অসমত তৃণমূল কংগ্ৰেছৰ ভবিষ্যত নাই

572

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজ্যসভাৰ সাংসদ এজনে বহুতো সা সুবিধা লাভ কৰে। লোকসভাত পৰাজিত হৈ ৰাজ্যসভাৰ পদ বিচৰা নেতাৰ তালিকাখন কংগ্ৰেছৰ বহু দীঘল। কংগ্ৰেছ বৰ্তমান শাসনত আছে দুখন ৰাজ্যত আৰু প্ৰধান বিৰোধীৰ ভূমিকা পালন কৰিছে আন কেইখনমানত। ভাৰতৰ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, তামিলনাডু আৰু অবিভক্ত অন্ধ্ৰত দলৰ কোনো অস্তিত্বই নাই । ফলত ৰাজ্যসভালৈ দলটোৱে মাত্র কেইজনমানকে পঠাব পাৰে। ৰাজ্যসভাৰ লোভত কিছুদিন আগতে সুস্মিতা দেৱ আৰু সদ্যহতে ৰিপুণ বৰাই তৃণমূলত যোগদান কৰে। সুস্মিতাই ইতিমধ্যে দিদিৰ পৰা পুৰস্কাৰ পালে। ৰিপুণ বৰাই হয়তো অনাগত দিনত লাভ কৰিব। ৰিপুন বৰাক অসম তৃণমূলৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হ’ব। কিন্তু প্ৰশ্নটো হ’ল অসমত জানো তৃণমূলৰ কিবা ভবিষ্যত আছে? আমাৰ দৃষ্টিত অসমৰ ৰাজনীতিত তৃণমূলে প্ৰভাব পেলোৱাৰ সম্ভাবনা কম। তাৰ প্ৰধান কাৰণ কেইটা আমি যুগুত কৰি উলিয়াইছো।
১) বংগত তৃণমূলৰ প্ৰধান সমৰ্থক হ’ল মুছলমান সকল। অসমত ইতিমধ্যে মুছলমানৰ নিজা দল এ.আই.ইউ.দি.এফ আৰু নেতা বদৰুদ্দিন আজমল আছে। কংগ্ৰেছো অনেক স্থানত শক্তিশালী। ৰাইজৰ দল, জাতীয় পৰিষদৰো শক্তিশালী মুছলমান নেতা আছে।  তেনে ক্ষেত্রত আন এটা নতুন দলে এই সকলোৰে বাধা নেওচি মুছলমানৰ একচেটিয়া ভোট লাভ কৰাৰ কোনো সম্ভ‍াবনা নাই। যদি সকলো আন সকলো দলৰ  মুছলমান নেতা গৈ তৃণমূলত যোগদান কৰে তেন্তে অবশ্যে সমীকৰণ অলপ বেলেগ হ’ব।
২) তৃণমূলৰ টাৰ্গেট হ’ব হিন্দু বঙালী। কিন্ত দেখা যায় যে অসমত অসমীয়া হিন্দুতকৈও আগতে বঙালী হিন্দুৱে বিজেপিক সমৰ্থন কৰিছিল। অপ্ৰিয় হ’লেও সত্য যে বৰাকত হিন্দু-মুছলমানৰ ইছুত ভোটদান হয় আৰু বিজেপিয়ে হিন্দু বঙালীৰ একচেটিয়া ভোট লাভ কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাটো হিন্দু বঙালীয়ে বিজেপিক বাদ দি আন কাকো ভোটদান নকৰে।
৩) অসমীয়া আৰু বঙালীৰ যুদ্ধখন তীব্ৰতৰ হয় ভাষা আন্দোলনৰ পিছৰ পৰা। অসমত লোকেল নেতা যিয়ে নাথাকক কিয় তৃণমূলৰ প্ৰধান নেত্রী হ’ল মমতা বেনাৰ্জী। মুলসূতিৰ অসমীয়া মানুহে সাধাৰণতে বঙালী এগৰাকীক নিজৰ নেতা ৰূপে মানি ল’বলৈ টান পায়। সেই সুত্রে উজনি অসমতো তৃণমূলে কোনো প্ৰভাব পেলাব নোৱাৰে।
৪) অসমৰ জনবিন্যাস খুব জটিল। কাৰ্বি, মিচিং, বড়ো, বঙালী, অসমীয়া, আহোম, চাহ জনজাতি অদি অসংখ্য ভাগত বিভক্ত। সকলোৰে নেতা বেলেগ ,সমস্যা বেলেগ। এই সকলোৰে মাজত প্ৰভাব বিস্তাৰ কৰিবলৈ যিকোনো দলক কেইবাটাও শতিকা লাগিব।
৫) তৃণমূল কংগ্ৰেছ নিৰ্ভৰশীল একমাত্র মমতা বেনাৰ্জীৰ ওপৰত।  বংগত সদায় মমতা জয়ী হৈ নাথাকে। ২০২৬ত মমতা পশ্চিমবংগত পৰাজিত হ’লে দলো লাহে লাহে শেষ হ’ব। ইয়াৰ কাৰণ হ’ল এই দলটো কোনো আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত দল নহয়। এটা আন্দোলনৰ মাজেদি অহা আৰু এজন সৰ্বেসৰ্বা নেত্রীৰ ওপৰত নিৰ্ভৰশীল দল এটা বহু দশক ধৰি চলি থাকিব বুলি মনে নধৰে।