সৰ্বানন্দ সোণোৱালৰ পচন্দ ভবেশ কলিতা

1459

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তণ স্বয়ংসেৱক আৰু বৰ্তমানৰ বিজেপি নেতা তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই বিজেপি দলৰ সিংহভাগ কৰ্মীয়ে আশা কৰাৰ দৰেই সভাপতি নিৰ্বাচিত হ’ল । নিৰ্বাচনৰ পিছতেই বিজেপিৰ ভিতৰচৰাত ভবেশ কলিতাৰ নাম ওলাইছিল সভাপতি পদৰ বাবে । কাৰণ প্ৰাক্তণ সভাপতি ৰঞ্জিত দাসে দলত সময় দিয়া কৰ্মীক উচিত স্থান দিব নোৱাৰিলে । যোৱা চৰকাৰত তেওঁ এজন প্ৰভাবশালী মন্ত্ৰীৰ ৰাৱাৰ ষ্টাম্প হিচাপে কাম কৰা বুলিও দলৰ ভিতৰচৰাত ওলাইছিল । ‘ সেৱাই সংগঠন ‘ নীতিৰ ফুলজাৰী মৰা নেতাই যেতিয়া নিজৰ সমষ্টি ত্যাগ কৰি সহজ সমষ্টিৰ পৰা বিধায়ক হৈ মন্ত্ৰীসভা পায়  তেতিয়া ৰাষ্ট্ৰ প্ৰথম ব্যক্তি শেষত শ্লোগানো সেমেকা হৈ পৰে । সৰভোগ সমষ্টিত বৰ্ষীয়ান নেতা শংকৰ দাসৰ পৰাজয়ৰ মাৰ্জিন অতি কম হোৱাৰ পিছতেই দলৰ আভ্যন্তৰিণ পৰ্যালোচনাত ৰঞ্জিত দাসৰ ভুমিকাত বহু নেতাই খেদ প্ৰকাশ কৰিছে । বিশেষ সুত্ৰৰ পৰা পোৱা খৱৰ মতে ৰঞ্জিত দাসে নিজে যদি সৰভোগৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ল হেঁতেন তেন্তে বিজেপিয়ে কম মাৰ্জিনত হলেও জয়ী হ’লহেঁতেন । কিন্তু মন্ত্ৰীত্ব প্ৰত্বাশী নেতাজনে অলপো ৰিক্স লবলৈ ইচ্ছা নকৰিলে । সাংসদ পল্লব লোচন দাসৰ পৰা আৰম্ভ কৰি কৃষ্ণমনি চুতীয়াৰ দৰে বিজেপিত অনভিজ্ঞ ব্যক্তিক দলত গুৰুত্বপুৰ্ণ স্থান দিয়া কাৰ্য্যক বহু পুৰণি কৰ্মীয়ে সহজ ভাবে লোৱা নাছিল , তথাপি চৰকাৰখনৰ পৰা সুবিধা লাভ কৰাৰ আশাত কোনেও ৰাজহুৱাকৈ মুখ খোলা নাই । চৰকাৰ গঠন হোৱাৰ পিছতেই সম্পুৰ্ণ আকাংক্ষিত ভাবেই মুখ্যমন্ত্ৰী পদত হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰীৰ দায়িত্ব  ৰঞ্জিত দাসৰ ৰাজ অভিষেক হয় । ৰঞ্জিত দাসৰ আসন্ন বিদায়ৰ পিছত কোন হ’ব পৰৱৰ্তী সভাপতি তাকে লৈ বিজেপিৰ ভিতৰচঁৰাত লবি কেন্দ্ৰীক ৰাজনীতি তৎপৰ হৈ পৰে । মুখ্যমন্ত্ৰীয়ে কামাখ্যা প্ৰসাদ তাচা বা  দিলীপ শইকীয়াই দায়িত্ব পোৱাটো বিচাৰিছিল যদিও বিজেপিৰ এটা ফৈদে বিচাৰিছিল যে এজন নিৰপেক্ষ ব্যক্তিয়ে দলৰ সভাপতিৰ দায়িত্ব লওক । সংঘ পৰিয়ালে নিৰ্বাচনৰ পুৰ্বেই ভবেশ কলিতাৰ পদোন্নতিক গ্ৰীণ চিগনেল দি থৈছিল , কিন্তু সভাপতি নিৰ্বাচনত তেওঁলোকে প্ৰত্যক্ষ ভুমিকা লোৱাৰ পৰা আঁতৰত থাকে। ভবেশ কলিতাৰ পদোন্নতিত বিশেষ ভুমিকা লোৱা ব্যক্তিজন হৈছে প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।  নাম প্ৰকাশত অনিচ্ছুক এজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাই ব্যক্ত কৰা মতে দাদা ব্ৰিগেদৰ শৰণাগত হোৱা ব্যক্তিক সোণোৱালে সভাপতি পদত বিচৰা নাই । দলৰ শীৰ্ষ আৰু বৰ্ষীয়ান নেতা সকলেওচৰকাৰৰ ওপৰত দলৰ প্ৰভাব শক্তিশালী হোৱাটো বিচাৰে । টিকট কটা যোৱা বিধায়ক , মন্ত্ৰী নোপোৱা  বিধায়ক , দলৰ পৰা এলাগী হোৱা নেতা , সংসদীয় সচিব হৈ ভিআইপি হোৱাৰ আশা নিৰ্বাপিত হোৱা নেতা সকলৰ সিংহভাগেই সৰ্বানন্দ সোণোৱালক সমৰ্থন দিছিল । যাৰ ফলশ্ৰুতিত ভুৱনেশ্বৰ কলিতাৰ পিছতেই ৰঙিয়া সমষ্টিৰ পৰা পুনৰ এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি নিৰ্বাচিত হয় ভবেশ কলিতা। আগন্তুক পাঁচ বছৰত ভবেশ কলিতাই চৰকাৰ আৰু দলৰ মাজত কেনেকুৱা সম্পৰ্ক সৃষ্টি কৰে লক্ষণীয় হব । চৰকাৰৰৰ  পৰা পোৱা সভাপতি কোটাৰ চাকৰি , ঠিকা -ঠুকুলিৰে নিজৰ ক্ষমতা আৰু ঐশ্বৰ্য্য বৃদ্ধি কৰি থাকিব নে ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে কৰ্মী সৃষ্টি কৰিব সেয়া জানিবলৈ কিছুমাহ অপেক্ষা কৰিব লাগিব ।