায় ১২ বজাত আমি ঘৰ পালো। লগত লৈ আহিলো এটা পাহৰিব নোৱাৰা অভিজ্ঞতা।