দেশদ্ৰোহী সকলক চিনাক্ত কৰো আহক

570
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ছোভিয়েট ইউনিয়নৰ নিচিনা এখন শক্তিশালী ৰাষ্ট্ৰৰ পতনৰ পৰা শিকিব লগীয়া আটাইতকৈ ডাঙৰ শিক্ষাটো আছিল -বাহ্যিক মৰ্চা (External Front) ত এখন দেশ অতি শক্তিশালী হলেও যদি সেই দেশৰ আভ্যন্তৰীণ মৰ্চা (INTERNAL FRONT)
দুৰ্বল হয় তেন্তে এখন ৰাষ্ট্ৰ বৰ্তি থাকিব নোৱাৰে। এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ মৰ্চা (INTERNAL FRONT) শক্তিশালী হলেহে এখন ৰাষ্ট্ৰ শক্তিশালী হব ।

সেই সময়ত ছোভিয়েট ইউনিয়নৰ আভ্যন্তৰীণ মৰ্চা মতাদৰ্শগত আৰু মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল।সেই সময়ৰ কৃত্ৰিম ৰাষ্ট্ৰ , ছোভিয়েট ইউনিয়নৰ জনতাৰ ‘কমিউনিজম’ৰ প্ৰতি মোহভঙ্গ হৈছিল ৷ কাৰণ ৰাষ্ট্ৰযন্ত্ৰই নাগৰিক সকলৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কল্যাণ নিশ্চিত কৰিব পৰা নাছিল। এখন শক্তিশালী ৰাষ্ট্ৰ হৈ টিকি ‌থকাৰ কঠিন প্ৰত্যাহ্বানৰ ফলত আভ্যন্তৰীণ ক্ষমতাৰ তুলনাত দেশখন ভাৰসাম্যহীন হৈ পৰিছিল‌।কেৱল টেংক, বিমান, চাবমেৰিন বা উপগ্ৰহৰে নাগৰিকে জীয়াই নাথাকে।
এখন‌ দেশ শাৰীৰিক আৰু মানসিক উত্তেজনা বৃদ্ধিৰ ফলত ভাঙি যায়।ছোভিয়েট ইউনিয়নত কমিউনিজমৰ সময় শেষ হৈছিল, আৰু ঐতিহাসিক আৰু ধৰ্মীয় আৱেগবোৰ পুনৰ ঘূৰি আহিবলৈ আৰম্ভ কৰিছিল।কিন্তু ট্ৰেজেডীটো হ’ল ৰাছিয়ান ফেডাৰেচন আৰু অন্যান্য পূৰ্বৰ ছোভিয়েট ৰাষ্ট্ৰসমূহে, কমিউনিজম মতাদৰ্শ পৰিত্যাগ কৰিছে যদিও এতিয়াও একদলীয় নেতৃত্বৰ দখলত আছে। পুটিনৰ পিছত কি হ’ব ৰাছিয়াৰ এতিয়াই অনুমান কৰাটো কঠিন কিন্তু নিশ্চিতভাৱে পৰিস্থিতি সংকটজনক অৱস্থাত আছে।ছোভিয়েট ইউনিয়নৰ বিভাজনে জোকাৰি যোৱা চীনৰ নেতৃত্বই সেয়েহে বিৰোধীক কঠোৰ হাতেৰে দমন কৰে, যিটো টিয়ানমেন চ’কত হোৱা গণ হত্যাকাণ্ডত প্ৰতিফলিত হৈছিল।

হয়তো তেতিয়া চীনৰ কমিউনিষ্ট পাৰ্টিৰ জয় হৈছিল ,কিন্তু কিমান দিনলৈ ??ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া ভয় আৰু আতংকৰ ওপৰত আধাৰিত নহয়।চীনৰ আভ্যন্তৰিণ মৰ্চা চোভিয়েট ইউনিয়নৰ নিচিনা থুনুকা । পাৰ্থক্য ইমানেই কেৱল চীন‌ সমৃদ্ধিশালী ছোভিয়েট ৰাচিয়াতকৈ।তথাপিও ধনী দেশ চীনে জিনজিয়াং ,তিব্বত আৰু হংকং ক চীনৰ ৰাষ্ট্ৰীয়তাৰ লগত চামিল কৰিবলৈ সংঘৰ্ষ কৰিব লগা হৈছে। ভৌতিকবাদী ,নতুনকৈ ধনী হোৱা কমিউনিষ্ট চীনৰ এতিয়াও জিনপিংৰ মজবুত নেতৃত্বৰ প্ৰয়োজন আছে‌ আৰু সঁচা অৰ্থত একনায়কত্ববাদী শাসনৰ জৰুৰী।বৰ্তমান ভৌতিকবাদী নতুন ধনী চীনৰ ৰাজনৈতিক শুদ্ধি কৰণ প্ৰক্ৰিয়া ,ৰাষ্ট্ৰীয়তা এজন ব্যক্তি জিনপিংৰ ওপৰত নিৰ্ভৰশীল।

সমৃদ্ধিশালী USA কেৱল মহাশক্তিশালী দেশেই নহয় বৰঞ্চ লোকতন্ত্ৰৰ সকলোতকৈ ডাঙৰ প্ৰকাশস্তম্ভ ।সমৃদ্ধিশালী শক্তিশালী ৰাষ্ট্ৰ হোৱা স্বত্বেও ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া দেশখনৰ প্ৰতিকুল নহয় । আমেৰিকাৰ আভ্যন্তৰিণ স্থিতি মজবুত হোৱা হেঁতেন ৰুছিয়াই ট্ৰাম্পক ৰাষ্ট্ৰপতিৰ শাসনত বহুৱাইছিল বুলি‌ অভিযোগ উত্থাপিত নহ’ল হয়। বাইডেন জিকাৰ কিছু শ্ৰেয় চীনৰো আছে বুলি কোৱা‌ শুনা যায় ।আৰোপ আছে‌ যে চীনে মতদান প্ৰক্ৰিয়াটো প্ৰভাবিত কৰিবলৈ আমেৰিকাৰ বিৰুদ্ধে জৈৱিক যুদ্ধ
(BiologicalWarfare-BW) আৰম্ভ কৰিছিল‌ আৰু‌ তাৰ কুফল বিশ্বৰ বহু দেশলৈ বিয়পাইছিল ।যদিহে এই অভিযোগ সত্য হয় তাৰ মানে এয়াই যে আমেৰিকাৰো আভ্যন্তৰিণ মৰ্চা থুনুকা। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ আগত”ব্লেক লাইভ মেটাৰ”
আন্দোলনে দেশ খন‌ কঁপাই তুলিছিল।পৰিস্থিতি ইমানেই বিষম হৈ পৰিছিল যে ট্ৰাম্পে ভূমিগত বাঙ্কাৰত আশ্ৰয় লব লগা হৈছিল।আন্দোলনকাৰীক শান্ত কৰাবলৈ ট্ৰাম্পে হাতত বাইবেল লৈ তেওঁ লোকৰ মাজত আহি ক্ষমা খুজিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছিল । আনকি সেনাৰ হাতলৈ শাসন ব্যবস্থা গতাই দিয়াৰ কথা চিন্তা কৰা হৈছিল ,যি আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰৰ বাবে অকল্পনীয় আছিল ।নিৰ্বাচনৰ পাছত কেপিটেল হিলত দেশৰ নাগৰিকে উৎপাত কৰা দেখা গৈছিল য’ত কিছু সুৰক্ষা কৰ্মীয়ে সমৰ্থন কৰিছিল।ৰাষ্ট্ৰপতি বাইডেনৰ উদ্ঘাটন সমাৰোহত সুৰক্ষা কৰ্মী মোতায়ন কৰিবলৈ আনকি আমেৰিকাৰ প্ৰশাসনে যথেষ্ঠ কষ্ট কৰিব লগীয়া অবস্থা হৈছিল। শক্তিশালী ৰাষ্ট্ৰ হোৱা স্বত্বেও আমেৰিকাৰ আভ্যন্তৰিণ মৰ্চা কিমান কমজোৰ তাৰেই প্ৰমাণ এয়া।

ভাৰতৰ বাবে সকলোতকৈ গম্ভীৰ বিপদ আভ্যন্তৰিণ মৰ্চাক (Internal Front) লৈ হে। এই সত্যটো চিনি পাবলৈ আমাক এটা দশক লাগিল । আমি আভ্যন্তৰীণ মৰ্চাৰ পৰা উৎপন্ন হোৱা প্ৰত্যাহ্বানক বিশ্লেষণ কৰাত বিফল হৈছোঁ ,কাৰণ ইয়াৰ লগত জড়িত হৈ আছে ভয়ানক চক্ৰান্ত। দৰাচলতে যেতিয়াৰ পৰা দেশ স্বাধীন হ’ল, ভাৰতে জিহাদি চক্ৰ আৰু কমিউনিচমৰ লগত যুজিব লগীয়া হ’ল। পাকিস্তান এখন বৌদ্ধ দেশ হোৱা হেঁতেন ভাৰতে কেতিয়াও প্ৰক্সি যুদ্ধৰ সন্মুখীন হ’ব লগীয়া নহ’ল হয়। তিব্বত বৌদ্ধ দেশ হিচাপে টিকিবলৈ সমৰ্থ হোৱা হেঁতেন চীনৰ পৰা আমাৰ দেশৰ প্ৰতি কোনো ভাবুকি নাহিলে হয় । বাস্তৱত তিব্বতত কমিউনিষ্ট চীনৰ পৰা হে বিপদ আহিছে। মাওবাদ সেই বাস্তৱিকতাৰ কেৱল এক বিস্তাৰ। আমাৰ সুৰক্ষা বলে শূন্যতকৈ কম উষ্ণতাত বাহ্যিক মৰ্চাৰ বিৰুদ্ধে জিহাদবাদ আৰু কমিউনিজমৰ লগত যুজি আছে কিন্তু আভ্যন্তৰীণ মৰ্চাৰ জিহাদী‌ আৰু‌ মাওবাদীৰ লগত কোনে কেনেকৈ যুদ্ধ কৰিব ?
চৰ্দাৰ পেটেল এই আভ্যন্তৰিণ মৰ্চাৰ লগত যুদ্ধ কৰা অন্তিম গৰাকী যোদ্ধা আছিল।তেওঁ কৰা সংঘৰ্ষৰ বাবে আমি আজি ভাৰতক এনে ৰূপত পালো ।

‘INDIA FROM CURZON TO NEHRU AND AFTER ‘ – Durga Das,Rupa Publication /page no 280-281 ত উল্লেখ কৰিছে পেটেলে কি দৰে দৃহতাৰে আভ্যন্তৰীণ শত্ৰু সকলৰ ওপৰত শক্তিৰে মোকাবিলা‌ কৰিছিল। তেওঁ কিছুমান নিৰ্বাচিত বিষয়াৰ সহায়ত হায়দৰাবাদ ৰাজ্যৰ পৰা তেলেংগানাৰ কমিউনিষ্ট বিদ্ৰোহীক নিৰ্দয়ভাৱে দমন কৰিছিল।
তেওঁ পুলিচক বিদ্ৰোহী সকলক দেখা মাত্ৰেই গুলিওৱাৰ নিৰ্দেশ দিছিল ।এই‌ নিৰ্দেশ পাই প্ৰায় ১০০০ জনতকৈ‌ অধিক বিদ্ৰোহীক গুলি কৰি মাৰা হ’ল ,তাৰ ফলত চৰমপন্থী সকলৰ মনোবল ইমানেই ভাঙি পৰিল মে অস্ত্ৰ ত্যাগ কৰি তেওঁ লোকে সংবিধানিক ব্যৱস্থাৰ ওপৰত‌ আস্থা ৰাখিবলৈ বাধ্য হ’ল । তাৰা সিঙৰ নেতৃত্বত শিখ সন্ত্ৰাসবাদী সকলে এখন নতুন ৰাষ্ট্ৰৰ দাবী কৰিছিল আৰু যদি সেয়া সম্ভৱ নহয় তেন্তে এখন শিখ বহুল ৰাজ্য য’ত ধাৰ্মিক, ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰি গুৰুমুখী লিপিক পাঞ্জাবী ৰাজ্যভাষা হিচাপে ব্যৱহাৰ কৰিব লাগিব বুলি দাবী জনালে।তাৰা সিংৰ নেতৃত্বত আকালি দলে প্ৰথমে পেটেল ৰ লগত আলোচনাৰে এই দাবীৰ মীমাংসা কৰিব বিচাৰিলে । তেওঁলোকে শিখৰ বাবে কেন্দ্ৰীয় সেৱাসমূহত তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত পৃথক প্ৰতিনিধিত্ব কৰাৰ বাবে দাবী উত্থাপন কৰিলে। চৰ্দাৰ পেটেলে লগে লগে মান্তি হ’ল, কিন্তু অৰ্থপূৰ্ণভাৱে এষাৰ কথা যোগ কৰি ক’লে যে জনসংখ্যাৰ সূত্ৰটো সেনাবাহিনীৰ ক্ষেত্ৰতো প্ৰযোজ্য হব।যিহেতু সেনাবাহিনীত শিখৰ এক বৃহৎ অংশ আছিল, তাৰা সিঙে ইয়াৰ প্ৰভাৱ বেয়া হ’ব জানি নিজৰ দাবী প্ৰত্যাহাৰ কৰে। পিছলৈ‌ তাৰা সিঙে আকালি দলক এক প্ৰমুখ ‌ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এক লাখ সমৰ্থকেৰে এখন‌ পৃথক ৰাষ্ট্ৰৰ দাবীত দিল্লীত বিক্ষোভ প্ৰদৰ্শনৰ‌ আয়োজন কৰে ।
কিন্তু পেটেলে ভয় নাখালে ।দিল্লী পোৱাৰ আগতেই পেটেলে তাৰা সিঙক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে ।প্ৰদৰ্শনকাৰী সকলে অনা গাড়ী আৰু ট্ৰেন বিলাক ৰাস্তাতে বন্ধ কৰিলে আৰু প্ৰদৰ্শনকাৰীক খোৱা বোৱাৰ বাবে আয়োজন কৰা শিৱিৰ সমূহ ধ্বংস কৰিবলৈ আদেশ দিলে ।এনে কৰাত তাৰা সিং আৰু তেওঁৰ সহযোগী সকলে ভাবিবলৈ বাধ্য হ’ল যে তেওঁলোকে লৌহ পুৰুষ পেটেলক ভয় বা ব্লেকমেল কৰি লাভ নাই।তাৰা সিঙে অৱশেষত দিল্লীত বিক্ষোভ প্ৰদৰ্শনৰ আয়োজন স্থগিত ৰাখিবলৈ বাধ্য হ’ল।
পেটেলে তাৰা‌ সিঙৰ প্ৰত্যাহ্বানৰ শক্তিৰে মোকাবিলা কৰিবলৈ চোৰাংচোৱা নিয়োগ কৰি আকালি দলৰ ভিতৰৰ খবৰ লাভ কৰিলে ।ৰক্ষা মন্ত্ৰী বলদেৱ সিঙৰ সহযোগত বিক্ষোভ কাৰী সকলৰ মাজত এজনক আনজনৰ বিৰুদ্ধে সন্দেহ বঢ়াই তুলিলে।তেলেংগানা ৰ কমিউনিষ্ট শক্তিক দমন কৰা উদাহৰণে এই ক্ষেত্ৰত পেটেলক বহুত সহায় কৰিছিল।পেটেলে আজমেৰৰ দক্ষ প্ৰশাসনিক বিষয়া শংকৰ প্ৰসাদক দিল্লীৰ চীফ কমিছনাৰ হিচাপে নিযুক্ত কৰে । শংকৰ প্ৰসাদৰ কানুন আৰু আইন ব্যৱস্থা চম্ভালিব পৰাকৈ বিশেষ দক্ষতা আছিল ।

পেটেলে যি বোৰ শক্তিৰ বিৰুদ্ধে তেতিয়া যুজিব লগীয়া হৈছিল ,সেই‌সকলে আজিও ভাৰতৰ অখণ্ডতাৰ বাবে এক বৃহত প্ৰত্যাহ্বান । পাকিস্তান এক জিহাদি প্ৰজেক্টৰ ফলাফল আছিল কিন্তু সেই প্ৰজেক্টৰ আজিও অন্ত হোৱা নাই আৰু তীব্ৰ ৰূপ ধাৰণ কৰিছে । এতিয়াও দেশক ইচলামিকৰণৰ প্ৰচেষ্টা অহৰহে চলি আহিছে । ৰাষ্ট্ৰবাদেহে এনে ধৰণৰ প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰবাদৰ উত্থানে সেয়েহে সেইসকলৰ বাবে ত্ৰাসৰ সৃষ্টি কৰিছে। তেওঁলোকৰ ইছলামী ৰাষ্ট্ৰবাদ (উম্মা) আৰু ভাৰতীয় ৰাষ্ট্ৰবাদৰ মাজত আজি সংঘৰ্ষ সৃষ্টি হৈছে অৰ্থাৎ প্ৰতিদ্বন্দী হিচাপে থিয় দিছে। একেই কথা পাকিস্তান আৰু চীনৰ ক্ষেত্ৰত প্ৰযোজ্য ।তহৰীক-এ-তালিবান ,
পাকিস্তান (TTP) আৰু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া , (PFI) এই প্ৰতিদ্বন্দিতাৰ ফলত সৃষ্টি হোৱা উৎপাদনৰ অংশ।অধিকাংশ কমিউনিষ্ট ৰ বাবে ভাৰতীয় ৰাষ্ট্ৰবাদ কমিউনিজমতকৈ কম মহত্ত্বৰ ।সেয়েহে ১৯৬২ চনত ভাৰত চীন যুদ্ধৰ সময়ত বহুসংখ্যক ‌কমিউনিষ্টে চীনক সমৰ্থন কৰিছিল।জিহাদিবাদ আৰু কমিউনিজমৰ পিছত ভাৰতত এক নতুন সমস্যা “টুকৰে টুকৰে গেং “ৰ আবিৰ্ভাৱে নিজৰ স্থিতি সৱল কৰিবলৈ অহৰহ চেষ্টা চলোৱা দেখা গৈছে ।

চৰ্দাৰ পেটেলে যি প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল সেয়া আজিও বিদ্যমান । বুদ্ধিজীৱীৰ আৰ লৈ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে এতিয়াও ভাৰত বিৰোধী গতিবিধি‌ আগবঢ়াই গৈ‌ আছে ।সিহঁতে শিক্ষা , ৰাজনীতি , ন্যায় পালিকাৰ‌ মাজত এক বিশাল “ইকচিষ্টেম’ (পৰিস্থিতিকী তন্ত্ৰ)গঢ়ি তুলিছে ।আৰু সেনা বাহিনীত নিজৰ মানুহ সোমোৱাবলৈ চেষ্টা কৰা দেখা গৈছে ।

অতীতৰ সাধাৰণ জ্ঞান আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰবাদে গঢ় লৈ উঠে। জেহাদিবাদ আৰু মাওবাদ
দুটা ডাঙৰ বিধ্বংসী ধুমুহা। তেনে শক্তিক মতাদৰ্শগত আৰু শাৰীৰিক দুয়োটা স্তৰতে কঠোৰ হাতেৰে দমন কৰিব লাগিব।