ব্যৰ্থতাৰ শীৰ্ষত চন্দ্ৰ-সিদ্ধাৰ্থ

2244

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


‘ৰাজনীতি অসম’ৰ অপিনিয়ন প’লত যোৱা মাহৰ প্ৰশ্ন আছিল ‘অসমৰ সকলোতকৈ ব্যৰ্থ মন্ত্রী কোন?’ ১ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল আহিল। গণতন্ত্ৰত জনতাই ৰজা আৰু জনতাৰ ফলাফল মানি লোৱাৰ বাহিৰে একো গত্যন্তৰ নাই। অসমৰ সকলোতকৈ ব্যৰ্থ মন্ত্রীৰ খিতাপ দুজনে লাভ কৰিছে যৌথ ভাবে। পৰিবহণ তথা উদ্যোগ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী আৰু শিক্ষা দপ্তৰৰ পৰা সদ্য অপসাৰিত মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য দুয়োজনে লাভ কৰিছে ২২.৭% ভোট। বহুবল্কী মন্ত্রী পাটোৱাৰীয়ে উদ্যোগ আৰু পৰিবহণৰ নিচিনা দুটা বিয়োগম বিভাগ চলোৱাৰ সুযোগ পাইছিল। যোৱা ৪ বছৰত তেখেতৰ প্ৰদৰ্শনে ৰাইজক হতাশ কৰিছে। অকল সোণোৱালক তৈল মৰ্দন কৰিয়েই যেন তেখেতে অহাবাৰ বিধানসভাৰ বৈতৰণী পাৰ হ’ব আৰু পিছত মন্ত্রীত্ব । প্ৰায় ১০ বছৰৰ মন্ত্রীত্বৰ অভিজ্ঞতা থকা পাটোৱাৰীক লৈ এতিয়া দলৰ ভিতৰতে প্ৰশ্ন উঠিছে।
সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই প্ৰথম শপত গ্ৰহণত মন্ত্রীত্ব নোপোৱাত দুখ পাইছিল । শিক্ষা বিভাগক আগুৱাই লৈ যাব পাৰিব বুলি সকলোৱে তেখেতৰ পৰা আশা কৰিছিল। কিন্তু নিজৰ অহংকাৰ আৰু দক্ষতাহীনতাৰ বাবে বিভাগটোক তেখেতে জহন্নামলৈ নিয়া আৰম্ভ কৰে। সেয়েহে খুব কম দিনৰ ভিতৰতে খেদা খালে। এই দুয়োজন মন্ত্রীৰ অহাবাৰ বিধানসভাৰ টিকট পোৱাটোৱো ইমান সহজ হৈ থকা নাই কাৰণ দলত টিকট প্ৰত্যাশীৰ ভিৰ খুব বেছি।
ব্যৰ্থ মন্ত্রীৰ তালিকাৰ আন তিনিজন মন্ত্রী হ’ল ক্ৰমে পিযুষ হাজৰিকা , ৰিহণ দৈমাৰী আৰু ৰঞ্জিত দত্ত।