বিজেপিৰ বুকু হম হম কৰে

801
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


১ খন আসন দখল, ২৪ খন আসনত দ্বিতীয় , মুঠ ১৫% ভোট লাভ। আম আদমী পাৰ্টীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰিয়ে চমকপ্ৰদ ফলাফল দেখুৱালে। মন কৰিবলগীয়া কথা যে এই দলৰ কোনো ছাত্র সংগঠন নাই, বহু টকা পইছা নাই, অসমত ডাঙৰ চেহেৰা নাই। তথাপিও ১৫% ৰাইজে কংগ্ৰেছ বা জাতীয় পৰিষদৰ সলনি ঝাৰুৰ চিহ্নত ভোট দিলে। এইটো আম আদমী দলৰ বাবে এটা বৃহৎ সাফল্য। আপৰ এই চমকপ্ৰদ ফলাফৰ মুখ্য কাৰণ হ’ল তেওঁলোকৰ ব্যতিক্ৰমী ৰাজনীতি। কেজৰীৱালে যেতিয়া কথা কয় তেতিয়া তেওঁৰ চকুত ভাহি উঠে সততা তথা আত্মবিশ্বাস। ‍দিল্লীৰ জনতাই দুবাৰকৈ বিপুল ভোটত মুখ্যমন্ত্রী হিচাপে নিৰ্বাচিত কৰিছে কেজৰীৱালক। যোৱা ৭ বছৰত নিজৰ কৰ্মৰে গোটেই ভাৰতবৰ্ষত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে তেওঁ। ফলত তাৰ সুফল দলে লাভ কৰিছে অসমত। এতিয়া দলটোক অসমত লাগে এজন বিশ্বাসযোগ্য চেহেৰা। কংগ্ৰেছৰ ১৫ বছৰত দুৰ্নীতিৰ বিয়োগম চৰ্দাৰবোৰক ‍অসমৰ ৰাইজে পাহৰা নাই। তাৰ কিছু সংখ্যক এতিয়া বিজেপিত আৰু আন কিছু তৃণমূললৈ গৈছে। ৰাইজ এওঁলোকৰ প্ৰতি বিতুস্ত। ছাত্র সংগঠন কৰি চান্দা সংস্কৃতিৰে বলিয়ান হোৱা ছাত্র নেতাৰ ৰাজনীতি অসমৰ ৰাইজে বহুত দেখিলে। আৰু চোৱাৰ ইচ্ছা নাই। আপ দলৰ এতিয়া অসমত প্ৰয়োজন এজন বাকপটু, কৰ্মদক্ষ, নিকা ভাবমূৰ্তি থকা ৰাজ্যিক সভাপতিৰ। তেনে এজন ব্যক্তি লাভ কৰিলেই আপ ২০২৪ত দ্বিতীয় স্থানৰ বাবে কংগ্ৰেছৰ প্ৰধান প্ৰতিদ্বন্দ্বী আৰু ২০২৬ত  চৰকাৰ গঠন কৰা পৰ্যায়লৈ যাব পাৰে। কেবল মাত্র দলে লক্ষ্য কৰিব লাগে যে কংগ্ৰেছ বা বিজেপিৰ পৰা অহা দুৰ্নীতিৰ চেকা থকা ব্যক্তি তথা ছাত্রৰূপী দালালবোৰক যাতে দলত নলয়। বিজেপিয়ে আপৰ শক্তিৰ উমান পাইছে। সেয়েহে আপক মুছলমানৰ দল বুলি প্ৰমাণ কৰাত ব্ৰতী হৈছে। বিজেপিয়ে ভালদৰে বুজে যে কংগ্ৰেছ ,আজমল বা জাতীয় পৰিষদৰ পৰা তেওঁলোকৰ বিপদ নাই। বিজেপিক অনাগত দিনত অসমত প্ৰত্যাহ্বান জনাব পাৰে একমাত্র আম আদমী পাৰ্টীয়েহে।