ডৰণা জৰুৰী হেই : জাৰ্মানীৰ বিত্ত মন্ত্ৰীৰ আত্মহত্যা

4236
  • বুবুল ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


খালী চকুৰে মনিব নোৱাৰা ভাইৰাছ এটাৰ ভয়ত সমগ্ৰ বিশ্ব কঁপিছে।নাম যাৰ-ক’ৰোণা ভাইৰাছ।চীনৰ ৱুহান চহৰৰ পৰা সমগ্ৰ বিশ্বৰ প্ৰায় ছয় লাখৰ ওপৰত লোক আক্ৰান্ত আৰু তেত্ৰিছ হাজাৰৰ ওপৰত মৃত্যু ঘটোৱা এই ঘাটক ভাইৰাছ বিধৰ প্ৰতিৰোধী ভেকচিন এতিয়াও প্ৰস্তুত হোৱা নাই।ভাৰতত আক্ৰান্তৰ সংখ্যা এহেজাৰ পাৰ হৈছে আৰু মৃত্যুৰ সংখ্যা বিশৰ ঘৰ পাৰ হৈছে।প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে সমগ্ৰ দেশত লক ডাউন চলি আছে।লক ডাউন মানে অত্যন্ত জৰুৰী কামৰ বাহিৰে ঘৰৰ পৰা বাহিৰ ওলোৱাত বাধা।সমগ্ৰ দেশে এই লক ডাউন মানিছে।
সমগ্ৰ বিশ্বৰ চিকিৎসক,চিকিৎসা কৰ্মী,নাৰ্ছ,পেৰামেডিকেল কৰ্মীৰ লগতে পুলিচ, সাংবাদিক, বিভিন্ন সেৱাৰ লগত জড়িত ব্যক্তিৰ দিন-ৰাতি একাকাৰ হৈছে।আমাৰ অসমৰ বাবে সৌভাগ্যৰ বিষয় যে আমি ড° হিমন্ত বিশ্ব শৰ্মাৰ   দৰে সুনিপুন স্বাস্থ্য মন্ত্ৰী পাইছোঁ।তেওঁৰ নেতৃত্বত প্ৰতিজন অসমীয়াই স্বস্তিৰ নিশ্বাস লৈ আছে যে আমাৰ অসমত এতিয়ালৈকে এজনো আক্ৰান্ত হোৱাৰ খবৰ নাই।তেওঁৰ আহ্বানত যিয়ে যেনেকৈ পাৰে আৰ্থিক ভাৱে চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে।যেনেদৰে প্ৰধান মন্ত্ৰীৰ আহ্বানত দেশৰ চেলিব্ৰেটি সকলেও আৰ্থিক অনুদান আগবঢ়াই আছে।
এইবোৰলৈ সকলো ঠিকেই আছে-যদিও মুঠেই ঠিকে নাই!অৰ্থনীতিৰ গ্ৰাফ ডাল বেয়াকৈ তললৈ নামিছে।গ্লোবেলি অৰ্থনৈতিক অৱস্থাই কি ৰূপ ধাৰণ কৰিব,ভাবিবলৈ ভয় লাগে।অৰ্থনৈতিক অৱস্থাৰ শোচনীয় ছবি আমি আগতেও দেখিছোঁ-গ্ৰীচৰ অৰ্থনৈতিক বিপর্যয়,ব্ৰিটেইনৰ ব্ৰেক্সিটৰ পৰা প্ৰস্থানৰ পিছত দেখা দিয়া বিপর্যয় ইত্যাদি।কিন্তু এই সকলোবোৰ আছিল এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত।আৰু কেইখনমান দেশৰ নিজৰ নিজৰ অৰ্থনীতিৰ ওপৰত।কিন্তু এতিয়া কথাটো তেনে হৈ থকা নাই।উৎপাদন শূণ্য বিশ্বই ভয়াবহ অৰ্থনৈতিক বিপর্যয়ৰ দিশে ধাৱমান হৈছে।আমেৰিকাৰ দৰে দেশে প্ৰমাদ গণিছে ক’ভিড-19 ৰ ভয়াবহতাক লৈ।লক ডাউন সমগ্ৰ বিশ্ব।কি হ’ব বিশ্ব অৰ্থনীতিৰ?
দুজন চীনৰ অৱসৰপ্ৰাপ্ত সৈনিকৰ কিতাপ এখনৰ পৰা পোৱা তথ্য মতে-ক’ভিড-19 চীনৰ দ্বাৰা সৃষ্ট ভাইৰাছ।য’ত নগণ্য সংখ্যক মানুহৰ প্ৰাণৰ বিনিময়ত বিশ্ব অৰ্থনীতিত চীনৰ আধিপত্য দেখুওৱাৰ এক নিকৃষ্ট প্ৰয়াস বুলি বহুতেই ভাবিব লৈছে।আমেৰিকাক শিৰ নত কৰি ৰাখিবলৈকে যদি চীনৰ এই কুটনীতি তেন্তে সমগ্ৰ বিশ্বই চীনক যে একাষৰীয়া কৰিব-সেইটোও খাটাংকৈ ক’ব নোৱাৰি!কিয়নো আমেৰিকাৰ পিছতেই অন্যতম অৰ্থনৈতিক ভাৱে শক্তিশালী ৰাষ্ট্ৰ চীন।শুনিবলৈ পোৱা গৈছে চীনত স্বাভাৱিক হৈছে মানুহৰ জীৱন যাত্ৰা।কল-কাৰখানা আগৰ দৰেই চলিব ধৰিছে।উৎপাদন আৰম্ভ হৈছে।মাস্ক,চুইট, গ্লোভচ ইত্যাদিৰ ৰপ্তানি আৰম্ভ হৈছে।মুঠতে যেতিয়া সমগ্ৰ বিশ্ব লক ডাউনত আছে তেতিয়া চীনে ৰপ্তানি আৰম্ভ কৰিছে।এই দিশৰ পৰা চালে চীনক এক কথাত ক’ব পাৰি-সাপ হৈ খোতে আৰু বেজ হৈ জাৰে!সময়ে পৰিস্কাৰ কৰিব ড্ৰেগণৰ দেশ চীনৰ কু-অভিসন্ধিৰ কথা!
ইটালী হৈছে আটাইতকৈ ক্ষতিগ্ৰস্ত দেশ।তেওঁলোকৰ পৰা পোৱা তথ্য মতে তেওঁলোক হেনো পাঁচ বছৰ পিছুৱাই গ’ল ক’ভিড-19 ৰ আক্ৰমণৰ বাবে।কল্পনা কৰক-আমাৰ দেশ কিমান বছৰ পিছুৱাই যাব!যদিহে ইটালীৰ দৰে আমাৰ ভাৰতটো একে ধৰণে সংহাৰ আৰম্ভ হয়।শেহতীয়াকৈ জাৰ্মানীৰ বিত্ত মন্ত্ৰীয়ে আত্মহত্যা কৰিছে স্বাস্থ্য খণ্ডত ক’ভিড-19 ৰ বিৰূদ্ধে যুঁজিবলৈ পৰ্যাপ্ত ধন যোগান ধৰিব নোৱাৰাৰ দুখত!আমাৰ দেশৰ অৱস্থা ভাবিলেই বুকু কঁপি উঠে।
ভাৰতৰ সমগ্ৰ বজাৰ ব্যৱস্থা, ৰিয়েল ইষ্টেট,বেংক,জীৱন বীমা সাংঘাটিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে।খাটি খোৱা জনসাধাৰণে ভৱিষ্যতে নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহ কিনিবলৈ সমৰ্থ হবনে নহয় সন্দেহৰ আৱৰ্তত।এই ক্ষতিৰ পূৰণ কিদৰে হ’ব সেয়া আমি হয়তো ক’ব নোৱাৰিম বা আমাৰ ধৃষ্টতাও নাই!বিদগ্ধ অৰ্থনীতিবিদ সকলে কি কাৰ্য্যপন্থা লবলৈ চৰকাৰ বোৰক দিহা পৰামৰ্শ দিয়ে সেয়া সময়ত লক্ষণীয় হ’ব।
সেয়েহে কওঁ-ডৰণা জৰুৰী হেই!ক’ভিড-19 ৰ পৰা আঁতৰত থাকক।ঘৰতে থাকক,সুৰক্ষিত থাকক।দেশক সুযোগ দিয়ক ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ।অৰ্থনীতি উদ্ধাৰ কৰিবলৈ হয়তো সময় লাগিব-কিন্তু অসম্ভৱ নহয় পুনৰ আগৰ অৱস্থা লাভ কৰিবলৈ।আমি এইক্ষেত্ৰত আশাবাদী।