মোদীৰ বাৰাণসীত দুটা দিন

1777

■ পাৰ্থ সাৰথি দত্ত


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ভাৰতবৰ্ষৰ ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত সকলোতকৈ গুৰুত্ব পূৰ্ণ সমষ্টিটো হ’ল উত্তৰ প্ৰদেশৰ বাৰাণসী। ভাৰতৰ প্ৰধানমন্ত্রীজনে হিন্দু ধৰ্মৰ আধ্যাত্মিকতাৰ প্ৰতীক এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে। বহুদিনৰ পৰাই বাৰাণসী ভ্ৰমন কৰাৰ ইচ্ছা আছিল। অবশেষত যোৱা ১৭ আগষ্টত বাৰাণসী অভিমুখে ৰাওনা হ’লো। উদ্দেশ্য আছিল আমাৰ পৰম আৰাধ্যা মাতৃৰ অস্থি বিসৰ্জন তথা বাৰাণসী  চহৰখন দৰ্শন কৰা। গুৱাহাটী আৰু বাৰাণসীৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ হোৱাৰ পিছত দুইখন চহৰৰ মাজত যোগাযোগ যঠেষ্ট সুচল হৈ পৰে। একফালৰ টিকটৰ মূল্য প্ৰায় ৩৫০০ টকা আৰু যাত্রাৰ সময় ৯০ মিনিট। বাৰাণসী বিমান বন্দৰত অবতৰণ কৰি তাৰ দৃশ্য দেখি খুব আপ্লুত হ’লো। বিমান বন্দৰটো আমাৰ গুৱাহাটীৰ দৰে মজলীয়া আকাৰৰ হ’ব। বিমান বন্দৰৰ বাহিৰৰ দৃশ্য খুব সুন্দৰ। গছ গছনিৰে সৈতে বিমান বন্দৰটো সুন্দৰকৈ সজাই তোলা হৈছে।
টেক্সি ড্ৰাইভাৰজনৰ পৰা গম পালো যে বিমান বন্দৰটো যোৱা ৩-৪ বছৰত উন্নীতকৰণ কৰা হৈছে। আগতে ইয়াত ৪-৫ খন বিমান চলাচল কৰিছিল ; বৰ্তমান ই ৩০ খনলৈ বৃদ্ধি পাইছে। বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণ কৰা হৈছে। ইয়াৰ পৰা বেংকক আৰু শ্বাৰজাহলৈ বিমানসেৱা আৰম্ভ হৈছে। আমাৰ হোটেল আছিল কেন্টনমেন্টত। ৰাস্তা খুব সুন্দৰ। ২০ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিবলৈ সময় লাগিল প্ৰায় ৩০ মিনিট। হোটেল আহি পাওতে দুপৰীয়া ১২টা বাজিল।
তাৰ পিছত কিছু জিৰণি লৈ বাৰাণসী ঘাটলৈ গ’লো। প্ৰায় ৮০ টা ঘাট নাওৰে ভ্ৰমণ কৰিলো, সন্ধিয়াৰ আৰতি প্ৰত্যক্ষ কৰিলো,  কিছু বজাৰ সমাৰ কৰিলো। পিছদিনা ৰাতিপুৱা অস্থি বিসৰ্জন দিলো। অস্থি বিসৰ্জন কৰি সন্ধিয়া সাৰনাথৰ ভগবান বুদ্ধৰ মন্দিৰলৈ গ’লো। এই যাত্রাৰ কালচোৱাত লগ পোৱা বাৰাণসীৰ  প্ৰতিজন ব্যক্তিক এটা প্ৰশ্ন কৰিবলৈ পাহৰা নাছিলো ‘মোদী অহাৰ পিছত বাৰাণসীৰ কি পৰিবৰ্তন হৈছে?’ হোটেলৰ স্টাফৰ পৰা আৰম্ভ কৰি ড্ৰাইভাৰ, টুৰিষ্ট গাইদ, পুৰোহিত, বিভিন্ন দোকানীৰ পৰা আমি এই বিষয়ে জানিব বিচাৰিছিলো। ৰাইজৰ পৰা পোৱা উত্তৰৰ ভিত্তিত আমাৰ এক প্ৰতিবেদনঃ
১) কিছুমাহ আগলৈ গংগাৰ ঘাটত অস্তি বিসৰ্জন কৰিবলৈ গৈ সমস্যাত পৰিছিল বিভিন্ন ৰাজ্যৰ পৰা অহা মানুহ। কাৰণটো হ’ল তাৰ পুৰোহিত সকলে বহু টকা দাবী কৰে । আমাৰ বন্ধু কিছুমানে কোৱা মতে ত্রিশ হাজাৰ টকালৈকে পুৰোহিত সকলে বিচাৰে। বহু দৰ দাম কৰিবলগীয়া হয় আৰু শেষত দৰ দাম কৰিব পৰা সামৰ্থৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজে ২ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে ভৰিব লগীয়া হয়। আমি সাজু আছিলো এনে এটা পৰিস্থিতিৰ বাবে। কিন্তু আমাক আচৰিত কৰি পুৰোহিতজনে আমাৰ পৰা বিচাৰিলে মাত্র ২১০০ টকা। তাৰ মানুহৰ লগত কথা পাতি গম পালো যে আৰ.এছ.এছে যোৱা এবছৰ মানৰ পৰা এই ক্ষেত্রত ৰাইজে সন্মুখিন হোৱা অসুবিধা আতৰ কৰাৰ বাবে কাম কৰি আছে।
২) গংগাৰ ঘাটবিলাক আমি খুব পৰিস্কাৰ দেখিলো। পলিথিন আদি নদীত পেলোৱা নিষেধ কৰি দিছে। সকলো ঘাটতে দেখিলো কিছুমান ডাষ্টবিন। নাও বিলাকতো ডাষ্টবিনৰ ব্যবস্হা কৰা আছিল। লোকে পানীৰ বটল ইত্যাদি নদীত নেপেলাই ডাষ্টবিনৰ ব্যবহাৰ কৰিছিল। সচাকৈয়ে এনে লাগিছিল “মেৰা দেশ বদল ৰহা হ্যে”।
৩) গংগাৰ আৰতি আৰম্ভ হৈছিল প্ৰায় ৬:৩০ বজাত। হাজাৰ হাজাৰ মানুহে খুব শৃংখলাবদ্ধভাবে আৰতি উপভোগ কৰিছিল। দশাস্বমেধ ঘাটৰ এই আৰতি আছিল বাৰাণসীৰ সকলোতকৈ ডাঙৰ আকৰ্ষন।
 ৪) ঘাটৰ কাষত বহুত দোকান । বাৰাণসী শাৰীৰ দোকানত গ্ৰাহকৰ ভীৰ দেখা গ’ল। আমি এখন ডাঙৰ দোকানত সোমালো যত প্ৰায় ৩৫ জন কৰ্মচাৰী আছে। মোদীক লৈ এজন কৰ্মচাৰীয়ে বিৰুপ মন্তব্য কৰাৰ লগে লগে আন ৯ জন কৰ্মচাৰীয়ে তেওঁক ককৰ্থনা কৰিলে। মোদীক সমালোচনা কৰা কৰ্মচাৰী জন হেনো যাদব সম্প্ৰদায়ৰ। সেয়েহে মোদীয়ে কৰা ভাল কামবোৰ তেওঁ দেখা নাপায়।
৫) ঘাটৰ কাষৰ আন বহু সৰু সৰু দোকানত বস্তু চালো। ৯০% মানুহে একেমুখে মোদীক প্ৰশংসা কৰিছে। মোদী অহাৰ পিছত ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, ফ্লাই ওভাৰ নিৰ্মান হৈছে, গংগা নিৰ্মল হৈছে আৰু পৰ্য্যটকৰ সংখ্যা বাঢ়িছে।
৬) শেষত এজন অ’টো ড্ৰাইভাৰ যাৰ লগত আমি  দুদিন অহা যোৱা কৰিলো। নাম চাকিল। ধৰ্মত মুছলমান যদিও তেওঁ ঘাটৰ পুৰোহিত সকলৰ লগত খুব ভাল। আমাক চাকিলে খুব সহায় কৰিলে। অ’টোৰে আমাক সৰু সৰু ৰাস্তা বিলাকৰ মাজেৰে বাৰাণসী ভ্ৰমণ কৰোৱাৰ উপৰিও বজাৰ সমাৰ কৰাতো সহায় কৰিলো। বাৰাণসীত ওলা- উবাৰ পৰ্য্যাপ্ত পৰিমানে আছে যদিও আমি অ’টৰে ফুৰাৰ সিদ্ধান্ত লৈছিলো। আমাৰ এই সিদ্ধান্ত শেষত শুদ্ধ প্ৰমানিত হ’ল। মোদীৰ বিষয়ে প্ৰশ্ন কৰাৰ  চাকিলে ক’লে যে মোদী অহাৰ পিছত  উন্নয়ন হৈছে। ৰাস্তা ঘাট  ভাল হৈছে, গংগা পৰিস্কাৰ গুৰুত্ব পাইছে। কিন্তু বাৰাণসী তথা উত্তৰ প্ৰদেশৰ দুটা সমস্যা মোদী আৰু যোগীয়ে সমাধান কৰিব পৰা নাই।  এটা হ’ল মাফিয়াৰাজ আৰু আনটো হ’ল পথত বিচৰন কৰা পশু ।