অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি : কনকসেন ডেকা : খণ্ড ২

2810

যোবা খণ্ডৰ পিছৰ পৰা –

কনকসেন ডেকা


সদৌ অসম ছাত্ৰসন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত সুচনা হোৱা আন্দোলনৰ নেতৃত্বই দাবী কৰে যে ১৯৮৩ ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগা নিৰ্বাচন এখন শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিত হ’ব লাগিব; কিন্তু কংগ্ৰেছ দলে ইয়াক মানি নলয়। অবৈধ বিদেশীৰ নাম বাতিল নকৰাকৈয়ে নিৰ্বাচনী আয়ুক্তই নিৰ্বাচন পতাৰ বাবে ১৯৮৩ ৰ জানুৱাৰীত জাননী দিয়ে আৰু পৰৱৰ্তী ফেব্ৰুৱাৰী মাহৰ ১৪, ১৭ আৰু ১৮ তাৰিখ নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়, অথচ ১৯৮০ ৰ জানুৱাৰী মাহত লোকসভাৰ মধ্যৱৰ্তীকালীন নিৰ্বাচন শুদ্ধ ভোটাৰ তালিকা অবিহনে নাপাতিবলৈ চৰকাৰে সিন্ধান্ত লৈছিল। কিন্তু ৰাইজৰ হেঁচাত অসম উপত্যকাতেই নিৰ্বাচন অনুষ্ঠিত নহ’ল। বৰাক উপত্যকাৰ দুখন আসনৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচিত সদস্য দুগৰাকীয়ে শপত লোৱা ২১ জানুৱাৰীৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰা হয়। ১৯৮০ পৰা ৮৩ লৈকে আন্দোলনৰ কাৰ্যসূচী হিচাপে অসম বন্ধ, পথ বন্ধ, গণ সমাবেশ, নিষ্প্ৰদীপ, শোভাযাত্ৰা, অনশন, পিকেটিং, জনতা সান্ধ্য আইন আৰু তেল মৰাপাট, প্লাইউদ, কাঠ, বাঁহ আদিৰ ক্ষেত্ৰত অবৰোধ কাৰ্যসূচী লোৱা হয়। আনহাতে নিৰ্বাচন বিচৰা কংগ্ৰেছী নেতা সকলৰ বক্তব্য হ’ল অসমত হোৱা জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিক নহয়। গতিকে নিৰ্বাচন অনুষ্ঠিত হোৱাত বাধা থাকিব নালাগে। কিন্তু প্ৰকৃত তথ্যৰ ওপৰত দৃষ্টিপাত কৰিলে দেখা যায় যে ১৯৫২-১৯৭০ ৰ কালছোৱাত ভোটদাতাৰ বছৰি বৃদ্ধিৰ গড় আছিল ১১৩.১৮৭, ১৯৭০-১৯৭১ ৰ কালছোৱাত হয় ৩১৫.০৭৭। বৃদ্ধিৰ হাৰ প্ৰায় তিনিগুণ। উল্লেখযোগ্য যে চৰকাৰৰ ফালৰ পৰা ১৯৮০ ৰ নৱেম্বৰত সংসদত আৰু ১৯৮২ ৰ জুনত নিৰ্বাচনী আয়োগে স্বীকাৰ কৰে যে অসমত ভোটদাতাৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি পোৱাতো সঁচা আৰু শুদ্ধ ভোটাৰ তালিকা অবিহনে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত নহব।

১৯৭৯ চনৰ পৰা নিৰ্বাচন ঘোষণাৰ সময়লৈকে প্ৰথমবা্ৰৰ বাবে হাজোত এজন পুলিচ নিহত হয়। সেই অঞ্চলতেই সংৰক্ষিত পুলিচ বাহিনীৰ হাতত পোন প্ৰথমবাৰৰ বাবে ধৰ্ষিতা হয় এগৰাকী মহিলা। তৎস্বত্বেও যিকোনো প্ৰকাৰে নিৰ্বাচন প্ৰতিহত কৰিবলৈ আন্দোলনৰ নেতৃত্বই চেষ্টা অব্যাহত ৰাখে। ৰাজ্যজুৰি বন্ধ, পথ বন্ধ, নিস্প্ৰদীপ, সভা, শোভাযাত্ৰা আদি কাৰ্যসূচী লোৱা সত্বেও অসম বিধান সভাৰ ১২৬ টা সমষ্টি আৰু লোকসভাৰ ১২ খন আসনৰ নিৰ্বাচনৰ কাৰণে নিৰ্বাচনী আয়োগে ১২ জানুৱাৰীত জাননী জাৰি কৰে। এইদৰে আৰম্ভ হয় নিৰ্বাচনী প্ৰক্ৰিয়া। এই কাৰ্যসূচী অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ ১৯ জানুৱাৰী আৰু মনোনয়ন পৰীক্ষাৰ তাৰিখ ২০ জানুৱাৰী আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ২২ জানুৱাৰী ধাৰ্য কৰা হয়। অসম চৰকাৰৰ বিশেষ গেজেট এখনতো এই জাননী প্ৰকাশ কৰা হয়। লোকসভাৰ ধুবুৰী, মঙলদৈ, তেজপুৰ, নগাওঁ আৰু কলিয়াবৰ সমষ্টিত দুদিনীয়াকৈ আৰু গুবাহাটী, বৰপেটা, কোকৰাঝাৰ, যোৰহাট, লক্ষীমপুৰ আৰু ডিব্ৰুগড় সমষ্টিত তিনিদিনিয়াকৈ ভোট গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা হয়। বিধানসভাৰ ১২৬ খন আসনৰ ৬২ খনত ১৪ ফেব্ৰুৱাৰীত, ৩৭ খনত ১৭ ফেব্ৰুৱাৰীত আৰু ২৭ খনত ২০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ তাৰিখ ঠিক কৰা হয়।

নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে জনতা দল, ভাৰতীয় জনতা লোক দল (চি) আদিয়ে নিৰ্বাচন বিৰোধী প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। ভাৰতীয় জনতা দলৰ যশোবন্ত সিং, বংশীলাল চোনী, অটল বিহাৰী বাজপেয়ী, লোকদল (চি) ৰ এচ. এন. মিশ্ৰ আদি নেতাই ভাষণ প্ৰসংগত কয় যে ১৯৭০ চনৰ চনৰ অসংশোধিত ভোটাৰ তালিকাৰে এই নিৰ্বাচনত ভোট গ্ৰহন কৰা হব। এই ভোটাৰ তালিকাত লাখ লাখ খিলঞ্জীয়া নাগৰিকৰ নাম নাই, কিন্তু বহুসংখ্যক বিদেশীলোকৰ নাম আছে। সদৌ অসম ছাত্ৰ সংন্থা, সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নিৰ্বাচন বিৰোধী প্ৰচাৰ পত্ৰেৰে অসম ভৰি পৰিল।

অসমৰ চৰকাৰী বেচৰকাৰী সকলো ছপাখানাই ভোটাৰ তালিকা ছপাবলৈ অসন্মত হোৱাত বাংলা হৰফেৰে কলিকতাত ভোটাৰ তালিকা ছপোৱা হ’ল। ভোটাৰৰ সংখ্যা ৯২ লাখ। আন্দোলনকাৰীৰ মতে ভোটাৰ তালিকাত অভাৰতীয় লোকৰ সংখ্যা ৮ লাখ আৰু চৰকা্ৰৰ মতে মাথোন ৮০ হাজাৰ। ভোটাৰ তালিকাত অসমৰ যিসকলৰ বয়ষ ২৫ বছৰ বা ওপৰত সেইসকলৰহে নাম সন্নিবিষ্ট কৰা হয়। উল্লেখ্য যে ১৯৭৯ চনৰ যিখন ভোটাৰ তালিকাৰ কাৰণে আন্দোলনকাৰীয়ে ১২ টা লোকসভা সমষ্টিত নিৰ্বাচন পতাত বাধা দিছিল আৰু যিখন ভোটাৰ তালিকা সংশোধন কৰাৰ উপায় উলিয়াবলৈ নতুন দিল্লিয়ে তিনিবছৰ ধৰি আন্দোলনকাৰীৰ সৈতে আলোচনাও কৰিলে, সেইখন অশুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিতে ৮৩ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা হ’ল। নিৰ্বাচনত আইনমতে ভোটাৰ তালিকা প্ৰকাশ কৰা নহ’ল। খচৰা ভোটাৰ তালিকা ৰাইজে দেখিবলৈ নাপালে। নিৰ্বাচনত ভাৰতীয় নাগৰিকসকলৰ প্ৰায়ভাগেই ভোট দিবলৈ নাপালে। অসমৰ পৰা এই অবধৈ নিৰ্বাচন প্ৰত্যাহাৰ কৰাৰ দাবীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকা্ৰৰ কৰ্মচাৰীসকলে ৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈকে অসহযোগ পালন কৰে। উদ্যোগ, চিত্ৰগৃহ, বাছ, চিটিবাছ, সমবায়, ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলেও এই অসহযোগত যোগদান কৰে। অসহযোগৰ সময়ছোৱাত কাৰ্যলয়ত উপস্হিত নথকাৰ বাবে চৰকাৰে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক নিলম্বন, বদলি, বৰ্খাষ্ত আদি কৰে।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com