অমিত শ্বাহৰ আৰু এটা মাষ্টাৰ ষ্ট্ৰোক

568
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল। স্বাধীনতাৰ ৭৫তম বৰ্ষত এগৰাকী আদিবাসী মহিলা দেশৰ সাংবিধানীক মুৰব্বীৰ আসনত বহাটো আমাৰ বাবে অতিকৈ গৌৰৱৰ বিষয়। অসমৰ লগতে পশ্চিম বংগ, ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ,মধ্যপ্ৰদেশ, চত্তিছগড় আদিত প্ৰচুৰ পৰিমানে আদিবাসী লোক বাস কৰে। আজি বিজেপিয়ে এই সকল লোকক সন্মান দিলে। অবশ্যে এটা কথা ঠিক যে আদিবাসী মহিলাক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিলেই যে অহাকালিৰ পৰা সকলো আদিবাসীয়ে বিজেপিক ভোট দিব তেনে নহয়। কিন্তু ইয়াৰ পৰা এটা ধনাত্মক বাৰ্তা গ’ল। যেনেদৰে যোৱাবাৰ ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি হোৱাৰ পিছত দলিত সমাজলৈ গৈছিল। কেইবছৰ মান আগলৈকে কেবল উচ্চ বৰ্ণৰ দল বুলি জনাজাত বিজেপিয়ে এজন অবিছিক প্ৰধানমন্ত্রী, এজন দলিতক আৰু এতিয়া এগৰাকী আদিবাসী মহিলাক ৰাষ্ট্ৰপতি পাতি বুজাই দিব বিচাৰিছে যে বিজেপি সকলো হিন্দুৰে দল।

কংগ্ৰেছৰ ভুল ক’ত?

বিজেপিয়ে নিজৰ প্ৰাৰ্থী জিকাই আনিবলৈ পৰ্যাপ্ত ভোট নাছিল। এন.দি.এতকৈ বাকী সকলো দল মিলি ভোটৰ পৰিমান বেছি আছিল। কিন্তু অমিত শ্বাহৰ এটা পদক্ষেপে বিৰোধীৰ সকলো হিচাপ নিকাচ নষ্ট কৰি দিলে। সেইটো হ’ল আজিৰ দিনৰ Identity Politics. এজন আদিবাসী মহিলাক প্ৰাৰ্থীত্ব দিয়াৰ লগে লগে বিজেদি, জেএমএম আদি দলৰ কোনো বিকল্প নাথাকিল। আদিবাসী সমাজক অসন্ত্তষ্ট কৰাৰ সাহস আনকি মমতা বেনাৰ্জীৰো নাই। সেয়েহে নিজ দলৰে প্ৰাৰ্থী য়শোবন্ত সিনহাক কলিকতালৈ প্ৰচাৰৰ বাবে আহিবই নিদিলে। সিনহা নিশ্চয়কৈ এজন যোগ্য প্ৰাৰ্থী। তেওঁ বাজপেয়ী চৰকাৰৰ এজন সফল মন্ত্রী আছিল। কিন্তু কব পাৰি যে বৰ্তমান ৰাজনীতিত সেইবিলাকৰ বৰ বিশেষ মূল্য নাই। বিৰোধীয়ে যদি এজন দলিত প্ৰাৰ্থী দিলেহেতেন,তেতিয়া যুঁজখন আকৰ্ষনীয় হ’লহেতেন। বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ আঁৰৰ ব্যক্তিজনে আছিল গৃহমন্ত্রী অমিত শ্বাহ। তেখেতে পুনৰ এটা মাষ্টাৰ ষ্ট্ৰোকেৰে বিৰোধীক চেদেলি ভেদেলী কৰি দিলে। ২০২৪লৈ বিৰোধীয়ে ককাল ঠিয় যে কৰিব পাৰিব তাৰ কোনো সম্ভাবনা নাই।