মুখ্যমন্ত্রীৰ টাৰ্গেট – ১৩

771

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


যি সময়ত কংগ্ৰেছে পুৰণি পদ্ধতিৰে ৰাজনীতি কৰি আছে সেই সময়তে বিজেপিয়ে নতুন নতুন পৰিকল্পনা আৰু কৌশলেৰে ভোট আদায়ৰ চেষ্টা কৰিছে। ফলাফল সকলোৰে সন্মুখত আছে। ২০২৪ লোকসভাৰ নিৰ্বাচনলৈ মাজত দুটা বছৰ আছে যদিও বিজেপিয়ে ইয়াৰ বাবে কাম ‍আৰম্ভ কৰি দিছে। বিভিন্ন প্ৰতিষ্ঠানক চাৰ্ভে কৰিবলৈ দি বিজেপিয়ে নিজৰ সাংসদ সকলৰ জনপ্ৰিয়তা জুখি চাব যদিও খুব কম সংখ্যকৰহে টিকট কটা যাব পাৰে। ইয়াৰ কাৰণ হ’ল অসমত বিৰোধীৰ অস্তিত্ব প্ৰায় শুণ্য। সেয়েহে ৰাম,হৰি,যদু, মধু যাকে টিকট নিদিয়ক কিয় সকলো জয়ী হ’ব। বিজেপিয়ে যিকেইটা সমষ্টিত বিপুল ভোটত জয়ী হ’ব বুলি ভাবিছে সেইকেইটা হ’ল ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ , তেজপুৰ, যোৰহাট, ডিফু আৰু মংগলদৈ। এইকেইটাত কংগ্ৰেছে দুই নম্বৰ স্থানৰ বাবে তৃণমূল আদি দলৰ লগত যুঁজ দিব লাগিব। কুইন ওজাক বাদ দি আন কোনো সাংসদৰ টিকট কটা যোৱাৰ সম্ভাবনা কম। কুইন ওজাৰ স্থানত আঙুৰলতা ডেকাই টিকট পাব পাৰে। আঙুৰলতাক নগাওঁৰ বাবে বিবেচনা কৰা হৈছে যদিও তেওঁ গুৱাহাটীৰ বাবেহে বেছি আগ্ৰহী। সুস্মিতা দেৱ যদি তৃণমূলৰ টিকটত নিৰ্বাচন খেলে তেন্তে তেওঁ ৰাজদ্বীপ ৰয়ক কিছু প্ৰত্যহ্বান দিব যদিও ৰয় ভ‍াল ব্যবধানত জয়ী হ’ব। একমাত্র সংশয় আছে কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ জয়ৰ ওপৰত। কিন্তু কংগ্ৰেছ, এ.আই.ইউ.দি.এফ ,আপ, তৃণমূল আদিৰ মাজত হোৱা মুছলমান ভোট বিভাজনে বিজেপিৰ জয়ৰ পথ প্ৰশস্ত কৰিব বুলি বিজেপি আশাবাদী। বিজেপিয়ে এইবাৰ কোকৰাঝাৰ আসনকলৈও পৰিকল্পনা যুগুত কৰিছে। বিপিএফ আৰু ইউপিপিএলৰ যৌথ সমৰ্থনত নিজৰ দলৰ প্ৰাৰ্থীক জয়ী কৰাব বিচাৰিছে। ইয়াৰ বাবে বিজেপিয়ে সন্ধান কৰিছে এজন যোগ্য বড়ো প্ৰাৰ্থীৰ। নগাওঁ আৰু কলিয়াবৰ কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰিব বুলি আশাবাদী বিজেপি। ৰকিবুল আৰু ৰেকিবুদ্দিনৰ সহায়ত কিছু মুছলমান ভোট নিজৰ পক্ষত ‍আনি আৰু লগতে এআইইউদিএফৰ জড়িয়তে কিছু ভোট বিভাজন কৰাই দুই সমষ্টিতে ব্লু প্ৰিন্ট ৰচিছে বিজেপিয়ে। প্ৰয়োজনত বৰপেটাৰ পৰা এজন মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰি হ’লেও বৰপেটা আসন দখল কৰাৰ পৰিকল্পনা ৰচনা কৰিছে বিজেপিয়ে। বৰপেটা আসনখন খুৱ সহজ নহব কাৰণ কংগ্ৰেছ আৰু এ.আই.ইউ.দি এফৰ ভোটৰ উলম্ব বিভাজন হোৱা স্বত্বেও তাত যোৱাবাৰ অগপ জয়ী হ’ব পৰা নাছিল। ধুবুৰীত বিজেপিৰ কোনো সম্ভাবনা নাই কাৰণে আসনখন অগপক এৰি দিব। অগপক লগতে বৰপেটা নহ’লে নগাঁওৰ এখন আসন এৰি দিব বিজেপিয়ে। নগাওঁত যোৱাবাৰ ৰাজেন গোহাঁইৰ বাবে পৰাজিত হ’ল। মুখ্যমন্ত্রীয়ে যোৱা কিছু দিনত গোহাঁইক যথেষ্ট সন্মান দিছে। বিজেপি নিশ্চিত যে এইবাৰ নগাওঁ পুনৰুদ্ধাৰ হ’ব। ধুবুৰীক বাদ দি আন ১৩খন আসনে লাভ কৰাৰ চেষ্টাত ব্ৰতী হৈছে মুখ্যমন্ত্রী আৰু ইয়াৰ বাবে কাম আৰম্ভ কৰি দিছে।