ভাৰতত হিন্দু নিগৃহীত হ’লে সকলো মৌন কিয় ?

741
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


তথাকথিত ধৰ্মনিৰপেক্ষতাৰ আৱৰণখনে সততে বিপাঙত পেলাই আহিছে হিন্দু প্ৰধান দেশ ভাৰতবৰ্ষক।অন্য ধৰ্মাৱলম্বী ভাৰতীয়সকলক ঢাল বনাই সতৰ্পনে দুষ্কৃতিত লিপ্ত বিদেশী মদতপুষ্ট চক্ৰ।যাৰ কু অভিসন্ধি আৰু ষড়যন্ত্ৰত ভোল গৈছে একাংশ অন্য ধৰ্মাৱলম্বী ভাৰতীয় নাগৰিকো। অথচ সেইসকলৰ সৈতে হিন্দুপ্ৰধান ভাৰতবৰ্ষই সদায় সহনশীলতা আৰু সমভাৱ পোষণ কৰি আহিছে।যি সময়ত বুলন্দ আৱাজেৰে গৰজি উঠে সংখ্যালঘুৰ পক্ষত তথাকথিত মানৱ অধিকাৰ কৰ্মী সকল সেই একেই ভূমিকাত দেখা নাযায় হিন্দু প্ৰধান ভাৰতত হিন্দু নিগৃহীত হ’লে।কিয়?
সংখ্যালঘূ সকলে নিৰাপদ ভাৱে ভাৰতত বসবাস কৰি অহাৰ কথা স্বয়ং সিবিলাকেই স্বীকাৰ কৰাৰ পিছতো সামান্য ক’ৰবাত কিবা ধৰণে কোনো এজন সংখ্যালঘু নিপীড়িত হ’লেই লাগি যায় হাহাকাৰ।ন্যাৰ্য ক্ষেত্ৰত আমাৰ আপত্তি নাই কাৰণ সকলোৰে মানৱ অধিকাৰৰ ন্যাৰ্যতা আছে। কিন্তু ধৰ্ষণ কাৰী,নাৰী দেহৰ চোৰাং কাৰবাৰী তথা গৰুচোৰ অথবা জোৰকৈ ধৰ্মান্তৰকৰণকাৰীৰ সপক্ষত যেতিয়া মানৱ অধিকাৰৰ বিয়োগোম প্ৰবক্তা,বিৰাট মেডিয়া অথবা ৰাজনৈতিক সুবিধাবাদী সকল থিয় হয় তেতিয়াই অনুভৱ হয় “দাল মে কুছ কালা হ্যায় নহয় পুৰা দাল হী কালা হ্যায়।”তাতোকৈ ভয়ানক কথা যেতিয়া হিন্দু নিপীড়িত হ’লে,ধৰ্ষিতা হ’লে,ধৰ্মান্তৰকৰণৰ জাল অথবা লাভ জেহাদৰ কৱলত পৰিলে এইসকলে গাতত সোমাই থাকে।জিভা চিলাই ওঠত চেল’ টেপ লগাই এনাৰ্জী সংৰক্ষণ কৰে সন্দেহজনক বিদেশীৰ হৈ পৰৱৰ্তী নাটকবোৰত অংশ ল’বলৈ।
এইসকল বুদ্ধিত বৃহস্পতি চয়তানৰ সাধক সকলে কাশ্মীৰি পণ্ডিতৰ দুখৰ সমভাগী হোৱাৰ যুক্তি নেদেখে কিন্তু ৰোহিংগীয়াৰ সংস্থাপনৰ সপক্ষত।এই সকলে হাইলাকাণ্ডিৰ ঘটনাত মৌন।এই সকলে পশ্চিমবংগৰ অবাধ হিন্দু নিগ্ৰহৰ ঘটনাত নিশ্চুপ।মধ্যপ্ৰাচ্যৰ নিৰ্দেশ অনুসৰিহে যেন নিৰ্দিষ্ট কিছু ঘটনাতহে মানৱ অধিকাৰ ভংগৰ বিৰাট যুক্তি বিচাৰি পায় এওঁলোকে।”ভাৰত তেৰে টুকৰে হোংগে”অথবা “হৰ ঘৰ সে আফজল নিকলেংগে” জাতীয় শ্লোগানক অভিব্যক্তিৰ আজাদী ৰূপে সমৰ্থন কৰি যোৱা তথাকথিত মানৱ অধিকাৰৰ ৰক্ষক সকলৰ হাতত কিমান সুৰক্ষিত ভাৰতীয় গণতন্ত্ৰ অথবা ভাৰতীয় ধৰ্মনিৰপেক্ষতা?ৰাইজে বিবেকেৰে বিচাৰ কৰা উচিত।