- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
এতিয়া স্পষ্ট হৈ পৰিছে যে বংগৰ ৰাজ্যপাল জগদীপ ধনকৰ, ৰাজ্যৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ মাজত দাৰ্জিলিংত হোৱা দুঘণ্টীয়া ত্ৰিপাক্ষিক বৈঠকখন একাপ চাহ সন্মুখত লৈ হোৱা আকস্মিক আদ্দা নাছিল৷
দাৰ্জিলিঙৰ ৰাজভৱনত অনুষ্ঠিত হোৱা বৈঠকৰ কাৰ্যসূচী আছিল এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে ধনকাৰক প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ পৰিকল্পনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দূত হিচাপে পাহাৰীয়া ষ্টেচনলৈ গৈছিল।
বিজেপিয়ে বিচাৰিছিল ধনকৰৰ নাম উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পূৰ্বে বংগত থকা নিজৰ তীব্ৰ ৰাজনৈতিক শত্ৰু মমতা বেনাৰ্জীক আস্থাত লোৱাৰ পৰিকল্পনা। ধনকাৰৰ সৈতে থকা তীব্ৰ মতানৈক্য বাবে মমতা বেনাৰ্জীক সৈমান কৰাৰ স্বৰ্ত আৰোপ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ।
বেনাৰ্জীয়ে বিনিময়ত একো নোপোৱাকৈ ধনকৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰিবলৈ সন্মত নহ’লহেঁতেন। গতিকে মিলিয়ন ডলাৰৰ প্ৰশ্নটো হ’ল আৰু যিটোৱে বংগত বিজেপিৰ নেতা-কৰ্মচাৰীৰ মনত আন্দোলন কৰি আছে, সেয়া হ’ল: বিজেপি আৰু মমতা বেনাৰ্জীৰ মাজত ‘চুক্তি’ কি?
এক বিশেষ সুত্রই জনোৱা মতে দিদিক অসমৰ মন্ত্রীগৰাকীয়ে দুটা বিষয়ত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰথমটো হ’ল মমতা বেনাৰ্জীয়ে তেওঁৰ পছন্দৰ নতুন ৰাজ্যপাল (বংগৰ বাবে) পাব। তাৰ বাবে বেনাৰ্জীয়ে কেইটামান নামো সন্মুখত ৰাখে।
মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক বংগক বাদ দি আন ৰাজ্য সমুহত বিজেপিয়ে কংগ্ৰেছৰ স্থানত সুযোগ দিয়াৰ পৰিকল্পনাত মোহৰ মাৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই । সেয়েহে অনাগত দিনত বহু ৰাজ্যত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ঠাইত তৃণমূল কংগ্ৰেছ হ’লেও আচৰিত হ’বলগীয়া একো নাই।
শৰ্মা আৰু শ্ৰীমতী বেনাৰ্জী দুয়োজনে এই মিটিংখনক অৰাজনৈতিক আখ্যা দিছে যদিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহে ইয়াক মুঠেও বিশ্বাস কৰা নাই। সকলোৱে ইয়াক লৈ নিজৰ নজৰ ধাৰণা আগবঢ়াইছে । মুঠৰ ওপৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনৰ একবাৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হ’ল ড° শৰ্মা?