কেজৰীৱালক বিজেপিয়ে কিয় ভয় কৰে?

599
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


দিল্লীৰ মুখ্যমন্ত্রী কেজৰীৱালক কেন্দ্ৰীয় চৰকাৰে চিংগাপুৰত হ’ব লগা এখন চামিতত অংশগ্ৰহণ কৰাৰ অনুমতি নিদিলে। তাত তেওঁ দিল্লী মডেলৰ ওপৰত কথা কোৱাৰ বাবে নিমন্ত্রণ লাভ কৰিছিল। তেওঁৰে মন্ত্রীসভাৰ সদস্য তথা হিমাচল প্ৰদেশত দলৰ প্ৰভাৰী সত্যেন্দ্ৰ জৈনক জেলত ৰখা হৈছে। দিল্লীৰ উপ মুখ্যমন্ত্রী মনীষ শিষোদিয়াৰ ওপৰতো কেন্দ্ৰৰ নজৰ আছে। তেওঁ যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে। এই সকলোবোৰ পৰিঘটনাৰ কাৰণ এটাই_ কেজৰীৱালৰ প্ৰতি বিজেপিৰ ভয়। দুবাৰ দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি আপৰ হাতত শোচনীয় ভাবে পৰাজিত হৈছে। দল গঠন হোৱা ১০ বছৰ নহওতেই দিল্লী আৰু পঞ্জাৱ দুখন ৰাজ্যত দলটোৱে চৰকাৰ গঠন কৰিলে। গোৱাত দুখন আসন দখল কৰিলে। হিমাচল আৰু গুজৰাটতো দলটো শক্তিশালী হৈছে। গতিকে বিজেপিৰ ভয় খুব স্বাভাবিক। আইআইটিয়ান কেজৰীৱালৰ ওপৰত বিজেপিয়ে বংশবাদৰ অভিযোগো লগাব নোৱাৰে। মুছলমানক তুষ্টীকৰণ কৰা অভিযোগো আপৰ ক্ষেত্রত নাখাটে। খুব সাবধানেৰে আপে নিজকে এই অপবাদৰ পৰা নিজকে বচাই ৰাখিছে। ৰাহুল-চোনীয়াক ইদিয়ে সোধা-পোছা কৰি কংগ্ৰেছক কিছু প্ৰচাৰ কৰা সুযোগ দিছে যদিও বিজেপিৰ বৰ্তমান মূৰৰ কামোৰনি আম আদমি পাৰ্টী। চেহজাদাৰ ককা আইতাৰ কথা কৈ বিজেপিয়ে খুব আমেজ পায়। কংগ্ৰেছৰ ৰাহুল গান্ধী বিজেপিৰ অতি প্ৰিয় কাৰণ তাত কোনো প্ৰতিদ্বন্দ্বিতাই নাই। কিন্তু কেজৰীৱালৰ লগত জিকিবলৈ যুঁজিব লাগিব। মানুহজনে চৰকাৰ চলাবও জানে, সংবাদ মাধ্যমৰ সন্মুখত আহি সাবলীল ধৰণে নিজৰ বক্তব্য প্ৰকাশ কৰিবও জানে। তেওঁৰ বাহিৰে বিৰোধীৰ আন কোনো নাই যিয়ে বিজেপিক টক্কৰ দিব পাৰে। নিজৰ মন্ত্রীৰ প্ৰেমিকাৰ পৰা ৫০ কৌটি উদ্ধাৰ হোৱাৰ পিছত মমতা দুৰ্বল হৈছে। মহাৰাষ্ট্ৰত চৰকাৰ পতনৰ পিছত শৰদ পাৱাৰৰো শক্তি কমি গৈছে। চন্দ্ৰশেখৰ ৰাওঁৰ তেলেংগানাৰ বাহিৰত কোনো প্ৰভাৱ নাই। ষ্টেলিন, জগনমোহন বা নবীন পাটনায়কৰ নিজৰ ৰাজ্যৰ বাহিৰত প্ৰভাব বিস্তাৰ কৰা কোনো প্ৰয়াস দেখা নাই। থাকিল কেৱল কেজৰীৱাল। তেওঁৰ বয়স মাত্র ৫৩ বছৰ। যদিও নতুনকৈ দল এটা গঠন কৰি ভাৰতৰ দৰে বৃহৎ দেশ এখন জয় কৰা সহজ নহয় তথাপিতো এটা কথা যে কেজৰীৱালে বিজেপিৰ ভোটবেংকৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে। এজন মধ্যম বৰ্গীয় হিন্দু এজনৰ মনত কেজৰীৱালে সাচ বহুৱালৈ সক্ষম হৈছে। বিজেপিৰ ভয়ৰ কাৰণো সেইটোৱে।