২০০৮ , ২৬ মে কংগ্ৰেছ নেতৃত্বৰ ইউপিএ চৰকাৰে জম্মু কাশ্মীৰৰ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি ৯৯ একৰ ভুমি অমৰনাথ বাবা বৰ্ফানী বোৰ্ডক যাত্ৰীৰ থকা – খোৱাৰ সুবিধাৰ্থে দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । চৰকাৰৰ এই সিদ্ধান্তক বিৰোধ কৰি শ্ৰীনগৰত প্ৰায় ৫ লাখ মানুহ গোট খায় । ইয়াৰ পিছত বিভিন্ন ঘটনা সংঘটিত হয় । কাশ্মীৰত হোৱা প্ৰতিবাদৰ ফলত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত উঠাই লবলৈ বাধ্য হয় ।
সাধাৰণ ৯৯ একৰ পাহাৰীয়া ভুমি হস্তান্তৰ কৰিব নোৱাৰিলে দুয়োখন চৰকাৰে । তেতিয়া জম্মু- কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল গুলাম নৱী আজাদ আৰু প্ৰধানমন্ত্ৰী আছিল মনমোহন সিং । ব্যৰ্থতা স্বীকাৰ কৰি চৰকাৰে সিদ্ধান্ত উঠায় লয় ।
অমিতাভৰ শ্বেহেনশ্বাহ ফিল্মৰ দৰেই অমিত শ্বাহে জম্মু আৰু কাশ্মীৰক বহু প্ৰত্যাশিত ঘটনাৰ সাক্ষী কৰালে । লাডাখক নতুন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ অধিকাৰ দিলে আৰু গোটেই প্ৰদেশৰ পৰা ৩৭০ দফা আৰু ৩৫ (ক) অনুচ্ছেদ বাতিল কৰে । যিখন কাশ্মীৰত হিন্দুক ভুমি দান কৰাৰ বিৰোধীতা কৰি এটা দিনত ৫ লাখ মানুহ লগ হৈছিল ২০০৮ ত , যিখন কাশ্মীৰত ১৯৮৯ হিন্দু পণ্ডিতৰ ঘৰত দাগ দি হত্যা কৰা হৈছিল , সেই কাশ্মীৰ আজি শান্ত । মোবাইলৰ সংযোগ বিচ্ছিন্ন কিন্তু এজনো সাধাৰণ মানুহ হত্যা -হিংসাৰ বলি হোৱা নাই । ।

ৰাহুল গান্ধীয়ে মোবাইলৰ সংযোগ নাইকিয়া হোৱা কাৰণে বিৰোধ কৰিছে , কিন্তু নিজৰ দলৰ চৰকাৰ থাকোতে অমৰনাথ দেৱালয় বোৰ্ডক ভুমি দিবলৈ কৰা সিদ্ধান্ত উঠাই ল’বলৈ বাধ্য হৈছিল ।
দফা ৩৭০ প্ৰত্যাহাৰ , ৩৫( ক) খাৰিজ , লাডাখক নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণা আৰু জম্মু- কাশ্মীৰৰ পুৰ্ণ ৰাজ্যৰ মৰ্য্যদা খাৰিজ কৰি কেন্দ্ৰ শাসিত ৰাজ্য কৰা এই গোটেই কথাবিলাক কোনো এজন ৰাজনীতিৰ সয়ম্ভু জ্যোতিষীয়ে আগতীয়া বতৰা দিব পৰা নাছিল । কাশ্মীৰত সেনা নিয়োগ , অমৰানাথ যাত্ৰা আধাতে বন্ধ কৰা আদি ঘটনাই সাধাৰণ মানুহক কৌতুহল কৰি ৰাখিছিল __ চৰকাৰে কি কৰিব গৈ আছে ? কাশ্মীৰ নীতিক ক্ষিপ্ৰতাৰে সমাপন কৰা আৰম্ভ হ’ল অমিত শ্বাহৰ গৃহ বিভাগত প্ৰবেশৰ দ্বাৰা । নেহেৰুৰ সময়ছোৱাত ৰাষ্ট্ৰদ্ৰোহত ১০ বছৰৰ অধিক কাল জেলত কটোৱা শ্বেখ আব্দুল্লাৰ পুত্ৰ ফাৰুক আব্দুল্লা , কাশ্মীৰৰ হিন্দু পণ্ডিত নৰসংহাৰৰ সময়ত দেশৰ গৃহ মন্ত্ৰী মুফটি মহম্মদৰ জীয়েক মেহবুবা মুফটিহতঁক তীক্ষ্ণ নজৰত ৰখা হ’ল । নিজৰ সন্তানক বিদেশত ৰাখি কাশ্মীৰৰ নতুন প্ৰজন্মক উচতনি দিয়া হুৰিয়ত নেতাসকল , উগ্ৰবাদী ইয়াচিন মালিক , আছিয়া আন্দ্ৰাবাদীহতঁক নাকী লগালে অমিত শ্বাহে । প্ৰতিটো শুকুৰবৰীয়া নামাজত ঠায়ে ঠায়ে আইচিছৰ পতাকা উৰুওৱা দৃশ্য এইবাৰ ঈদৰ নামাজতো দেখা নগ’ল ।

সংসদৰ ভিতৰত অমিত শ্বাহে ধৰাশায়ী কৰিলে বিৰোধী কংগ্ৰেছক । দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ জৱাহৰলাল নেহেৰুৰ ভুমিকাক তুলাধুনা দিয়ে । কিন্তু আচৰিত ভাবে নেহেৰুক ওপৰত চলা আক্ৰমণক প্ৰতিহত কৰিবলৈ এজনো নোলাল । যিজন অধীৰ ৰঞ্জন চৌধুৰীক কংগ্ৰেছে লোকসভাত নেতা পাতিলে সেইজনে গৃহমন্ত্ৰীৰ বক্তব্যক সমালোচনা কৰিবলৈ গৈ কাশ্মীৰক আন্তৰ্জাতিক ইচ্ছ্যু বুলিহে কৈ পেলালে । লগে লগে বিজেপিৰ সাংসদসকল জাঙুৰ খাই উঠে । আনকি ছোনীয়া গান্ধী হতবম্ব হৈ পৰে অধীৰ ৰঞ্জনৰ কথা শুনি ।
অমিত শ্বাহে সংসদৰ ভিতৰত ৩৭০ ৰ সমৰ্থক দলটো থকাসৰকা কৰাৰ দৰে কাশ্মীৰত প্ৰতিৰক্ষা বাহিনীয়ে হুৰিয়ত আৰু উগ্ৰবাদীসকলক নিয়ন্ত্ৰণ কৰিছে । ইয়াৰ লগে লগে প্ৰধান মন্ত্ৰীয়ে বিদেশৰ ভুমিত ইমৰাণ খানক পুতৌৰ পাত্ৰ কৰি তোলে ।
‘ ৰিস্তে মে হ’ম তুমহাৰা বাপ ল্যগতে হ্যে, নাম হে শ্বাহেনশ্বাহ __অমিত শ্বাহ ‘ …….