দেশত প্ৰায় ৭০ % শতাংশ ৰাজ্যত বিজেপি চৰকাৰ বা বিজেপি সমৰ্থিত চৰকাৰ । ৰাজ্যসভা আৰু লোকসভাত বিজেপিৰ স্থিতি অতি শক্তিশালী । লোকসভাৰ পৰা আৰম্ভ কৰি পঞ্চায়তলৈ বিজেপি দলে আজিৰ সময়ত প্ৰায় ৱাক অভাৰ পাই আছে । আম্বানি , আদানিৰ অগ্ৰাসন স্বত্তেও বিজেপি দল এতিয়া অবিসম্বাদী ।
১/ চেল্ফ ইনটাৰেষ্ট : স্বগুনেৰে মহিয়ান কিছুমান প্ৰতিভাশালী নেতাই নিজৰ চাপ ৰাখি গৈছে জনগনৰ মাজত । দেশৰ জনগনই ৰাষ্ট্ৰপতিৰ আসনত প্ৰনৱ মুখাৰ্জীৰ ৰূপত দেখা পালে এজন শক্তিশালী কংগ্ৰেছী নেতাক ।
ৰাজেশ পাইলট , মাধন ৰাওঁ সিন্ধীয়া , প্ৰিয় ৰঞ্জন দাসমুঞ্চী , আৰিফ মহম্মদ খান আছিল তীক্ষ্ণ বুদ্ধিৰ ৰাজনেতা । কিন্তু এইসকল নেতাক স্বয়ং কংগ্ৰেছ দলে পাহৰিলে । যিটো সময়ত মনমোহন সিং থাকিব লাগিছিল পৰামৰ্শদাতা হিচাপে সেই সময়ছোৱাত মনমোহন সিংক পুনৰ পঠোৱা হ’ল ৰাজ্যসভালৈ ।
স্বাধীনতা যুদ্ধত মহাত্মা গান্ধীৰ ছত্ৰছায়াত ৰাজনীতি কৰা নেতাজী সুভাস , পেটেল , আবুল কালাম আজাদ , কামৰাজ , ৰাজেন্দ্ৰ প্ৰসাদক ইতিমধ্যে কংগ্ৰেছে পাহৰি পেলালে ।
পুৰণি ব্যক্তিসকলৰ স্থান ল’লে চিদাম্বৰম , কপিল শিবাল , মনি শংকৰ আয়াৰ , গোলাম নবি আজাদ , আনন্দ শৰ্মা , অভিশেক মনু সিংঘী , চলমান খুৰছিদ আদিৰ দৰে নেতাই ।
কংগ্ৰেছৰ নীতি নিৰ্ধাৰক মণ্ডলীয়ে হাতৰ কুঠাৰ ভৰিত মাৰিলে কাশ্মীৰ প্ৰসংগত । দফা ৩৭০ ত চৰকাৰক সমৰ্থন নজনোৱা বিষয়টোৱে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে সৰ্বসাধাৰণ ভাৰতীয়ৰ মাজত । দলৰ ভিতৰতেই একাংশ শীৰ্ষ নেতাই মুকলিকৈ দলৰ ৩৭০ নীতিৰ বিৰুদ্ধে মাত মাতিলে । লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্যই ভাৰতীয় মানুহক সুখী কৰাতকৈ সুখী কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু পাকিস্তানী সেনাক ।
২/ মুছলমান তোষামোদ : মুছলমান উন্নয়নতকৈ প্ৰাধান্য দিয়া হ’ল মুছলমান তোষামোদ নীতিক । ১৯৫৫ চনত নেহেৰুৱে হিন্দু ক’ড বিলখন সংসদত পাছ কৰাইছিল, কিন্তু মুছলমানৰ ক্ষেত্ৰত মৌণ আছিল । ‘Uniform Civil Code ‘ ৰ প্ৰথম বাধা হিচাপে থিয় হৈছিল নেহেৰু ।
১৯৭৩ ত ইন্দিৰা গান্ধীয়ে All India Muslim Personal Law Board গঠন কৰে । একমাত্ৰ উদ্দেশ্য আছিল ভোটবেংক শক্তিশালী কৰা ।
গান্ধী পৰিয়ালৰ শেষৰজন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ শ্বাহ – বানু ৰায়ক অৱমাননা কৰি একমাত্ৰ একাংশ মৌলবীক সন্তুষ্ট কৰিবলৈ মুছলমান বিবাহ বিচ্ছেদৰ নতুন আইন প্ৰনয়ন কৰে ।
৩/ দুৰ্নীতি : ১৯৮০ চনৰ ব’ফ’ৰ্চত ৰাজীৱ গান্ধীৰ নাম সংযোগ হোৱাৰ পৰা আৰম্ভ কৰি আগষ্টা ৱেষ্টলেণ্ড হেলিকপ্তাৰ কেলেংকাৰীত ছোনীয়া গান্ধীৰ নাম সংযোগ হৈছে । টু-জি , কয়লা , সত্যম কেলেংকাৰী , আদৰ্শ হাউচিং , আই এন এক্স কেলেংকাৰী , ক’ম’নৱেলথ গেমচ কেলেংকাৰী এনেকুৱা অজস্ৰ কেলেংকাৰীত চিদাম্বৰম , শীলা দিক্ষীত , ৰোৱাৰ্ট ৱাদ্ৰা , সুৰেশ কালমাদী আদি ভালেমান কংগ্ৰেছ নেতাৰ নাম সাঙোৰ খাই আছে ।
৪/আৰ এছ এছ : ভাৰত বিভাজনৰ আগলৈ কংগ্ৰেছৰ নেতা – কৰ্মীৰ ল’ৰা ছোৱালীয়ে আৰ এছ এছ শাখাত গৈছিল , বিশেষকৈ এতিয়াৰ পাকিস্তানৰ চহৰবিলাকত এই ট্ৰেন্দটো খুবেই সাধাৰণ আছিল । কিন্তু বিভাজনৰ পিছত সকলো সলনি হৈ যায় । আৰ এছ এছ ৰ দ্বাৰা চলি থকা হাজাৰ হাজাৰ শাখা আৰু ভগ্নীসংগঠনৰ কাৰ্য্যসুচীৰ প্ৰভাবত দেশপ্ৰেমৰ ভাব আৰু দেশমাতৃক সেৱাকৰাৰ কাৰণে ওলাই আহিল বহু যুবক । আজিৰ তাৰিখত বিজেপি দলৰ প্ৰভাব নথকা অঞ্চলবিলাকতো এই ধৰণৰ আৰ এছ এছ কৰ্মীৰ ( প্ৰচাৰক) দ্বাৰা ভোটাৰৰ ওপৰত প্ৰভাব বিস্তাৰ কৰাত সফল হোৱা দেখা গৈছে । আৰ এছ এছে যিমানেই দেশপ্ৰেমৰ ভাব নতুন প্ৰজন্মৰ ওপৰত জগাই তুলিছে , সিমানেই কংগ্ৰেছে নিজৰ পৰিচয় পাহৰি যোৱাৰ উপক্ৰম হৈছে । এইক্ষেত্ৰত মহাত্মা গান্ধীৰ পৰামৰ্শ এটা পাহৰি যাব নেলাগিব __ য’ত তেওঁ স্বাধীনতাৰ পিছত কংগ্ৰেছ দলটো ভংগ কৰি নতুন নামেৰে নিৰ্বাচনত অংশ ল’বলৈ পৰামৰ্শ দিছিল ।

৫/ নৰেন্দ্ৰ মোদী : নৰেন্দ্ৰ মোদীৰ গুজৰাট মডেল আৰু বাজপায়ীৰ এটা ফোন কলে ভাৰতবৰ্ষৰ ৰাজনীতি সলনি কৰি পেলালে । আদৱানীৰ ইণ্ডিয়া চাইনিং আৰু বাজপায়ীৰ পাকিস্তান নীতিয়ে ২০০৪ নিৰ্বাচনত মুখ থেকেচা খালে । ছোনীয়া গান্ধীৰ সফলতাত দেশৰ আগশাৰী আলোচনী আউটলুকৰ কভাৰ পেজত লিখিছিল ইণ্ডিয়া এচেপ্ট ছোনীয়া । ভাৰতে ছোনীয়াক আকোৱালি ল’লে । ২০০১ চন , কেশুভাই পেটেল গুজৰাটৰ মুখ্যমন্ত্ৰী । গুজৰাটৰ ভুমিকম্পই অথন্তৰ কৰি পেলাইছে গুজৰাটত । আনফালে মুখ্যমন্ত্ৰী কেশুভাইৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । আনফালে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে হাৰিয়ানাৰ নিৰ্বাচনত দলীয় কামত ব্যস্ত মোদী । অটল বিহাৰী বাজপায়ী তেতিয়া প্ৰধানমন্ত্ৰী । মোদীলৈ ফোন গ’ল । ৭ আৰ চি আৰ আহিব লাগে । মোদী খুব সময়ৰ ভিতৰত বাজপায়ীৰ ওচৰ পালে । ভাগৰুৱা মোদী ।
” তুমি এইমাত্ৰ দিল্লী এৰিব লাগে আৰু গুজৰাট চৰকাৰৰ দায়িত্ব ল’ব লাগে ” , বাজপায়ীৰ কঢ়া নিৰ্দেশ । সংগঠনৰ পৰা একেবাৰে ৰাজ্যৰ সৰ্বোস্য আসন । বাজপায়ীৰ এটা নিৰ্দেশে বিজেপিৰ ভাগ্য সলনি কৰিলে আৰু কংগ্ৰেছৰ কাৰণে দুৰ্দিন আৰম্ভ কৰিলে ।
নিও – কমিউনিষ্ট : ভাৰতত বাওঁপন্থীৰ উত্থান পুনৰ হ’ব বুলি আৰু অন্তত : ৩০ -৪০ বছৰ আশা নাই । বাওঁপন্থীৰ হাতৰ পৰা বেংগল গ’ল আৰু শেষত দশকৰ পিছত দশক ধৰি শাসনৰ গাদীত বাওঁপন্থীৰ পৰা ত্ৰিপুৰা গ’ল । এটা সময় আছিল , যেতিয়া কংগ্ৰেছৰ প্ৰধান বিৰোধী ৰাষ্ট্ৰীয় দল বাওঁপন্থী আছিল । লাহে লাহে কংগ্ৰেছ দুৰ্বল হ’ল , কংগ্ৰেছৰ স্থান ল’লে বিজেপিয়ে আৰু বাওঁপন্থীৰ স্থান ল’লে কংগ্ৰেছে । ২০০৪ চনৰ লোকসভা নিৰ্বাচনত বাওঁপন্থীৰ সমৰ্থনত কংগ্ৰেছে চৰকাৰ গঠন কৰে আৰু আচৰিত ভাবে জ্যোতি বসু প্ৰধানমন্ত্ৰী দৌৰৰ পৰা আতৰি আহে । সেইবিলাক অতীত । এতিয়া জ্যোতি বসু , হৰকিশন সিং সুজিত , সোমনাথ চেটাৰ্জী , ইন্দ্ৰজিত গুপ্ত এইসকল নেতাৰ অবৰ্তমানত ভাৰতত বাওঁপন্থীৰ কাৰণে ৩য় স্থানো সুৰক্ষিত নহ’ল । সোপন্থী বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছক নীতিগত সমৰ্থন দিয়া বাওঁপন্থীসকল নিজেও হেৰাই গ’ল আৰু কংগ্ৰেছকো লেতেৰা কৰি গ’ল । জ্যোতি বসু , মানিক সৰকাৰৰ সেই কমিউনিষ্টৰ স্থান ল’লে একাংশ নবপ্ৰজন্মৰ ছাত্ৰ নেতাই । কানাইয়া কুমাৰ , শ্বেলা ৰচিদ , ওমৰ ফাৰুক আদিৰ দৰে যুব নেতাই এতিয়া বাওঁপন্থী আন্দোলনৰ চিনাকী মুখ । জিগনেশ মেৱানী , অৰুন্ধতী ৰয় , বৰ্খা দত্ত , গৌতম নৱলখা আদি বিভিন্নজন প্ৰত্যক্ষ আৰু পৰোক্ষ ৰাজনীতিৰ অংশীদাৰ । ইয়াৰ উপৰিও এইসকলৰ উদ্দেশ্যক প্ৰচাৰ কৰিবলৈ একাংশ সাংবাদিকৰ ভুমিকা কিন্তু লেখত কবলগীয়া । প্ৰসুন যোশী , ৰৱিচ কুমাৰ , বিনোদ ডুৱা আদি ব্যক্তিৰ নিৰলশ প্ৰচেষ্টাত এটা নতুন ধাৰাৰ সৃষ্টি হৈছে । এই ধাৰাটোৱে সাধাৰণ জনতাৰ অতি কম সংখ্যকক চুইছে যদিও আগন্তুক সময়ত গ্লোবেল ফান্দিংৰ সহযোগত অধিক শক্তিশালী হ’ব বুলি ধাৰণা কৰিব পাৰি । কিছুদিন আগত পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন বিষয়া এজনে স্পষ্ট কৰিছে যে শোভা দেক কাশ্মীৰৰ সন্ত্ৰাসবাদী বূৰহান ৱানীক গ্লোৰিফাইদ কৰি নিবন্ধ লেখিবলৈ তেওঁ উৎসাহ প্ৰদান কৰিছিল । দফা ৩৭০ খাৰিজ হোৱাৰ পিছত পাকিস্তানৰ জিঅ’ টিভিত পাকিস্তানৰ চিনেটৰ এজনে অৰুন্ধতি ৰয় , মনতা বেনাৰ্জীক প্ৰশংসা কৰিছে আৰু কাশ্মীৰত ভাৰতৰ পৰা কাটি নিবলৈ কৰা পৰিকল্পনাত এইসকল ব্যক্তিৰ ভুমিকা থাকিব বুলি স্বীকাৰ কৰিছে ।
বৃটিছৰ পৰা ভাৰতক মুক্ত কৰাত অগ্ৰণী ভুমিকা লোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু কংগ্ৰেছ (ই) মাজত যে নীতিগত পাৰ্থক্য নাই , তাক স্পষ্ট ৰূপত উত্থাপন কৰিবলৈ ছোনীয়া গান্ধীয়ে শশী থাৰুৰ , মনীশ তীৱাৰীৰ দৰে নেতাক সুযোগ দিব লাগিব । ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান নথকা অধিৰ ৰঞ্জনক অধিক দায়িত্ব দিলে ৰাহুল গান্ধী বিপদত নপৰে থিক , কিন্তু দলৰ কাৰণে চিন্তনীয় হ’ব পাৰে । এই ক্ষেত্ৰত বিভিন্ন কংগ্ৰেছী মানুহে বক্তব্য দিয়ে যে নেহেৰু পৰিয়ালৰ মানুহ যদি কংগ্ৰেছৰ নেতৃত্বত নেথাকে তেন্তে কংগ্ৰেছ বিভক্ত হ’ব ।
কিন্তু এটা কথা পাহৰিব নেলাগিব যে বৰ্তমানৰ কংগ্ৰেছ (ই) হৈছে জাতীয় কংগ্ৰেছ পৰা বিভক্ত হৈ অহা এটা নতুন দল ।
কিন্তু এটা কথা পাহৰিব নেলাগিব যে বৰ্তমানৰ কংগ্ৰেছ (ই) হৈছে জাতীয় কংগ্ৰেছ পৰা বিভক্ত হৈ অহা এটা নতুন দল ।