সাৱধানতাই একমাত্ৰ প্ৰতিৰোধৰ উপায় : ডা: উৎসৱ ডেকা

1561

ডা: উৎসৱ ডেকা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


সম্প্ৰতি বিশ্বব্যাপী জনগণৰ মনত ত্ৰাস সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ল’ব লগা সাৱধানতা সমূহ :
ক) ব্যক্তিগত আৰু পৰিয়াল পৰ্য্যায়ত :

১) ঘৰত আবদ্ধ হৈ থকাটোৱেই শ্ৰেয় (অন্তত: চৰকাৰৰ তলাবন্ধ চলি থকা পৰ্য্যন্ত) ।
২) প্ৰয়োজনীয় সামগ্ৰী সমূহ যিমান পাৰি ঘৰৰ ওচৰৰ দোকানৰ পৰা ক্ৰয় কৰক আৰু গ্ৰাহকৰ ভিৰ থকা দোকানৰ পৰা দূৰত থাকক ।
৩) বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰিব আৰু দ্বিতীয় ব্যক্তি (চিনাকি-অচিনাকি ) ৰ পৰা কমেও দুই মিটাৰ দূৰত্ব বজাই ৰাখক ।
৪) বাহিৰৰ পৰা অনা যিকোনো সামগ্ৰীৰ মাধ্যমেৰে যাতে ভাইৰাছ সংক্ৰমণ নহয় তাৰ প্ৰতি গুৰুত্ব দিয়ক । বাহিৰৰ পৰা অনা সামগ্ৰী একেদিনাই ব্যৱহাৰ নকৰি পিছদিনা ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু খাদ্য খিনি আছুতীয়াকৈ ৰাখক ।

খ) সামাজিক পৰ্য্যায়ত :

১) জুম নাবান্ধিব , গোট নাখাব । সকলো ধৰণৰ ৰাজহুৱা / সামাজিক অনুষ্ঠানত প্ৰত্যক্ষ অংশগ্ৰহণৰ পৰা বিৰত থাকক ।
২) চিকিৎসা , আইন কানুন , বেংক , খাদ্য বস্তু সৰবৰাহ ইত্যাদি অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলে সুৰক্ষাকৰণৰ নিৰ্দেশাৱলী মানি চলক ।

আতংকগ্ৰস্ত নহ’ব , সন্ত্ৰস্ত হওক । উৰা বাতৰিত ভোল নাযাব । কিয়নো কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ মাত্ৰ ৩% ৰ ওচৰত । সাৱধানতাই একমাত্ৰ প্ৰতিৰোধৰ উপায় । উপায়হীন অৱস্থাত হে নূন্যতম সংস্পৰ্শলৈ আহক । মহামনৱ মহাত্মা গান্ধীৰ আপ্তবাক্য ‘, “Earth provides enough to satisfy every man’s need, but not every man’s greed”  শিৰোধাৰ্য্য কৰি জীয়াই থাকিবলৈ শিকো আহক ।