গৃহ বিভাগৰ শক্তি দেখিলে অসমৰ ৰাইজে

498
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১৯৮৭ চন মান হ’ব। তেতিয়াৰ এখন প্ৰচলিত সাপ্তাহিক বাতৰি কাকতত গৃহমন্ত্রী ভৃগুকুমাৰ ফুকনক ব্যংগ কৰি এটা কাৰ্টুন প্ৰকাশিত হৈছিল। ফুকনে শুই আছে আৰু তেওঁৰ ভৰিৰ কাষেৰে বাংলাদেশী বিলাক অসমত প্ৰবেশ কৰি আছে। ভৃগু ফুকনৰ পিছত অসমে স্বতন্ত্র গৃহমন্ত্রী নেপালে। তাৰ কাৰণটো হ’ল পুলিছক মুখ্যমন্ত্রীসকলে নিজৰ অধীনত ৰাখিব বিচাৰে। সকলোৱে জানে যে মন্ত্রীসকলৰ ভিতৰত গৃহমন্ত্রীৰ বাবটো সকলোতকৈ ডাঙৰ। কিন্তু গৃহমন্ত্রীয়ে ৰাইজৰ কি উপকাৰ সাধিব পাৰে তাৰ বিষয়ে আমি সজাগ নাছিলো। ৯০ৰ দশকত অসমত আৰ্মীৰ অপাৰেছন দেখিছো। ২০০৩ চন মানৰ পৰা অসমত শান্তি কিছু পৰিমানে ঘুৰি আছিল। বিভিন্ন সময়ত গৃহ বিভাগটো সমালোচনাৰ সন্মুখীন হৈছিল আৰু তাৰ বাবে দায়ী কৰা হৈছিল তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক। গৃহবিভাগৰ আচল শক্তি ৰাইজে দেখিছে ২০২১চনৰ পৰাহে। কৌটি কৌটি টকাৰ ড্ৰাগছ জব্দ কৰি বহু যুৱকৰ জীৱন ৰক্ষা কৰিছে গৃহ বিভাগে। বহু দানবক এনকাউন্টাৰ কৰি ভবিষ্যতে হ’বলগীয়া অপৰাধ ৰোধ কৰিছে গৃহ বিভাগে। দালালক গ্ৰেপ্তাৰ কৰি পৰিবহণ আৰু ৰাজহ বিভ‍াগক বহু পৰিমানে দুৰ্নীতি মুক্ত কৰিবলৈ সক্ষম হৈছে গৃহ বিভাগে। এতিয়া অসম পুলিছৰ পিষ্টলে কথা কয়। এতিয়াহে অসমৰ ৰাইজে দেখিছে গৃহ বিভাগৰ শক্তি। গৃহ বিভাগৰ কৰণীয় আৰু বহুত আছে। এইনধৰণে কাম কৰি থাকিলে অনাগত দিনত গৃহ বিভাগে জনসাধাৰণৰ জীৱনলৈ আৰু বহুত ধনাত্মক পৰিবৰ্তন আনিব পাৰে। তাৰেই অপেক্ষাত।