ধৰ্ষণ আৰু ৰাজনীতি-এক চমু অবলোকন

3037

বুবুল ঠাকুৰীয়া


বৰ্তমান অসমত চলি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ ওপৰত সপক্ষে আৰু বিপক্ষে ধুমুহা বতাহ। অসমৰ খিলঞ্জীয়া মানুহখিনিৰ ভয় যে বিপুল ভোটত জয়ী কৰি অনা চৰকাৰখনে হিন্দু বাংলাদেশীক বৰপীৰা দি আদৰি অনাৰ চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত!আমাৰ ভয় অসমীয়া ভাষাও যেন বিলুপ্ত হব! প্ৰবল গণবিৰোধত এইখন বিধেয়কৰ কি হয় সময়তহে দেখা যাব।এতিয়া আহোঁ এই বিষয়টো চৰ্চালৈ অহাৰ আগতে অসম কঁপি আছিল ধৰ্ষণ কাণ্ডক লৈ। নগাওঁ ত এজনী ৫ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি জ্বলাই দি হত্যা কৰা ঘটনাক লৈ। তাৰ আগতে  ধুবৰীৰ তামৰহাত,সৰভোগ,ধিং আদি অঞ্চলৰ এনেবোৰ ধৰ্ষণৰ ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছিল।এক সমীক্ষা মতে ২০১৬ চনৰ পৰা অসমত নাৰীজনিত অপৰাধ হৈছে ৮৭৭১ টা,তাৰে ভিতৰত ৩০০৯ টা ধৰ্ষণৰ ঘটনা! কিন্তু দুখৰ বিষয় যে মাত্ৰ ৭৪ জনহে অপৰাধী হিচাপে দোষী সাব্যস্ত হৈছে!!পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে ভাৰতত প্ৰতি ১১ মিনিটত এজনীকৈ নাৰী ধৰ্ষিতা হয়।আৰু অসম দেশৰ ভিতৰতে ২ য় স্থানত আছে।বৰ দুখজনক আৰু বৰ লজ্জাজনক।আৰু দেশত হোৱা ধৰ্ষণৰ ঘটনাৰ হেনো শতকৰা ৮৫ ভাগেই এটা বিশেষ ধৰ্মৰ মানুহৰ দ্বাৰা ঘটিছে। ইয়াৰ মূল কাৰণ হিচাপে কব পাৰি অনগ্ৰসৰ অঞ্চল,শিক্ষা-দীক্ষাত পিছপৰা, কুসংস্কাৰ, অন্ধবিশ্বাস, জনসংখ্যাৰ ক্ৰমবৰ্ধিত হাৰ,ধৰ্মৰ নামত বিজ্ঞানৰ প্ৰয়োজনীয়তা উপলদ্ধি নকৰা,প্ৰকৃত যৌন-শিক্ষা লাভৰ পৰা বঞ্চিত ইত্যাদি নানানটা কাৰণ। এতিয়া আহোঁ আন এক প্ৰসংগলৈ যিটোৱে সমাজ,জিলা,বা ৰাজ্য এখনক সোঁফালৰ পৰা বাওঁ ফালে ঢাল খুৱাবলৈ বেছি পৰ নালাগে। হয় কব খুজিছো ৰাজনীতিৰ কথা। ভোটবেংকৰ স্বাৰ্থত এটা দলে এটা বিশেষ সম্প্ৰদায়ক বুকুৰ মাজত লোৱা আন এটা দলে দলিয়াই দিয়া ইত্যাদি কথা। এতিয়া ধৰ্ষণৰ লগত ৰাজনীতি কেনেকৈ জড়িত হ’ল আৰু অসমত ঘটা সৰ্বাধিক ঘটনা ঘটিছে বাংলাদেশী মূলৰ মুছলমানৰ দ্বাৰা,যিটো বহুবছৰ আগৰ পৰাই অবাধে প্ৰব্ৰজন হৈ আছিল!! অসমৰ গৰু আৰু বাংলাদেশী মানুহ সমানুপাতিক হাৰত এক্সপোৰ্ট-ইমপৰ্ট হৈ আছিল! আৰু তাৰফলত সৰ্বাধিক চুৰি-ডকাইতি, ধৰ্ষণৰ লেখীয়া ঘটনাৰ বৃদ্ধি পাইছিল। কিন্তু এটা কথা উল্লেখযোগ্য যে আগতেও ঘটিছিল ধৰ্ষণৰ ঘটনা কিন্তু ইমান বেছি নাছিল। এতিয়া কেঁচুৱাৰ পৰা ষাঠি বছৰীয়া বৃদ্ধা লৈ কোনো বাছি নাযায়! ঘটনাবোৰৰ গভীৰতালৈ গলে এটা কথা স্পষ্ট হয় শাসনত থকা চৰকাৰৰ বদনাম গাবলৈ বিৰোধীয়ে নাইবা শাসনত থকা চৰকাৰ খনে কিছুমান বিক্ষিপ্ত ঘটনাৰ গাপ দিবলৈ নিজেই এনে কিছু ঘটনাৰ সৃষ্টি কৰা যেন অনুমান হয়! এতিয়া কোনটো কিমান গ্ৰহনযোগ্য আৰু যুক্তিসন্মত সময়তহে গম পোৱা যাব।কিন্তু এটা কথা খাটাং যে ৰাজনৈতিক দলবিলাকৰ ক্ষমতা লাভৰ স্পৃহাই ধৰ্ষণৰ দৰে ঘটনা সৃষ্টিত যে অনুঘটক হিচাপে কাম কৰিছে তাক নুই কৰিব নোৱাৰি।এচামে অসমলৈ আহি কেৱল ভোট দিব পাৰিলেই হ’ল কাম খতম!হৈ গল অসমৰ নাগৰিক। বাঢ়ি গ’ল অপ-কৰ্ম, বাঢ়ি গ’ল ধৰ্ষণ। সেইবোৰক স্থাপন কৰাৰ দায়িত্ব কোনোবা মন্ত্ৰী নাইবা বিধায়কেই লয়, যাৰ বিৰুদ্ধে খিলঞ্জীয়াই মাত মাতিও একো কৰিব নোৱাৰে! ৰাতিৰ ভিতৰতেই একোখন গাঁওৰ সৃষ্টি হৈ যায় আৰু ভুক্ত ভোগী আমাৰ মা-বাই-ভনী কিম্বা নিজৰ ছোৱালী হয়! এনে ঘটি থাকিলে সোণৰ অসম গুচি সোনাৰ বাংলা হবলৈ বেছি দিন বা বছৰ নালাগিব।গতিকে ধৰ্ষণৰ দৰে ঘটনাৰ হাৰ কমাবলৈ হলে সকলো ৰাজনৈতিক দল বা সংগঠন এক হৈ ইয়াৰ বিৰুদ্ধে সকলো স্তৰৰ ৰাইজক সজাগ কৰিব লাগিব।চৰকাৰ আৰু আইন অধিক কঠোৰ হব লাগিব।তেতিয়াহে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সমাজৰ পৰা নাইকিয়া হব! ৰাজনীতিৰ উৰ্দ্ধত নাগৰিকৰ সুৰক্ষা হব লাগিব তেতিয়া অসমত এনে ঘটনা লাহে লাহে হ্ৰাস পাব বুলি অনুমান কৰিব পাৰি।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com