- শিৱ প্ৰসাদ শৰ্মা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
অসমৰ সহজ সৰল অসমীয়াই বিহু ধৰ্মীয় নে ভাষীক সংস্কৃতি তাকেলৈ হুলস্থূল কৰি থাকোতেই অসমত নিৰৱে চলি আছে তবলিগি আৰু দ্বিনি জলচা । তবলিগিৰ লগত জড়িত খিনি সামাজিক মাধ্যমত শান্ত । অমুচলমান তেওঁলোকৰ কাৰণে বিচাৰ্য্য বিষয় নহয় । তেওঁলোকৰ মুল টাৰ্গেট হৈছে মুচলমান ব্যক্তি এজনক কেনেকৈ অধিক গোড়া মুচলমান কৰা যায় । তবলিগিৰ বক্তাবোৰ মিহি। জলচাৰ বক্তাবোৰ উগ্ৰ! তবলিগিৰ বক্তাবোৰে আৱেগ উতলোৱা ভাষণ দিয়ে। জলচাৰ বক্তাবোৰে তেজ উতলোৱা ভাষণ দিয়ে। তবলিগিৰ বক্তাবোৰে মুছলমান আৰু অমুচলমানৰ মাজত পাৰ্থক্য “কমি যোৱা”ৰ কাৰণে দুখ কৰে। জলচাৰ বক্তাবোৰে মুছলমান যোদ্ধাবোৰে অতীতত কৰা অসীম ত্যাগৰ কথা কৈ মুমিনৰ প্ৰাণ উতলা কৰে। তবলিগিত জেহাদৰ কথা কোৱা নহয় কিন্তু মুমিনক মিহি মিহি কথাৰে মন ভুলাই লাহে লাহে অতি উগ্ৰ হোৱাৰ কাৰণে প্ৰস্তুত কৰি তোলে। জলচাত মুছলমান বীৰৰ কথা কোৱা হয়। অতীত কালত মুছলমানৰ তেজ ইছলামৰ নামত কিমান গৰম আছিল তাৰ কাহিনী কোৱা হয়। এনেকৈ জলচাত জেহাদৰ কথা আওপকীয়াকৈ কোৱা হয় যাতে আইনী জঞ্জালত সোমাই নপৰে! তবলিগিত সাধাৰণ সুৰত কথা কোৱা হয়। জলচাত অসমীয়া/বাংলা কথাবোৰ প্ৰায়ে আৰবী ভাষাৰ সুৰত কোৱা হয় ।
শিক্ষিত তবলিগিবোৰ এটা সময়ত জাকিৰ নাইক আৰু চলাফিবাদৰ প্ৰতি আকৃষ্ট হৈ পৰে! তেওঁলোকে জলচা আৰু তবলিগিৰ উদ্দেশ্য একে বুলি বুজি পাবলৈ সক্ষম হয়। তেওঁলোক নিজেই জলচাৰ সংগঠক হৈ পৰে! ইছলাম আৰু মুছলমান বিপদগ্ৰস্ত বুলি মুছলমান সহজ-সৰল ৰাইজক বুজাবলৈ আৰম্ভ কৰে কিন্তু নিজৰ সমাজখনৰ সমস্যা সম্পৰ্কে প্ৰায় নীৰৱ হৈ থাকে । উল্লেখ্য যে স্বয়ং আৰৱেই তবলিগিক মক্কা-মদিনাত নিষিদ্ধ কৰি থৈছে , তেওঁলোকৰ যুক্তি হ’ল তবলিগিয়ে সন্ত্ৰাসবাদক উদগনি যোগায় ।