- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
২০১৯ত যেতিয়া কংগ্ৰেছ আৰু এন.চি.পিয়ে শিবসেনাৰে মিলি চৰকাৰ গঠন কৰিলে তেতিয়া দলদুটাই জনহিতাৰ্থে প্ৰকাশ কৰিলে এটা তথ্য। সেয়া হ’ল শিব সেনা মানে শিবাজীৰ সেনা। তাৰ আগলৈকে আন বহুতৰ দৰে ময়ো ভাবি আছিলো শিব সেনা মানে বাবা ভোলানাথৰ সেনা। সকলোৱে জানে যে শিবাজী আছিল মাৰাঠা সকলৰ শ্ৰেষ্ঠ হিন্দু বীৰ যিয়ে মোগলক পৰাভূত কৰিছিল। শিবসেনাৰ নামেৰে দল গঠন কৰি বালাসাহেব ঠাকৰে দুটা বাৰ্তা একেলগে দিছিল।শিবসেনা মানে কট্টৰ হিন্দুত্ববাদী দল আৰু শিবসেনা মানে কট্টৰ আঞ্চলিকতাবাদী দল। প্ৰথম অবস্থাত বালাসাহাব থাকৰে দক্ষিণ ভাৰতীয়ৰ বিৰূদ্ধে কঠোৰ হয়। বিভিন্ন ঠাইত দক্ষিণ ভাৰতীয়ক ব্যবসায় কৰাত বাধা দিয়ে। মাৰাঠীক ব্যবসায়ত প্ৰতিষ্ঠিত কৰাৰ হকে মাত মতা বালাচাহাবে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰে। পিছত বালাচাহাবে হিন্দুত্ব বিচাৰধাৰাকলৈ ৰাজনীতি আৰম্ভ কৰে। এইটো আছিল তেখেতৰ প্ৰথম ভুল। দেশত ইতিমধ্যে বিজেপিৰ দৰে এটা শক্তিশালী হিন্দুত্ববাদী দল আছে যাৰ পিছত আছে আৰ.এছ.এছ। বিজেপিৰ লগত হিন্দুত্বৰ প্ৰতিযোগিতা কৰিব নোৱাৰে শিবসেনাই । ফলত যোৱা ২০ বছৰে মহাৰাষ্ট্ৰত শিবসেনাৰ শক্তি লাহে লাহে কমি আহিছে আৰু বিজেপিৰ বাঢ়ি আছে। বালা চাহাবৰ এটা কৰিজমা আছিল বাবে বিজেপিয়ে তেখেত থকালৈকে শিবসেনাক সন্মান দি আছিল। কিন্তু তেখেতৰ মৃত্যুৰ পিছত পুত্র উদ্ধবক বিজেপিয়ে গুৰুত্ব নিদিলে। বালাচাহাবে উত্তৰাধিকাৰী নিৰ্বাচন কৰাৰ সময়ত তিনিটা বিকল্প আছিল_ উদ্ধব থাকৰে, ৰাজ থাকৰে আৰু থাকৰে পৰিয়ালৰ বাহিৰৰ কোনো এজন যেনে একনাথ সিন্ধে। এই তিনিজনৰ ভিতৰত উদ্ধব আছিল সকলোতকৈ দুৰ্বল। ৰাজনৈতিক বিচক্ষণতা, বাগ্মীতা আদিৰ ফালৰ পৰা তেওঁ নিজৰ ভাতৃ ৰাজ বা একনাথতকৈ বহু পিছত। কিন্তু পুত্রমোহত অন্ধ হৈ বালাচাহাবে উত্তৰাধিকাৰী নিৰ্বাচন কৰিলে নিজৰ পুত্রক। সেইটো আছিল তেখেতৰ দ্বিতীয় ভুল। ভতিজা ৰাজ থাকৰে শিবসেনাৰ পৰা আতৰি গৈ মহাৰাষ্ট্ৰ নব নিৰ্মান সেনা গঠন কৰিলে যদিও সফলতা লাভ কৰিব নোৱাৰিলে। আনফালে দুৰ্বল উদ্ধবক পৰিচালনা কৰিবলৈ আৰম্ভ কৰিলে সঞ্জয় ৰাউতে। যোৱা আঢ়ৈ বছৰ মুখ্যমন্ত্রী হৈ তেওঁ নিজৰ বিধায়ক সকলৰ লগে সুসম্পৰ্ক ৰাখিব নোৱাৰিলে। ৫৫ জনৰ ভিতৰত ৪০ জনে তেওঁক এৰি গুছি গ’ল আৰু তেওঁ ইমান দিনে কোনো উমানেই নাপালে। উদ্ধবৰ সৰলতাৰ সুযোগ লৈ আচলতে চৰকাৰ চলাই আছিল শৰদ পাৱাৰ, সঞ্জয় ৰাউটৰ লগতে উদ্ধবৰ পত্নী আৰু পুত্র আদিত্যই। স্বাভাবিকতে জ্যেষ্ঠ নেতাসকলে যেতিয়া সৰু লৰা আদিত্যক খাতিৰ কৰিব লাগে তেতিয়া মনত বেজাৰ লগাটো স্বাভাবিক। এতিয়া শিবসেনাৰ অস্বিত্ব বিপদত,বালাচাহাবৰ পৰিয়ালৰ ৰাজনৈতিক অস্বিত্ব বিপদত।