প্ৰচাৰৰ মহানায়ক হিমন্ত বিশ্ব

3616

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


প্ৰথমতে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচন, তাৰ পিছত ২০১৮ৰ পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰ ২০১৯ৰ লোকসভাৰ নিৰ্বাচন। এই তিনিটা নিৰ্বাচনৰে আকৰ্ষনৰ কেন্দ্ৰবিন্দু ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰৰ ক্ষেত্রত সকলো দায়িত্ব প্ৰায় অকলে নিজৰ কান্ধত লৈ নিজৰ দলক জয়ী কৰাবলৈ সক্ষম হৈছিল ২০১৬ আৰু ২০‍১৮ ত। ২০১৯টো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। দৈনিক ৪-৫ খনকৈ সভা ১০-২০ কিলোমিটাৰ পদযাত্রা কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰৰ অভিলেখ স্হাপন কৰিলে। ভাৰতৰ আন কোনো নেতাই ডঃ শৰ্মাতকৈ বেছি পদযাত্রা কৰিব পাৰিছে বুলি আমাৰ মনে নধৰে। ডঃ শৰ্মাৰ পদযাত্রা আৰু সভা বিলাকত কেবল মানুহ আৰু মানুহ।
মানুহৰ pulse  বুজি পোৱা শৰ্মাই এইবাৰ কৌশলেৰে নিৰ্বাচনী প্ৰচাৰত নৃত্যৰো সমাহাৰ ঘটাইছে। ইয়াৰ ফলত দলৰ কৰ্মকৰ্তা সকলৰ মাজত উৎসাহ দুগুনে বৃদ্ধি পালে আৰু বিৰোধী দল একপ্ৰকাৰ ধৰাশায়ী হৈ পৰে। কংগ্ৰেছত থকা সময়তো ডঃ শৰ্মাই দলৰ বিজয়ৰ ক্ষেত্রত যঠেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু এনে লাগিছে যেন বিজেপিত তেখেতে সুবিধা বেছি পাইছে। কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত ভাল সম্পৰ্কৰ সুবাদতে শৰ্মাৰ গুৰুত্ব বৃদ্ধি পাইছে। আনকি ৰাষ্ট্ৰীয় সভাপতিয়ে শৰ্মাক টিকট নিদিয়াৰ কাৰণ টুইটাৰৰ যোগেদি ৰাইজক ব্যাখ্যা কৰিব লগীয়া হৈছে। নিৰ্বাচনী প্ৰচাৰত ডঃ শৰ্মাৰ পিছতে থাকে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। সোণোৱালে বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে কাৰ্বি অাংলংটো নিৰ্বাচনী প্ৰচাৰ চলায়। সোণোৱালৰ সভাবিলাকতো ৰাইজৰ উপস্হিতি আছিল সৰহ যদিও হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য আৰু গৰম ডাইল’গৰ সন্মুখত সোণোৱালৰ প্ৰচাৰে সংবাদ মাধ্যমৰ সিমান গুৰুত্ব নাপালে।
বিজেপিৰ তুলনাত কংগ্ৰেছৰ প্ৰচাৰ আছিল সেমেকা। অসমৰ  নেতাৰ ভিতৰত ১ নম্বৰত থাকে তৰুণ গগৈ। তেখেতো ব্যস্ত থাকে বেছিভাগ সময় নিজৰ পুত্রৰ সমষ্টিত। ৰিপুণ বৰাই চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে। নিজৰ ভাষনেৰে ৰাইজক মোহাচন্ন কৰিব পৰা গুণ তৰুণ গগৈৰ বাহিৰে আন কোনো অসমৰ কংগ্ৰেছৰ নেতাৰ নাই বুলি কলেও ভুল কোৱা ন’হব। কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্রী সুস্মিতা দেৱক জয়ী কৰাবলৈ অসমত পদাৰ্পণ কৰিবলগীয়া হ’ল  প্ৰিয়ংকা গান্ধী ।
মুঠৰ ওপৰত ক’ব গ’লে নিৰ্বাচনী বতৰত বিজেপিৰ বাবে মহানায়কত পৰিনত হ’ল ডঃ শৰ্মা।অসমত বিজেপিয়ে পালে ৯ খন আসন, বিধানসভাৰ বাবে শৰ্মাৰ টাৰ্গেত ১০০ খন আসন। কংগ্ৰেছে যদি ২০২১ত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ লগত ফেৰ মাৰিব বিচাৰে তেন্তে এতিয়াৰ পৰাই তেওঁলোকে পৰিকল্পনা আৰম্ভ কৰিব লাগিব।