(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে গেৰুৱা দলত যোগদানৰ বাবে বহুতো নেতা পালিনেতাই হেতা ওপৰা লগোৱা বুলি খৱৰ ওলাইছে। ফলত গেৰুৱা দলৰ সভাপতিও বিবুদ্ধিত পৰিছে। ইমান সংখ্যক নেতাক দলত কিদৰে সংস্হাপন কৰিব তাক লৈ চিন্তাত পৰিছে। উপায় দিলে মুখ্যমন্ত্রীয়ে। TET ৰ দৰে এটা স্বচ্ছ আৰু নিকা পৰীক্ষাৰ যোগেদি নেতাৰ যোগদানৰ প্ৰক্ৰিয়া চলিব। গেৰুৱা দলত হৈ গ’ল এটা প্ৰবেশিকা পৰীক্ষা। পৰীক্ষাৰ প্ৰশ্ন কাকতত বিভিন্ন নেতাই কি উত্তৰ লেখিছে তাৰ তথ্য আহি পৰিছে ৰাজনীতি অসমৰ হাতত।
১) খালী ঠাই পুৰণ কৰকঃ
সবকা সাথ , সবকা বিকাশ, সবকা _
কূপেন বৰাঃ সবকা সাথ, সবকা বিকাশ, সবকা আকাশ
বদৰ আজমলঃ সবকা সাথ, সবকা বিকাশ, সবকা বাতাছ
কফুল্ল মহন্তঃ সবকা সাথ, সবকা বিকাশ , সবকা প্ৰকাশ
বনফুল হুছেইনঃ সবকা সাথ, সবকা বিকাশ, সবকা হতাশ
কখিল গগৈঃ সবকা সাথ, সবকা বিকাশ, সবকা আছ পাছ
২) খালী ঠাই পূৰণ কৰক
পেহলে _ , ফিৰ জলপান
কূপেন বৰাঃ পেহলে দাত ব্ৰাছ, ফিৰ জলপান
বদৰ আজমলঃ পেহলে নামাজ, ফিৰ জলপান
কফুল্ল মহন্তঃ পেহলে পানী, ফিৰ জলপান
বনফুল হুছেইনঃ পেহলে চিকেন ,ফিৰ জলপান
কখিল গগৈঃ পেহলে মানৱ , ফিৰ জলপান
৩) মুল্যবৃদ্ধিৰ বাবে কোন জগৰীয়া?
কূপেন বৰাঃ পাকিস্তান
বদৰ আজমলঃ শকত মানুহ
কফুল্ল মহন্তঃ খকুৱা মানুহ
বনফুল হুছেইনঃ নিৰামিষ মানুহ
কখিল গগৈঃ কৰিমুদ্দিন
৪) কোনোবাই আপোনাৰ দলক সমালোচনা কৰিলে কি বুলি উত্তৰ দিব?
কূপেন বৰাঃ জয় শ্ৰী ৰাম
বদৰ আজমলঃ ভাৰত মাতা কি জয়
কফুল্ল মহন্তঃ হৰ হৰ মোদী
বনফুল হুছেইনঃ পাকিস্তান মুৰ্দাবাদ
কখিল গগৈঃ তই দালাল
৫) গেৰুৱা দলৰ কোনজন নেতাক আপুনি আদৰ্শ বুলি ভাবে?
কূপেন বৰাঃ মোদী
বদৰ আজমলঃ মোদী, মোদী
কফুল্ল মহন্তঃ মোদী, মোদী, মোদী
বনফুল হুছেইনঃ মোদী, মোদী, মোদী, মোদী
কখিল গগৈঃ মোদী, মোদী,মোদী, মোদী, মোদী