অশান্ত কংগ্ৰেছক প্ৰয়োজন প্ৰশান্ত

731
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


প্ৰশান্ত কিশোৰৰ নাম হয়তো মানুহে প্ৰথমবাৰ ভালদৰে শুনিছিল ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত! মোডীজীৰ সেইবাৰৰ নিৰ্বাচন জিকাত গুৰুত্বপূৰ্ণ ভুমিকা আছিল বুলি ব্যাপক চৰ্চা চলিছিল!প্ৰশান্ত কিশোৰে মোডীজীৰ সেইবাৰৰ নিৰ্বাচনক এক অসাধাৰণ বিজ্ঞাপন আৰু পেকেজিঙেৰে আনসকলৰ তুলনা অনন্য কৰি তুলিছিল! অৱশ্যে সেইবাৰেই প্ৰথম নাছিল, তাৰ দুবছৰ আগতে ২০১২ চনতে গুজৰাটত মোডীজীক মূখ্যমন্ত্ৰী ৰূপে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাটো গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল!
অৱশ্যে ২০১৪ চনৰ নিৰ্বাচনৰ পাছত কিশোৰ বিজেপিৰ লগত নাথাকিল! হয়তো ৰাজনীতি আৰু বৃত্তি দুয়োটাকে একেলগ হব নিদিয়াকৈ বা ৰাজনীতিও এক আন বৃত্তি হব পাৰে তাক দেখুৱাবলৈকে ২০১৫ চনত বিজেপিৰ বিৰুদ্ধেই বিহাৰত যুঁজ দি নীতিশ কুমাৰৰ নেতৃত্বত চৰকাৰ গঢ়ি তুলিছিল! এইদৰেই কিশোৰে ভাৰতৰ ৰাজনীতিত ইঠাইৰ পৰা সিঠাইলৈ বৃত্তিগত কাৰণ পৰিভ্ৰমণ কৰি থাকিল! দুই এঠাইত সফল নহল যদিও যতেই হাত দিছে তাতেই সফলতা দেখিবলৈ সক্ষম হোৱাটো প্ৰশান্ত কিশোৰৰ অন্যতম পৰিচয়!
বিশেষকৈ দিল্লীত “আপ”ৰ চৰকাৰ ২০২০ চনত আৰু ২০২১ চনত শেহতীয়াকৈ “মমতা” চৰকাৰ বনোৱাত পোৱা সাফল্য অনন্য! দুয়োবাৰেই বিজেপি দলৰ শক্তিশালী প্ৰচাৰ আৰু নেতৃত্বৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল কিশোৰ! এইবাৰ এইজন প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলৰ লগত কাম কৰিব ওলোৱাৰ কথা বেছ কিছুদিনৰ পৰা চৰ্চাত আছে! আৰু শেহতীয়া খৱৰ মতে প্ৰশান্ত কিশোৰ আৰু কংগ্ৰেছে একেলগে কাম নকৰাটো একপ্ৰকাৰৰ খাটাং হৈ পৰিছে!
২০১৪ চনৰ পৰা একপ্ৰকাৰৰ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা কংগ্ৰেছক পুনৰজ্জীৱিত কৰা তথা ভাৰতৰ ৰাজনীতিত আকৌ এবাৰ প্ৰতিষ্ঠা কৰাটো প্ৰত্যাহ্বানজনক কথা তাত কোনো সন্দেহেই নাই,  তাতে বিজেপিৰ বৰ্তমানৰ যি শক্তিশালী স্থিতি সেই সময়ত এনেকুৱা প্ৰচেষ্টাই কি ৰূপ লয় মন কৰিব লগা কথা হব! প্ৰশান্ত কিশোৰে কি কৰিব পাৰে পাছৰ কথা কিন্তু কংগ্ৰেছ দল যে ভাৰতৰ ৰাজনীতিৰ অন্যতম শক্তি তাত সন্দেহ নাই! কংগ্ৰেছ দলত নেতাৰো যে অভাৱ নাই তাৰ প্ৰমাণ হল কংগ্ৰেছ দলৰ পৰা বিজেপি আদিকে ধৰি বিভিন্ন দলত প্ৰতিষ্ঠা লাভ কৰা কংগ্ৰেছৰ নেতাসকল!
গতিকে প্ৰশান্ত কিশোৰে দায়িত্ব ললে হয়তো কংগ্ৰেছ দলৰ এই শক্তিকেই লৈ কাম আৰম্ভ কৰিব পাৰিলেহেতেন ! আচলতে কংগ্ৰেছ দলে এইবোৰ কাম নিজাকৈও কৰিব পাৰে , কিন্তু প্ৰশান্ত কিশোৰৰ দৰে এজন প্ৰফেচনেলৰ হাতত হয়তো কামবোৰ বেছি উজ্বলতাৰে জিলিকি উঠিলেহেতেন ! কংগ্ৰেছ দলে আজিলৈ নিজৰ দলৰ দুজনকৈ প্ৰধানমন্ত্ৰীক দেশৰ বাবে প্ৰাণ দিয়া দেখা যায়, ভাৰতৰ ৰাজনীতিত এইয়া বিৰল ঘটনা, এইধৰণৰ কথাও যে কিশোৰে নানিব তাক কব নোৱাৰি! আচলতে কংগ্ৰেছক পুনৰ এক নতুন ৰূপত পেকেজিংৰ দৰকাৰ আৰু তাক প্ৰশান্ত কিশোৰে দায়িত্ব পালে তাক কায্যকাৰী কৰিব পাৰিলেহেতেন তাত সন্দেহ নাই! প্ৰশান্ত কিশোৰে দায়িত্ব পালে হয়তো এইবছৰ হব লগা গুজৰাট ইলেকচনক যথেষ্ট গুৰুত্ব দিলেহেতেন, যদিহে গুজৰাট দখল বা গুজৰাটত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সেইয়াই হয়তো হয়তো কংগ্ৰেছৰ পুনৰজ্জীৱিতকৰণৰ প্ৰথম খোজ হৈ পৰিব পাৰে, কাৰণ দল হিচাবে ক্ষমতাত নাথাকিলেও কংগ্ৰেছৰ এক শক্তিশালী সংগঠন আছে! এতিয়া সকলো হেতেন!
প্ৰশান্ত কিশোৰে যেন ৰাজনীতিক আজি আন এক বৃত্তিৰ ৰূপলৈ লাহে লাহে লৈ যাব ধৰিছে তাক আৰু নুই কৰা অসম্ভৱ! বিজেপি, তৃণমূল, সমাজবাদী, আপ, ডিএমকে, জনতা দল, লালু প্ৰসাদৰ দল আদিকে ধৰি কিমান দলৰ লগত কাম কৰা নাই! কিশোৰৰ কাম কাজে লাহে লাহে ভাৰতৰ ৰাজনীতিত আদৰ্শগত ৰাজনীতিৰ কথাবিলাক ন্যসাৎ কৰি তুলিব নেকি? আচলতে ভাৰতৰ ৰাজনীতিত আদৰ্শগত ৰাজনীতিৰ কথাবিলাক আছে নে, সেইয়াও এক প্ৰশ্ন, নহলেনো এটা দলৰ পৰা আন এটা দললৈ ৰাতিটোৰ ভিতৰতে গৈ সেই দলৰ আদৰ্শ হৈ পৰিব পাৰেনে? প্ৰশান্ত কিশোৰৰ দৰে মানুহে হয়তো তাকেই বৃত্তিগত হিচাবে কৰি দেখুৱাইছে! অনাগত দিনবোৰত চাব লগা হব ভাৰতৰ ৰাজনীতি! বিজেপিৰ দৰে বৰ্তমান অপ্ৰতিদ্বন্দি ৰাজনৈতিক শক্তিৰ লগত ৰাজনৈতিক কৌশলী প্ৰশান্ত কিশোৰৰ দৰে মানুহৰ ৰাজনৈতিক যুঁজ যদিহে হয় সেইয়া হয়তো উপভোগ্য হব!