দালাল কোন? ভৃগু ফুকন নে অজিত ভূঞা?

16737
  • ৰিতু তালুকদাৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আজিৰ পৰা ২৫ বছৰ মান আগৰ ঘটনা। এখন জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত। সম্পাদক আছিল অজিত কুমাৰ ভূঞা। বাতৰি কাকতৰ প্ৰথম পেজৰ সকলোতকৈ ওপৰৰ হেদলাইনটো সম্পাদকে নিজে লিখিছে। খবৰটোৰ প্ৰথম অংশই বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ আধাখিনি ঠাই অধিকাৰ কৰা হেদলাইনটো আছিল “আকৌ ক’ম _ ভৃগু ফুকন কংগ্ৰেছৰ দালাল।” তাৰ আগতে তেখেতে ধাৰাবাহিক ভাবে লিখি আছে কেনেকৈ ভৃগু ফুকনে চেলুন এখনলৈ গৈ কংগ্ৰেছৰ নেতা এজনক লগ ধৰিছিল। কংগ্ৰেছৰ দালালি কৰি ১৯৯১ চনত নতুন দল খুলি প্ৰফুল্ল মহন্তৰ নিচিনা মহাপুৰুষক পৰাজিত কৰি ভৃগু ফুকনে কংগ্ৰেছক ক্ষমতাত বহালে। সেই কংগ্ৰেছ যাৰ নাম মুখত উচ্চাৰন কৰাটোৱে ভূঞাহঁতৰ বাবে আছিল পাপ। তেনে দল এটাৰ দালাল(?) জনক আৰু ভূঞাৰ নিচিনা সাংবাদিক এজনে সুদাই এৰিবনে? ন্যায়ালয়ৰ বিচাৰকৰ দৰে ভৃগু ফুকনৰ বিৰুদ্ধে কলম চলাইয়ে থাকিল।বিধিৰ বিপাক। আজি এফালে তৰুণ গগৈ আৰু আনফালে বদৰুদ্দিন আজমলকলৈ অজিত কুমাৰ ভূঞা সাংসদ হ’ল। সিপুৰীৰ পৰাই ভৃগু ফুকন ডাঙৰীয়াই অজিত ভূঞাক প্ৰশ্ন কৰিব “দালাল  মই নে দালাল আপুনি?”
অজিত ভূঞাৰ বিষয়ে কিছু কথা

 অজিত ভূঞাৰ কাৰ্য্যক্ৰমক বিশ্লেষণ কৰিলে দেখা যায় তেখেতক পাৱাৰ লাগে। তেওঁক এনে মন্ত্রী লাগে যিয়ে তেওঁৰ কথা শুনে। ১৯৮৫ত অগপৰ চৰকাৰ হোৱাৰ সময়ত প্ৰফুল্ল মহন্তই তেওঁক কিছু গুৰুত্ব নিদিয়া নহয়।সভাই সমিতিয়ে তেওঁ প্ৰায়ে কৈছিল_মই মহন্তক অমুকতো ক’ম, ভহুকটো ক’ম ইত্যাদি। ভৃগু ফুকন তেওঁৰ আয়ত্তলৈ নহাৰ বাবে নিজৰ বাতৰি কাকতখনৰ জড়িয়তে ৰচিবলৈ লৈছিল ফুকনৰ বিৰুদ্ধে কুৎসা। বহুতে আকৌ ক’ব বিচাৰে যে প্ৰফুল্ল মহন্তৰ মন্ত্রনাত( দালালি?) ভূঞাই এইবোৰ লিখিছিল। ১৯৯৬ত অগপৰ পুনৰ চৰকাৰ হ’ল। এইবাৰ পুৰঠ মহন্তই ভূঞাৰ নিচিনা সম্পাদকক খাতিৰ নকৰিলে। কোনোমতে প্ৰাণ ৰক্ষা পালে ভূঞাই। জেল খাতিব লগা হ’ল বহুদিন। জেলৰ পৰা ওলাই আহি নিজে গঢ়া বাতৰি কাকতৰ স্বত্বাধীকাৰীৰ তাত গ’ল। বৰুৱাইয়ো তেখেতক নিৰাশ কৰিলে। নিজাকৈ এখন কাকত খুলিলে; নাম থলে ‘সময়’ । কাকতখনক জনপ্ৰিয় কৰাৰ বাবে পুনৰ তেওঁ ল’লে এটা সস্তিয়া উপায়। দেওঘৰৰ অনুকুল ঠাকুৰৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে লিখিবলৈ ধৰিলে। এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰভু অনুকুল ঠাকুৰৰ অসমত বহুতো ভক্ত আছে। তেখেতৰ কাকতৰ বিৰুদ্ধে পুনৰ কেচ ৰুজু হ’ল। তথাপি কিন্তু কাকতখন নচলিল। এনেকৈ গৈ গৈ তেখেত এদিন প্ৰাগ নিউজৰ মজিয়া পালে। তৰুণ গগৈক দিনে ৰাতিয়ে গালি পৰা মানুহজন সোণোৱাল বিৰোধী হৈ পৰিল। ‘ কা ‘ বিৰোধী মঞ্চৰ পৰা চিঞৰি চিঞৰি বিলখনৰ বিৰোধ কৰিলে। তেখেতৰ মনোবাঞ্চা পূৰ্ণ হ’ল। ৰাজ্যসভাৰ বাবে মনোনীত হ’ল। যিটো কাম বিশিষ্ট সাংবাদিক হাইদাৰ হুছেইনে কৰিব নোৱাৰিলে সেইটো কাম তেওঁৰেই মিত্র অজিত ভূঞাই কৰি দেখুৱালে।  ‘কা ‘ বিৰোধী মঞ্চৰ এই দুজন আগশাৰী নেতাৰ কিন্তু ৰাজ্যসভাৰ সমীকৰণ সম্পূৰ্ণ পৃথক। হাইদাৰ হুছেইনে বিজেপিৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু অজিত ভূঞাই কংগ্ৰেছৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰে। কংগ্ৰেছ “কা” বিৰোধী ঠিকেই কিন্তু তেওঁলোকে “কা” এইকাৰনেই বিৰোধ কৰে যে তাত মুছলমানক নাগৰিকত্ব দিয়াৰ ব্যবস্হা নাই।  কিন্তু সকলো জানিও যেন ৰাজ্য সভাৰ আসনৰ লোভত অন্ধ। অসমৰ ৰাইজে এদিন দুয়োজন সংবাদ জগতৰ ব্যক্তিক প্ৰশ্ন কৰিব_ হাইদাৰ হুছেইনে ২০১৪ত বিজেপিৰ সমৰ্থনত ৰাজ্যসভাৰ নিৰ্বাচন খেলাৰ সময়ত বিজেপি ধৰ্মনিৰপেক্ষ আছিল নেকি? নব্বৈৰ দশকত হিতেশ্বৰ শইকীয়া আৰু কংগ্ৰেছক অসমীয়া বিৰোধী বুলি বাতৰি কাকতৰ পৃষ্ঠা ভৰায় পেলোৱা অজিত ভূঞাক সময়ে প্ৰশ্ন কৰিব। হয়তো অহা বছৰ বিধানসভা নিৰ্বাচনতেই এইবিলাক প্ৰশ্ন উত্থাপন হ’ব।