সপ্তদশ লোকসভাত অপৰাধীৰ দপদপনি ?

2196

■ প্ৰফুল্ল কলিতা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


– “যদিহে সংসদলৈ নিৰ্বাচিত জনপ্ৰতিনিধিসকল চৰিত্ৰৱান , সমৰ্থৱান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি দায়িত্বশীল হয় , তেন্তে এখন দুৰ্বল সংবিধান থাকিলেও সংসদে দেশসেৱাৰ প্ৰতি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব পাৰিব।’’ – স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ ।
 [ এক ]
বাল্মিকী সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ন মহাকাব্যৰ স্ৰষ্টা ।  তেওঁক ‘আদিকবি’ বুলিও জনা যায়। জীৱনৰ আগৰ কালচোৱাত বাল্মিকী আছিল এজন দস্যু আৰু ব্যাধ । তেওঁ ঘণ জংঘলৰ  মাজত জীৱ জন্তু , মানুহ নিধন কৰিছিল বুলি জনা যায় । জীৱন নিৰ্বাহৰ বাবে বাটৰুৱাক লুট-পাট  কৰিছিল। এদিন  নাৰদক লগ পোৱাত , নাৰদ মুণিয়ে- তেওঁ কৰা পাপৰ ভাগ পৰিয়ালে ল’ব নে নলয় তাক প্ৰশ্ন কৰে ?  নাৰদে তেওঁক এনেদৰে কেইটিমান প্ৰশ্নৰে জীৱনৰ সঠিক পথ নিদৰ্শন কৰায় । পাছত নাৰদৰ কথা মতে তেওঁ বহু বছৰ ধৰি কঠোৰ ধ্যান কৰে আৰু সাধনাত সিদ্ধিলাভ কৰাৰ পাছত নাৰদে তেওঁক ব্ৰাহ্মণত্ব প্ৰদান কৰি বাল্মিকীলৈ পৰিবৰ্তন কৰায় । উল্লেখ্য যে – এদিন বাল্মিকী তেওঁৰ প্ৰিয় শিষ্য ভৰদ্বাজৰ সৈতে গংগাত প্ৰাতঃস্নান কৰিবলৈ গৈছিল। বাটত তেওঁলোকে তমস নামৰ সৰু নদী এখন পায়। মনোমোহা  নদীখনত তেওঁলোকে এহাল প্ৰেমত মগন কৰ্চন পখীক দেখা পাই মন্ত্ৰমুগ্ধ হৈ পৰে। তেনেতে এজন ব্যাধে মতা কৰ্চনটোক   ধণুকাড়েৰে হত্যা কৰে আৰু মাইকী চৰাই জনীয়ে সেইদুখতে নিজেও  প্ৰাণত্যাগ কৰে। এই ঘটনাত ব্যথিত হৈ পৰা বাল্মিকীৰ মূখৰ পৰা স্বতঃস্ফুট ভাবে  এটি সংস্কৃত শ্লোক   ক্ৰোধ, শোক আৰু বেদনাত বাল্মিকীৰ মূখৰ পৰা সেইমূহুৰ্তত নিজে নিজে উচ্চাৰিত হয়  –‘মা নিষাদ প্ৰতিষ্ঠং ত্বমগম শাশ্বতী শমা …. ।‘   শ্লোকটোৰ  অৰ্থ আছিল এনেধৰণৰ – ‘হে ব্যাধ, তোমাৰ জীৱনত কেতিয়াও শান্তি লাভ নহয়, কাৰণ  তুমি প্ৰেমমোহিত হৈ থকা অৱস্থাত এটা কৰ্চনক হত্যা কৰিলা’ । সেই বাক্যশাৰীকে পৃথিৱীত  সংস্কৃতৰ প্ৰথম কবিতা বুলি জনা যায়। পিছত বাল্মিকীয়ে ব্ৰহ্মাৰ আশীৰ্বাদ লৈ, এই শ্লোকটোৰ আধাৰতেই সম্পূৰ্ণ ৰামায়ন লিখি উলিয়াই। এইবাবেই এই শ্লোকটোক হিন্দু ধৰ্মৰ প্ৰথম শ্লোক আৰু ৰামায়নক প্ৰথম মহাকাব্য বুলি মান্যতা দিয়া হয়। এনেদৰে বাল্মিকীয়ে ‘আদিকবি’ নামো লাভ কৰে। ৰাম–সীতাৰ পুত্ৰ ‘লৱ’ আৰু ‘কুশ’ই আছিল বাল্মিকীৰ প্ৰথম শিষ্য, যাক তেওঁ ৰামায়নৰ শিক্ষা প্ৰদান কৰিছিল আৰু ৰামায়ণৰ সৃষ্টিত সিদ্ধি লাভ কৰিছিল ।  তেতিয়াৰে পৰা তেনেদৰে ভাৰতীয় ইতিহাসত বাল্মিকীৰ উদাহৰণেৰে এষাৰ কথা শিলৰ ৰেখাৰ দৰে সন্নিবিষ্ট হৈ পৰিল –  ‘ৰত্নাকৰ বাল্মিকী হ’ব পাৰে’ ; হোৱাতো  সম্ভৱ । আনকি এই অপ্তবাক্য শাৰী নজহা – নপমা ৰূপত সংযোজিত হ’ল ভাৰতীয় ৰাজনীতিতো ।
[ দুই ]
ব্যাপক জল্পনা কল্পনাৰ অন্তত দেশৰ  সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ অন্ত পৰিল ; অন্ত পৰিল ফলাফলৰ বাবে অধীৰ আগ্ৰহৰ ।  নিৰ্বাচনক লৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা এক  চৰ্চাৰ বিষয় হৈছে এইবাৰৰ নিৰ্বাচনত ধনাঢ্য মহা প্ৰতাপী প্ৰাৰ্থীৰ জয়- পৰাজয়ৰ অলেখ লেখ ।  লগতে এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা একাংশ অপৰাধী সাংসদৰ সংসদ যাত্ৰা । উল্লেখ্য  অসমৰ ১৪টা লোকসভাৰ সমষ্টিত এইবাৰ মুঠ ১৪৫ গৰাকীৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।  গুৰুত্বপূৰ্ণ কথাটো হৈছে ১৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ ধনৱন্ত হিচাপে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছিল ক্ৰমে বদৰুদ্দিন আজমল , কুইন ওজা আৰু জোনমণি দেৱী । অথচ এই  তিনিওগৰাকীৰ প্ৰাৰ্থীৰ মাজৰে এগৰাকীয়ে পৰাজয় বৰণ কৰিবলগীয়াত পৰে ।  ধনৱন্তৰ ফালৰপৰা প্ৰথম স্থানত থকা প্ৰাৰ্থী গৰাকীয়ে প্ৰতিদন্দিতা কৰিছিল ধুবুৰী সমষ্টিত , এ আই ইউ ডি এফৰ হৈ । তেৱে হৈছে  মৌলানা বদৰুদ্দিন আজমল ।  নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তি হৈছে ৭৮ কোটি ৮০ লাখ টকা। একেদৰে অসমৰ কোটিপতিৰ তালিকাৰ দ্বিতীত স্থানত আছিল গুৱাহাটী  লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজা। মনোনয়ন-পত্ৰৰ লগত প্ৰাৰ্থীগৰাকীয়ে দিয়া তথ্য অনুসৰি তেওঁৰ মুঠ সম্প্ৰতি হৈছে ৬৩ কোটি ২ লাখ টকা। ঠিক একেদৰে  কোটিপতিৰ তালিকাত তৃতীয় স্থান দখল কৰা প্ৰাৰ্থী গৰাকীৰ আছিল গুৱাহাটীৰ লোকসভা সমষ্টিৰ নিৰ্দলীয়া প্ৰাৰ্থী তথা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ড। প্ৰাৰ্থী গৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৪ কোটি ৪২ লাখ টকা। মনকৰিবলগীয়া বিষয়টো হৈছে এওঁবিলাকৰ তিনিওগৰাকীৰ মাজৰে দুগৰাকীক জনতা জনৰ্দনে সাংসদ হিচাবে নিৰ্বাচিত কৰে  যদিও , তৃতীয়গৰাকী ধনাঢ্য প্ৰাৰ্থী পৰাজয় বৰণ কৰিবলগীয়াত পৰে ।
    কেৱল মাত্ৰ ধনেৰেই যে  নিৰ্বাচনত জয়ী হ’ব নোৱাৰি   সেইকথা প্ৰতিপন্ন কৰিছে সমগ্ৰ দেশৰ একাংশ পৰাজিত প্ৰতিনিধিয়ে । বিভিন্ন সূত্ৰত ইতিমধ্যে সেই তথ্য বিস্তৃত ৰূপত প্ৰকাশ পাইছে ।  উল্লেখ্য ভাৰতবৰ্ষৰ ভিতৰতে সবাটোকৈ ধনবন্ত প্ৰাৰ্থীগৰাকীও এইবাৰৰ নিৰ্বাচনত পৰাজিত হ’ল । প্ৰাৰ্থীগৰাকীৰ নাম ৰমেশ কুমাৰ শৰ্মা । শৰ্মাই এই নিৰ্বাচনত লাভ কৰে মাথো ১,৫৫৬ টা ভোট । তেওঁ বিহাৰৰ পাটলিপুত্ৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰিছিল । আনকি তেওঁ হেৰুৱাব লগাত পৰে আমানতৰ ধন । মনোনয়ন পত্ৰৰ সতে দাখিল কৰা তেওঁৰ সম্পত্তিৰ হিচাপ মতে – ৰমেশ কুমাৰৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ১,১০৭ কৌটি টকা । এনেদৰে দেশৰ সবাতোকৈ ধনী ১০ গৰাকী প্ৰাৰ্থীৰ পাঁচগৰাকীয়েই পৰাজয়ৰ মুখ দেখিছে আৰু পাঁচগৰাকী বিজয়ী হৈছে । এওঁবিলাকৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ আছে তিনিজন , মধ্যপ্ৰদেশ আৰু বিহাৰৰ ক্ৰমে দুজনকৈ আৰু তামিলনাডু , কৰ্ণাটক টেলেংগানাৰ একোজনকৈ প্ৰাৰ্থী আছে । আটাইতকৈ ধনী প্ৰাৰ্থীৰ তালিকাত  দুই নম্বৰত থকা কংগ্ৰেছৰ কে ভি ৰেড্ডী পৰাজিত হৈছে । তেলেংগানাৰ চিভেলাৰ পৰা প্ৰতিদ্বন্দিতা কৰা এইগৰাকী ধনাঢ্য প্ৰাৰ্থীয়ে ১৪,৩১৭ টা ভোটৰ ব্যৱধানত পৰাজিত হ’ব লগীয়াত পৰে । প্ৰণিধানযোগ্য যে ৮৯৫ কোটিৰ সম্পত্তিৰ গৰাকী তেওঁ । অৱশ্যে তৃতীয় স্থানত থকা প্ৰাৰ্থী কংগ্ৰেছৰ নকুল নাথ মধ্যপ্ৰদেশৰ চিত্তৱাৰা সমষ্টিৰ পৰা জয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় । তেওঁৰ সম্পত্তিৰ মূল্য হৈছে – ৬৬০ কৌটি । চতুৰ্থ ধনবন্ত প্ৰাৰ্থী গৰাকীও আছিল কংগ্ৰেছৰ পৰা । নাম তেওঁৰ বসন্ত কুমাৰ । সম্পত্তি ৪১৭ কোটি । কুমাৰে বিজেপি প্ৰাৰ্থীক এইবাৰৰ লোকসভা নিৰ্বাচনত হৰুৱাবলৈ সক্ষম হৈছে । চকু কপালত উঠিবলগীয়া বিষয়টো হৈছিল কংগ্ৰেছৰ জ্যোতিৰাদিত্য সিন্ধিয়া , যিগৰাকী নেতা দেশৰ লোকসভা নিৰ্বাচনত যোগদান কৰা প্ৰাৰ্থীসকলৰ ভিতৰতে পঞ্চম ধনাঢ্য ব্যক্তি । যাক অভিহিত কৰা হয় ৰাজপুত্ৰ বুলি । তেওঁ ১,২৫,৫৪৯ ভোটৰ ব্যৱধানত পৰাস্ত হ’বলগীয়া হয় । তেওঁৰ সম্পত্তিৰ তালিকাত সন্নবিষ্ট হৈছিল ৩৭৪ কোটি টকা মূল্য । ষষ্ঠ ধনী প্ৰাৰ্থী আছিল পি ভি পটলুৰি । পটলুৰিয়ে ৱাই এছ আৰ পাৰ্টিৰ পৰা নিৰ্বাচন খেলিও হাৰিবলগীয়াত পৰে । সপ্তমত থকা নেতাগৰাকী আছিল বিহাৰৰ উদয় সিং । বিহাৰৰ পূৰ্ণিয়া সমষ্টিত ২,৬৩,৪৯১ টা ভোটৰ ব্যৱধানত পৰাস্ত হ’ব লগীয়াত পৰে । আকৌ অষ্টম স্থানত থকা কংগ্ৰেছৰ ডি কে সুৰেশ কৰ্ণাটকৰ বেংগালুৰু ( গ্ৰাম্য ) ৰ পৰা জয়ী হ’বলৈ সক্ষম হয় । ইফালে নৱম ধনাঢ্য প্ৰাৰ্থী কে আৰ কৃষ্ণ ৰাজ উঠিছিল অন্ধ্ৰৰ নাশপুৰমৰ পৰা । আৰু তেওঁৰ নিকটতম প্ৰতিদন্দী গৰাকীতকৈ ৩১,৯০৯ টা ভোট অধিক লাভ কৰি বিজয়ী হয় ।  গণ্টুৰ সমষ্টিৰ জয়দেৱ গলা আছিল এইবাৰৰ লোকসভা নিৰ্বাচনৰ ধনাঢ্য প্ৰাৰ্থীৰ তালিকাখনৰ দশম স্থানৰ ব্যক্তি । তেওঁৰ ঘোষিত সম্পত্তিৰ তালিকাত আছিল  ৩০৫ কোটি । তেওঁ তেওঁৰ নিকটতম প্ৰতিদন্দী গৰাকীতকৈ  মাথো ৪,২০৫ টা  অধিক ভোট লাভ কৰি বিজয়ী হ’য় ।
[ তিনি ]
আচ্যৰ্যকৰ বিষয়টো এয়ে যে-  বিভিন্ন অভিযোগত অভিযুক্ত –  হত্যা , বলৎকাৰ , অপহৰণকে আৰম্ভ কৰি বোমা বিষ্ফোৰণ তথা কুটাঘাতমূলক কাৰ্যত লিপ্ত ;  সন্ত্ৰাসবাদ , ৰাষ্ট্ৰদোহৰ দৰে অপৰাধত অভিযুক্ত একাংশয়ো এইবাৰৰ লোকসভা নিৰ্বাচনত বিজয়ী হ’বলৈ সক্ষম হৈছে । ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ পৱিত্ৰ সংসদৰ সদস্য হ’বলৈ যেন এতিয়া উচ্ছ শিক্ষা , সংস্কৃতিবান গুণী- জ্ঞানী ব্যক্তিৰ প্ৰয়োজনীয়তাতকৈ ধনবল , বাহুবলেৰে ঐশ্চৰ্যশালী , গুৰুতৰ অপৰাধত অপৰাধী বা ভ্ৰষ্টাচাৰী  যোগ্যতাৰ মাপকাঠী । এই চামৰ বাবে  সোণৰ কণী পৰা হাঁহৰ বিচৰণ থলী ? ফলত তেনে অভিযুক্তক জনপ্ৰতিনিধিৰ ৰূপত নিৰ্বাচিত কৰাত আগভাগ লোৱা কাৰ্য গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি স্বৰূপ ৰূপে দেখা দিছে ! এইবাৰৰ অৰ্থাৎ সপ্তদশ লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৫৩৯ ( ৩গৰাকীৰ শপতনামাৰ তথ্য লাভ কৰা হোৱা নাই )  গৰাকী সাংসদৰ ভিতৰত ২৩৩ গৰাকী সাংসদৰ বিৰুদ্ধে আছে অসংখ্য অপৰাধ জনিত গোচৰ । এই অপৰাধজনিত গোচৰ থকা,  নিৰ্বাচিত জনপ্ৰতিনিধিৰ সংখ্যা হৈছেগৈ ৪৩ শতাংশ । যিটো ২০১৪ ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰা সাংসদতকৈ ১০শতাংশ অধিক । নৱ নিৰ্বাচিত সাংসদ সকলৰ ভিতৰৰে ১৫৯ গৰাকীৰ বিৰূদ্ধে আছে বলৎকাৰ, হত্যা , হত্যাৰ অপচেষ্টা , অপহৰণ , মহিলাৰ বিৰূদ্ধে দুস্কাৰ্যকে ধৰি গুৰুতৰ অপৰাধজনিত গোচৰ । সবাটোকৈ আশ্চৰ্যজনক কথাটো হৈছে এইবাৰৰ বিজয়ী জনপ্ৰতিনিধি সাংসদ ১০ গৰাকী ইতিমধ্যে অপৰাধজনিত গোচৰত দোষী সাব্যস্ত হৈ কাৰাবাস খাটিবলগীয়াত পৰিছিল । কেৰেলাৰ ইদুক্কি সমষ্টিৰ পৰা নিৰ্বাচিত কংগ্ৰেছৰ সাংসদ ডীন কুৰিয়াস্কেৰ বিৰুদ্ধে আছে সবাটোকৈ অধিক ২০৪টাকৈ অপৰাধজনিত  গোচৰ । উল্লেখ্য বিজেপিৰ সৰ্বাধিক ১১৬ গৰাকী সাংসদ অপৰাধজনিত গোচৰত সাঙোৰ খোৱাৰ বিপৰীতে কংগ্ৰেছৰ ২৯ গৰাকী , ১০ গৰাকী ডি এম কেৰ , তৃণমূল কংগ্ৰেছৰ ৯ গৰাকী , আৰু জে ডি (ইউ) ৰ ১৩ গৰাকী নৱ নিৰ্বাচিত সাংসদৰ বিৰূদ্ধে আছে অপৰাধজনিত গোচৰ । স্মৰ্তব্য অসমৰ কোকাৰাঝাৰ সমষ্টি আৰু কাৰ্বি আংলং সমষ্টিৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধি ক্ৰমে নিৰ্দলীয়া সাংসদ  নৱ শৰণীয়া আৰু বিজেপিৰ  সাংসদ হৰেন সিং বে’ কে ধৰি ১১গৰাকী সাংসদৰ বিৰূদ্ধে আছে হত্যা, অপহৰণ , লুণ্ঠনৰ দৰে গুৰুতৰ অভিযোগ । সৰ্বতোপৰি এইবাৰৰ সপ্তদশ লোকসভাৰ সদস্য ,  ৩০ সাংসদৰ বিৰূদ্ধে আছে হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ ;  ১৯ সাংসদৰ বিৰূদ্ধে আছে মহিলাৰ বিৰূদ্ধে অপৰাধজনিত গোচৰ । এই সৰ্বশ্চ কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে – এছ’চিয়েশ্বন অৱ ডেম’ক্ৰেটিকছ ৰিফমছ আৰু নেশ্বনেল ইলেকশ্চন ৱাটছে । ফলস্বৰূপে এতিয়া সৰ্বত্ৰে ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি সাধাৰণ জনগণৰ উদ্বিগ্নতা প্ৰকাশ পাইছে । বিশেষতঃ ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতাবোৰে সৰ্বসাধাৰণ ৰাইজক ভবাই তুলিছে । দুখীয়া- নিচলাৰ মানুহৰ  জনপ্ৰতিনিধি হোৱাৰ সপোন  সুদূৰ পৰাহত যেন অনুভৱ হৈছে । বিশাল ধনৰ গৰাকী  নহ’লে , অথবা অপৰাধ প্ৰবনতাই স্পৰ্শ নকৰা প্ৰাৰ্থীৰ সপোন ধূলিস্যাৎ হৈ পৰিছে দেশৰ গণতন্ত্ৰৰ প্ৰধান দ্বাৰ লোকসভা , ৰাজ্যসভা কিম্বা বিধান মণ্ডল প্ৰবেশত  ।  বুমেৰাং হৈ পৰিছে সৰ্বসাধাৰণ মানুহ জনপ্ৰতিনিধি হিচাবে   ইপ্চিত লক্ষ্যত উপবিস্ত হোৱাত । আনকি   সাধাৰণ নাগৰিকে আজি জনপ্ৰতিনিধিৰ ৰূপত থিয় হ’বলৈ সাহসকণো হেৰুৱাই পেলোৱা যেন অনুমান হৈছে । যিহেতু প্ৰাৰ্থী কৌটিপতি নহ’লে নিৰ্বাচনত জয়লাভ কৰাটো একপ্ৰকাৰ অসম্ভৱ প্ৰায় বুলি এক বদ্ধমূল ধাৰণাই খোপনি পুতিছে ।  প্ৰাৰ্থী ধনাঢ্য , বাহুৱলী বা অপৰাধৰ সতে উঠা বহা নকৰিলে বৰ্তমানৰ  ৰাজনীতত অচল টকা হেন হৈ পৰিছে । চিন্তনীয় বিষয় এইবাৰৰ সপ্তদশ লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৫৪২ গৰাকী সাংসদৰ ভিতৰত  ৪৭৫ গৰাকী সাংসদে হৈছে কৌটিপতি  । সেয়া শতাংশ হিচাবত ৮৮ শতাংশ । এই কৌটিপতি সাংসদৰ ভিতৰত আছে বিজেপি দলৰ ২৬৫ গৰাকী ; ৪৩ গৰাকী কংগ্ৰেছৰ ; ডি এম কে দলৰ ২২ গৰাকী ; ২০ গৰাকী তৃণমূল কংগ্ৰেছৰ ; ১৯ গৰাকী ৱাই এছ আৰ চি পি দলৰ আৰু এছ এইচ এছ দলৰ আছে ১৮ গৰাকী …. ।
এতিয়া ভাৰতীয় ( জনগণ ) ভোটাৰ ৰাইজৰ মাজত সৰ্বাধিক চৰ্চা লাভ কৰা বিষয়টোৱে হৈছে – নৱ নিৰ্বাচিত ধনবন্ত তথা অপৰাধৰ সতে অভিযুক্ত সাংসদসকল ৰত্নাকৰ সদৃশ ধ্যানধাৰণাৰ পৰা মুক্তহৈ  বাল্মিকী হ’ব নোৱাৰিবনে ? যিয়ে   বুজি উঠিব কৰ্চন পখীৰ দৰে সাধাৰণ মানুহৰ দুৰ্বিসহ জীৱন যন্ত্ৰণা ।   ■■ ◆ ■■