২০১৯ বনাম ২০২৪ৰ নিৰ্বাচন

155
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০১৪ চনত কংগ্ৰেছ চৰকাৰৰ প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু মোদী মেজিকে বিজেপিক একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিল। অসমতো বিজেপিয়ে ৭ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৯ত কংগ্ৰেছে যুঁজ দিছিল ৰাহুল গান্ধীৰ নেতৃত্বত। কংগ্ৰেছে আশা কৰিছিল যে ৫ বছৰত মোদী চৰকাৰে কৰা কামত অসন্ত্তষ্ট হৈ ৰাইজে কংগ্ৰেছক আদৰি ল’ব। সেইসময়ত অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল ৰিপুণ বৰা। সুশান্ত বুঢ়াগোহাঁই, গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, ববিতা শৰ্মা, ভানু, সুস্মিতা দেৱ, আব্দুল খালেককে আদি কৰি কংগ্ৰেছৰ আছিল বহু কেইজন শক্তিশালী প্ৰাৰ্থী। অসম কংগ্ৰেছৰ পৰামৰ্শদাতা হিচাপে আছিল তৰুণ গগৈ। বিজেপিৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আছিল যদিও নিৰ্বাচনৰ প্ৰধান সেনানী আছিল সেইসময়ৰ বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। কাৰ উকমুকনিত দহি থকা ৰাজ্যখনত শৰ্মাই নাচি বাগি বিজেপিৰ সপক্ষে বতাহ বলাবলৈ সক্ষম হৈছিল। কংগ্ৰেছে আশা কৰিছিল ৫ খন আসন যদিও ৩ খন অসনতে সন্তুষ্ট থাকিব লগীয়া হৈছিল। মুছলমানৰ ব্যাপক সমৰ্থনৰ বাবে কলিয়াবৰ, বৰপেটা আৰু নগাওঁত দলে শেষ হাঁহি মাৰিছিল। মুলসুতিৰ লোকৰ যঠেষ্ট ভোট দলটোৱে যোৰহাট, তেজপুৰ আৰু নগাওঁত লাভ কৰিছিল।

যোৱা ৫ বছৰত বহু কংগ্ৰেছ নেতাই মোট সলালে। ৰিপুণ বৰা, অজন্তা নেওগ, ৰূপজৌতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই, সুস্মিতা দেৱকে আদি কৰি বহুত দিঘলীয়া তালিকা। ২০১৯ত কংগ্ৰেছ নেতাসকলক জয়ী হ’ব পৰা আসনৰ কথা সুধিলে তেওঁলোকে কৈছিল _ যোৰহাট, তেজপুৰ , গুৱাহাটী, শিলচৰ, কলিয়াবৰ,বৰপেটা আৰু নগাওঁৰ কথা। এইবাৰ তেওঁলোকৰ যেন দুখনেই টাৰ্গেট। যেনেতেনে যোৰহাট আৰু নগাওঁ জয়ী হ’ব পাৰিলেই যেন শেষ ৰক্ষা। বহু নেতাই কংগ্ৰেছত ভবিষ্যত দেখা নাপাই পলায়ন কৰিলে। থকাখিনিৰো কিমান আচল কংগ্ৰেছী আৰু কিমান মুখ্যমন্ত্রীৰ এজেন্ট তাক জনা সম্ভব নহয়। মুখ্যমন্ত্রীয়ে কংগ্ৰেছ দলটো থানবান কৰি দিলে। ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। তাৰ পিছত কংগ্ৰেছত আৰু কিমান খহনীয়া হ’য় সেয়া লক্ষণীয় হ’ব।