আশীৰ দশকৰ পৰা আৰম্ভ হোৱা মেধাবী যুবকৰ আত্ম বলিদানৰ সুযোগ গ্ৰহণ কৰি প্ৰায় তিনি- চাৰিটা দশক ধৰি একাংশ বুদ্ধিজীৱীয়ে নিজৰ সা – সম্পত্তি বৃদ্ধি কৰিলে আৰু নিজৰ নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰালে ।
বিপ্লৱ বা আন্দোলনৰ লগত জড়িত এচামে তেজ দিয়ে আৰু এচামে প্ৰৰোচনা কৰে । প্ৰৰোচক সকলে প্ৰতিটো দশকত ডিঙিত গামোচা লৈ থাকে ; আৰু যিসকল ঘৰ এৰি গৈছিল তেওঁলোকৰ বহুতৰ প্ৰাণহীন দেহ শুই থাকে গামোচাৰ তলত ।
সততে দেখি থকা ছবি এখন হৈছে __ত্ৰিশ – চল্লিশ বছৰ বয়সৰ ডেকা আন্দোলনকাৰীৰ লগত একেলগে বহি থাকে সত্তৰ -বাসত্তৰ বছৰ বয়সৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ কিছুমান , বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বা বয়সীয়াল বিশিষ্ট ব্যক্তি কিছুমান । আজিৰ বুদ্ধিজীৱীৰ পুত্ৰই সশস্ত্ৰ সংগ্ৰামটো দুৰৰেই কথা , ছাত্ৰ সন্থাৰ আন্দোলনত ভাগ লৈ পুলিচৰ লাঠীৰ কোব খোৱাৰ ৰেকৰ্ড মৰুভুমিৰ মৰীচিকা । নিউজ চেনেলৰ সাংবাদিকে এইসকল বিশিষ্ট ব্যক্তিক প্ৰশ্ন নকৰে __আপোনালোকৰ ল’ৰা-ছোৱালী বিলাক আন্দোলনত কিয় নাহে ? আলফাত যোগদান কৰা ল’ৰাখিনি ঘৰ এৰি জংঘললৈ গৈছিল , তেন্তে আপোনালোকৰ ল’ৰা-ছোৱালী খিনি দিল্লী বোম্বাইত কিয় পঢ়িব গৈছিল ?
হিৰেণ গোঁহাইৰ দৰে শিক্ষাবিদে স্বাধীন অসমৰ কথা আশী বছৰ বয়সত কৈছে ; তেন্তে তেওঁৰ দৰে ব্যক্তিয়ে চাৰি দশক ধৰি জন্মভুমি এৰি শক্তিশালী দেশ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পৰেশ বৰুৱাক কিয় সংগ নিদিলে ডেকা বয়সত ? ধৰা হ’ল, আপোনালোকে পৰেশ বৰুৱাৰ পন্থাক সমৰ্থন নকৰে , তেন্তে গুপ্ত হত্যাৰ বিৰুদ্ধে ৰাজপথত কিমানদিন প্ৰতিবাদ কৰিছিল ? কিমানদিন পৰাগ দাসৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ? অসম চুক্তি সাক্ষৰৰ মুহুৰ্তত ছাত্ৰ সন্থাৰ ডেকা ল’ৰাখিনিক কূটনৈতিক ভাবে কি সহায় কৰিছিল ? অপাৰেশন বজৰং , অপাৰেশন ৰাইনোৰ সময়ত আপোনালোক ক’ত আছিল?
নাগৰিকত্ব বিধেয়কখন ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰহ সংখ্যক সংগঠনে বিৰোধ কৰিছে । ছাত্ৰই শ্ৰেণী ক্ষতি কৰিছে,ব্যৱসায়ীয়ে
ব্যৱসায় । আইনৰ বিৰোধীতাৰ নামত যুবকৰ কেইজনমানৰ মৃত্যু পৰ্যন্ত হ’ল । ইমানৰ পিছতো এইসকল বুদ্ধিজীবীয়ে সাহিত্যিক পেঞ্চন , চাকৰিৰ পেঞ্চনটো ঘুৰাই নিদিয়ে ।ওপৰোক্ত ঘটনা বিলাক কিন্তু বড়ো ভাষী সমাজ খনত নাই । ৰাজ্য দাবীত হাগ্ৰামা মহিলাৰীয়ে বিপ্লৱ কৰিছিল । ২০০৩ চনত বিজেপি চৰকাৰৰ দিনত বুজাবুজিৰে বিটিচি গঠন কৰিলে । বড়ো ৰাইজে সমৰ্থন কৰিছিল । এতিয়া এন ডি এফ বি ৰ গোটেই কেইটা গোটেই অস্ত্ৰ সম্বৰণ কৰি পুনৰ বিজেপি চৰকাৰৰ দিনত বুজাবুজিৰ চুক্তি কৰিলে । বিটিএডিৰ বড়ো ৰাইজে উষ্ম আদৰনী জনাইছে । বড়ো সমাজৰ কোনো এজন সাংবাদিক , বিশিষ্ট ব্যক্তিয়ে এন ডি এফ বি নেতৃত্বক তাচ্ছিল্য কৰা নাই , প্ৰশ্ন কৰা নাই যে কিয় পুৰ্বৰ দাবী বিসৰ্জন দিলে ?
পুনৰ আহিলো আলফা প্ৰসংগলৈ । বিগত সময়ছোৱাত আলফাৰ বহু কেইটা গোট আৰু কেন্দ্ৰীয় সমিতিৰ সদস্যই যুদ্ধ বিৰতি ঘোষণা কৰিছে, পোন প্ৰথমে ২৮ নং বেটেলিয়নৰ দ্বাৰা আৰু পৰবৰ্তী সময়ত জন্ম লগ্নৰ নেতা অনুপ চেতীয়া , অৰবিন্দ ৰাজখোৱা , প্ৰদীপ হাজৰিকাৰ পৰা আৰম্ভ কৰি ৰাজু বৰুৱা , শশ চৌধুৰী লৈ প্ৰায় ভাগ নেতাই যুদ্ধ বিৰতি কৰি আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ বাবে আত্ম গোপন জীৱন ত্যাগ কৰে । চৰকাৰৰ লগত আলোচনাৰ মাধ্যম মুকলি হোৱাত সমান্তৰাল ভাবে এচাম অসমীয়া ভাষী সাংবাদিক , বুদ্ধিজীবীয়ে আলফাৰ এইসকল নেতাক তুচ্ছ তাচ্ছিল্য আৰম্ভ কৰে ___ চৰকাৰে এইবিলাক মানুহক কিয় দৰমহা দিব লাগে , ঠিকা – ব্যৱসায়ত অগ্ৰাধিকাৰ কিয় দিব লাগে , চৰকাৰী ভুমিত খেতি কিয় কৰিব দিব লাগে বা শেষত এওঁলোকে হাৰ কিয় মানিলে ইত্যাদি । এই ক্ষেত্ৰত আলোচনাত জড়িত আলফা নেতৃত্বৰো কিছু অংকৰ ভুল নথকা নহয় । কাৰণ নৰেন্দ্ৰ মোদীয়ে কোনো সশস্ত্ৰ সয়ম্ভু সংগঠনক বাৰ্গেনিং ক্ষমতা নিদিয়ে । ৰাষ্ট্ৰহিতৰ পৰিপন্থী কোনো চুক্তি মানি নলয় নৰেন্দ্ৰ মোদীয়ে । বৰঞ্চ বিজেপি নেতৃত্বৰ কেন্দ্ৰ চৰকাৰে স্বপ্ৰচেষ্টাৰেহে দল সংগঠনক গুৰুত্ব দিয়ে । প্ৰমাণ বড়ো চুক্তি ২০২০ খন । বৰ্তমান সময়ত ‘কেব ‘বা ‘কা ‘ খনকলৈ আলোচনাৰ মেজত বহা আলফাৰ গোটটোৱে চৰকাৰক সমৰ্থন কৰাটো হ’লহেঁতেন এটা কূটনৈতিক সিদ্ধান্ত । কেবৰ ক্ষেত্ৰত আন আন খিলঞ্জীয়া জাতীয় সংগঠনবোৰে আবছুৰ প্ৰমোদ বড়োৰ ভাষ্য শুনা অতি প্ৰয়োজন ।
অসম্পুৰ্ণ অসম চুক্তি , ১৯৭১ ভিত্তি বৰ্ষ , বিতৰ্কিত এনআৰচি , নাগৰিকত্ব সংশোধণী , ন্যায়ালয়ত বিচৰাধীন ১৯৫১ , মৌলবাদীৰ দ্বাৰা হাইজেক কেব আন্দোলন , নতুন আঞ্চলিক দলৰ উকমুকনি আদি খৱৰৰ মাজতে যোৱা অৰ্ধ শতিকাৰ অসম ভুখণ্ডৰ বাবে আটাইতকৈ শুভ খৱৰটো হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কেব সম্পৰ্কীয় মন্তব্য আৰু গুৱাহাটীত ধ্বংসলীলা চলোৱা মৌলবাদী শক্তি বিলাকক কঠোৰ সকিয়নী । পৰেশ বৰুৱাৰ পন্থা সমৰ্থন যোগ্য নহয় আৰু সাৰ্বভৌম দেশ এখনত অসম্ভৱ ; তাতে আকৌ অসম খন হৈছে মিনি এছিয়া । কিন্তু পৰেশ বৰুৱাৰ জাতি প্ৰেম সুৰ্য্য চন্দ্ৰৰ দৰে স্পষ্ট ; শদিয়াৰ পৰা ধুবুৰী , পাহাৰৰ পৰা ভৈয়ামলৈ , সমগ্ৰ উত্তৰ পুবৰ দেশক ভালপোৱা কোনো এজন ব্যক্তি বা সংগঠন নাই যিয়ে পৰেশ বৰুৱাৰ জাতি প্ৰেমক লৈ প্ৰশ্ন কৰিব । এতিয়া মুল কথাটো হ’ল পৰেশ বৰুৱা আৰু অমিত শ্বাহৰ মাজত কিদৰে যোগসুত্ৰ হয় । যোগসুত্ৰ হ’ব লাগিব সম্পুৰ্ণ গোপন । কাৰণ অসমীয়া নামধাৰী ফৈদ এটা ওলাবই যিয়ে আলফাৰ সমস্যাটো জীয়াই ৰাখিব বিচাৰে । উল্লেখ্য যে বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ হোৱাৰ পিছত জামিনত মুক্তি লাভ কৰি পোনে পোনে নলবাৰী চহৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত আলফা সম্পৰ্কীয় বহু কথা হাজাৰ হাজাৰ ৰাইজৰ আগত ব্যক্ত কৰিছিল আলফা নেতা শশ চৌধুৰীয়ে । আলফাক বহু মানুহে দোকান হিচাপে ব্যৱহাৰ কৰি থকা বুলি তেওঁ উল্লেখ কৰিছিল । পৰেশ বৰুৱা আৰু ভাৰত চৰকাৰৰ মাজত যদি আলোচনা হয় তেন্তে অসমৰ বামপন্থী বৌদ্ধিক মহলটোৱে সহজ ভাবে নল’ব । কংগ্ৰেছ চৰকাৰৰ সময়টো আলফা – চৰকাৰৰ আলোচনাৰ বাবে পৰিবেশ এটা তৈয়াৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল যদিও সেই আলোচনা বাস্তবিত নহ’ল । কিন্তু এইবাৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদী , যিজন ব্যক্তি বাহ্যিক অসম বিৰোধী চক্ৰটোৰ প্ৰভাবৰ পৰা মুক্ত । বৌদ্ধিক মহলৰ মধ্যস্থতা অবিহনে এই আলোচনা আগবাঢ়িব লাগিব আৰু বামপন্থী বৌদ্ধিক মহলৰ দ্বাৰা পৰেশ বৰুৱাক মানসিক ভাবে আক্ৰমণ কৰি দুৰ্বল কৰিব বিচৰা প্ৰতিটো কাৰচাজীক পৰেশ বৰুৱাই ওফৰাব পাৰিব লাগিব । সময় অনুকুল __ ওপৰত মোদী আৰু তলত সৰ্বা – হিমন্ত , দুৰ্বল বামপন্থী । অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে উত্তম সময় সমাগত ; তথাপি সকলো নিৰ্ভৰ কৰিব অসমীয়াৰ ভাগ্যফলৰ ওপৰত ।