দেৱব্ৰত শইকীয়া , ভুপেন বৰাও যাব বিজেপিলৈ

815
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


প্ৰাক্তণ অগপ নেতা সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি প্ৰাক্তন কংগ্ৰেছ নেতা হিমন্ত বিশ্ব শৰ্মালৈ দুয়োজনেই বিজেপিৰ টিকটত মুখ্যমন্ত্ৰীৰ আসনত বহিলে । প্ৰফুল্ল মহন্ত , বৃন্দাবন গোস্বামীৰ অগপত সৰ্বানন্দ সোণোৱাল যিদৰে মুখ্যমন্ত্ৰী হোৱাৰ আশা শুন্য আছিল সেই একেদৰে ৰাহুল গান্ধী পৰিয়ালে কোনোদিন হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী নাপাতিলেহেতেঁন । বিজেপি বিগত বছৰৰ চৰকাৰখন আছিল প্ৰাক্তণ অগপ নেতাসকলৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰীসভা আৰু বৰ্তমানৰ চৰকাৰ খন হৈছে প্ৰাক্তণ কংগ্ৰেছ নেতাই নেতৃত্ব লোৱা চৰকাৰ । ভবেশ কলিতা , মৃণাল শইকীয়াৰ বাহিৰে খুব কম সংখ্যক বিজেপি নেতাকহে ৰাইজে এইবাৰ লাইম লাইটত দেখা পাইছে । বাকী প্ৰশান্ত ফুকন , ৰঞ্জিত দাস যিমানেই পুৰণি নহওঁক তেওঁলোকৰ গাত  ৰাজ্যসভা নিৰ্বাচনৰ দাগ এতিয়াও লাগি আছে । বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাক ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই নিযুক্তি দিছে আৰু সংঘৰ কাৰণে কোন খিনি নেতা পুৰণি বিজেপি আৰু কোন খিনি নতুন বিজেপি সেয়া বিচাৰ্য্য নহয় । তেওঁলোকে বিচাৰে ৰাষ্ট্ৰবাদত বিশ্বাসী এখন চৰকাৰ । পুনৰ আহিছো কংগ্ৰেছ দলৰ বৰ্তমান স্থিতিৰ বিষয়ে । আজমলৰ লগত মিত্ৰতা কৰি কৰি কংগ্ৰেছে কিছু অক্সিজেন পাইছিল কিন্তু অক্সিজেনৰ লগতে বিষাক্ত গেছো কংগ্ৰেছে সেৱন কৰিবলগীয়া হ’ল ।  কংগ্ৰেছ দল এতিয়া হিন্দু ৰাষ্ট্ৰবাদ সমৰ্থন কৰা বিজেপি বিৰোধী ব্যক্তি এজনৰ বাবে আজি কংগ্ৰেছ অস্পৃশ্য । তেনেস্থলত কংগ্ৰেছৰ পৰা অমুছলমান নেতা সকল বিজেপিলৈ যাবলৈ বাধ্য । আৰু জমিয়ত বা আন দেশীয়- আন্তৰাষ্ট্ৰীয় ইচলামী সংগঠনৰ সহযোগ থকা বদৰুদ্দিন আজমলৰ লগত কাম কৰিবলৈ কংগ্ৰেছৰ মুচলমান নেতাসকলে কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য । খিলঞ্জীয়া অসমীয়া মুচলমান নেতাসকলৰ সৰহ সংখ্যকে বিজেপিলৈ যাত্ৰা কৰিব আগন্তুক সময়ত । ৰিপুন বৰাক সমালোচনা কৰি থকা দেৱব্ৰত শইকীয়া , ভুপেন বৰাৰ দৰে নেতাও কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হব । বিস্মিতা গগৈ বিজেপিত আহিবলৈ বাধ্য আৰু বিজেপিত যোগ দিয়াৰ পিছতেই  মৃণাল শইকীয়াই তীব্ৰ প্ৰত্যাহ্বান সন্মুখিন হব । ভুপেন বৰাৰ বিজেপি গমন হৈ পৰিব অমিয় ভুঞাৰ কাৰণে দু:খবৰ । বিজেপিয়ে চৰকাৰ কৰাৰ আগত বিজেপিৰ সীমিত সংখ্যক নেতাৰ কাৰণে আয় আৰু ক্ষমতাৰ উৎস আছিল মাত্ৰ ২-৩ জন সাংসদ , সেই সময়ৰ পৰা আহি আজিৰ হিমন্ত বিশ্ব শৰ্মা যুগত উপস্থিত হোৱা নেতা সকলে কল্পনাৰ পৃথিবীত থিয় হৈছে । এইখিনি পুৰণি বিজেপি নেতাৰ তুলনাত কংগ্ৰেছৰ পৰা অহা বিজেপি নেতা খিনি অধিক কৰ্মথ আৰু বুদ্ধিমান । ৰাজনীতিৰ ষ্টাইল দিনক দিনে সলনি হৈ গৈ আছে আৰু এই ষ্টাইলত আগন্তুক সময়ত বহু নতুন মুখে বিজেপিৰ নেতৃত্ব লব আৰু পুৰণিখিনি লাহে লাহে প্ৰাক্তনলৈ ৰূপান্তৰ হব ।