ভেষছনধাৰী ভাষাপ্ৰেমী

554
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


যোৱা দুটা দশকত অসমৰ নগৰে চহৰে হাজাৰ হাজাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা হল ! লাখে লাখে ভাষাপ্ৰেমীৰ লৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত চৰম গৌৰৱেৰে শিক্ষা লাভ কৰিলে! নাই কাৰো তাত আপত্তি নাছিল, কোনেও এবাৰলৈ নিচিঞৰিলে অসমীয়া মাধ্যমৰ স্কুলৰ মৃত্যু ঘন্টা বজোৱা ইংৰাজী মাধ্যমৰ স্কুল সমুহ বন্ধ কৰি দিয়া হঁওক!

নিচিঞৰিলে কাৰণ চিঞৰিলে নিজৰ স্বাৰ্থত আঘাট হানিব! গতিকে দোপতদোপে ইংৰাজী মাধ্যমৰ জয়যাত্ৰা চলি গল! কোনেও প্ৰশ্ন নকৰিলে ইংৰাজী মাধ্যমতকৈ মাতৃভাষাত পঢ়িলেহে লৰা ছোৱালীৰ শিক্ষাত কিবা প্ৰভাৱ পৰে নেকি? কাৰো চিন্তা নহল, তেনেকৈ এদিন অসমীয়া ভাষা এলাগী হৈ পৰিবগৈ নেকি বুলি!

কিন্তু আজি যেতিয়া চৰকাৰে চৰকাৰী বিদ্যালয়ত ইংৰাজীত দুটামান বিষয় পঢ়োৱাৰ কথা কলে, হঠাৎ ভাষা প্ৰেমীসকল চিৰজাগ্ৰত প্ৰহৰী হৈ পৰিল! চৰ্ট টাৰ্ম মেমৰি লচৰ দৰে হঠাৎ মনত পৰি গল, আৰে অসমীয়া ভাষা ৰক্ষা কৰিব লাগিব, কিন্তু এই ভাষা ৰক্ষা কৰিব লাগিব অৰ্থনৈতিক ভাবে দুৰ্বল সকলে যিবোৰে নামী দামী ইংৰাজী মাধ্যমৰ স্কুলত নিজৰ সন্তানক পঢ়োৱাব নোৱাৰে!

এইসকলে কিন্তু প্ৰতিজ্ঞা নকৰে তেঁওলোকৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক কাইলৈয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা আতৰাই অসমীয়া মাধ্যমত পঢ়াব বুলি! এইখিনিতে মনত পৰিছে, অসম উত্তাল কৰি তোলা অসমৰ কোনো বুদ্ধিজীৱিৰ ঘৰত (এজনৰ বাহিৰে) কিন্তু আজিলৈ ছহিদৰ জন্ম হোৱা নাই! কথাবোৰ তেনেকুৱাই অসমত!! ভাষা ৰক্ষাৰ ঠিকাও সেইদৰে গটাই থৈছে সমাজৰ দুৰ্বল বৰ্গৰ ওপৰত নিজৰ সন্তানৰ ওপৰত নহয়!