‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
বিজেপিয়ে পৰিকল্পনাৰ আধাৰত ভুপেন বৰাক হিৰো বনাব ধৰিছে নেকি ? বৰ্তমান চৰকাৰৰ অন্যতম মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু কংগ্ৰেছ সভাপতি ভুপেন বৰাৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈছে । পীয়ূষ হাজৰিকা আন দহজনৰ দৰে সাধাৰণ মন্ত্ৰী নহয় । তেওঁ মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠ ব্যক্তি । মুখ্যমন্ত্ৰীৰ দৃষ্টি নিবন্ধ থকা এই চৰ্চাই ভুপেন বৰাক তেওঁৰ প্ৰতিদ্বন্দ্বী আন কংগ্ৰেছী নেতাৰ তুলনাত অধিক জনপ্ৰিয় কৰি তুলিব বিজেপি ভোটাৰৰ মাজত । একেৰাহে তিনিবাৰ পৰাজিত হোৱা ভুপেন বৰাৰ দৰে নেতাক ৰিপুন বৰা , প্ৰদ্যুত বৰদলৈ,ৰকিবুল হুছেইনৰ দৰে নেতাৰ পৰা সুৰক্ষিত ৰখাৰ স্বাৰ্থত বিজেপিয়ে ভুপেন বৰাক নায়ক বনাই আছে । বিৰোধী বিজেপি দলে যিমানেই সমালোচনা কৰিব সিমানেই ভুপেন বৰাৰ স্থান কংগ্ৰেছত নিগাজী হৈ থাকিব । কবিতা আবৃত্তি কৰা বিষয়টো এই পৰিকল্পনাৰ অংশ বিশেষ । ভুপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ছোৱাত চেৰমান আলিৰ দৰে মুছলমান সংখ্যালঘু বিধায়কে কংগ্ৰেছ ত্যাগ কৰি এআইইউদিএফ বা এআইএমআইএমৰ দৰে দলত যোগ দিব আৰু অমুচলমান নেতা সকলে কংগ্ৰেছৰ পৰা বিজেপিত যোগ দিয়াৰ পৰিবেশ বিজেপিয়ে কৰিবলৈ চেষ্টা কৰি আছে ।