পৰৱৰ্তী ৰাষ্ট্ৰপতি ৰঞ্জন গগৈ ?

14537
  • বিমল মটক

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰূপে ৰঞ্জন গগৈ মনোনীত হ’ল ৰাজ্যসভালৈ । ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত সদস্য হিচাপে শপত গ্ৰহণ কৰিলে ৰাজ্যসভাত । বিৰোধী কংগ্ৰেছ , হায়দৰাবাদৰ নেতা ওৱেচিয়ে সংসদৰ ভিতৰে বাহিৰে বিৰোধ কৰিলে । ৰঞ্জন গগৈৰ মনোনীত কৰণৰ মাজতে  ৰাইজে কিছুমান তথ্য মনত পেলাব বিচাৰিব । ইয়াৰ আগতে অসমৰ আন এজন ন্যায়াধীশ অবিভক্ত কামৰূপ জিলাৰ উদিয়ানাৰ বাহাৰুল ইছলাম আছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধিশ , তেখেত  গুৱাহাটী উচ্চ ন্যায়ালয়ৰো মুখ্য ন্যায়াধিশ আছিল । নলবাৰীৰ গৰ্ডন স্কুলত শিক্ষকতা কৰা ( প্ৰাক্তন ছাত্ৰ ) সময়ছোৱাত অসমৰ স্কুলত  নবাগত সভা আয়োজন কৰা প্ৰথা আৰম্ভ কৰা বাহাৰুল ইছলাম পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আসন দখল কৰিছিল । পিছলৈ এইজন ব্যক্তিয়ে কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা পাইছিল দুবাৰ  । প্ৰথম বাৰ উচ্চতম ন্যায়ালয়ৰ পৰা পদত্যাগ কৰি ৰাজ্যসভাৰ সাংসদ হয় । দহ বছৰ ৰাজ্যসভাৰ সাংসদ হিচাপে থকাৰ পিছত সাংসদ পদ ত্যাগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হয় । ইয়াৰ পিছত এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰি পুনৰবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় কংগ্ৰেছ দলৰ সমৰ্থনত ১৯৮৩ চনত ।  উচ্চতম ন্যায়ালয়ৰ তেওঁৰ বিচাৰপীঠেই তেতিয়াৰ বিহাৰৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰক(বিহাৰত মৌলানা মিশ্ৰ বুলি জনাজাত কাৰণ উৰ্দু ভাষাক দ্বিতীয় ৰাজ্যিক ভাষাৰ মৰ্য্যদা প্ৰদান কৰিছিল ) দোষ মুক্ত কৰাৰ আদেশ দিয়ে ১৯৮৩ চনত  ।
১৯৮৪ চন ,  ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধত দিল্লী চহৰত হাজাৰ হাজৰ শিখ ধৰ্মৰ মানুহক হত্যা কৰা হৈছিল ৷ নৰসংহাৰৰ এনে নিকৃষ্ট ঘটনাৰ তদন্ত কৰিবলৈ ন্যায়াধীশ ৰংগনাথ মিশ্ৰক দায়িত্ব দিয়া হৈছিল৷ ৰংগনাথ মিশ্ৰ আছিল অসমৰ প্ৰাক্তন ৰাজ্যপাল লোকনাথ মিশ্ৰৰ ভাতৃ । কাৰণ অভিযুক্তৰ তালিকাত থকা সৰহভাগ কংগ্ৰেছ কৰ্মীকে “নিৰ্দোষী” ঘোষণা কৰা হৈছিল৷ এইগৰাকী ৰংগনাথ মিশ্ৰ ১৯৯০ চনত ভাৰতৰ  মুখ্য ন্যায়াধীশ হৈছিল৷ অৱসৰৰ কিছু বছৰ পিছত ১৯৯৮ ত কংগ্ৰেছৰ সদস্য ৰূপে তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল৷ ৰঞ্জন  গগৈ  মনোনীত হৈছে ৰাষ্ট্ৰপতিৰ দ্বাৰা  আৰু মিশ্ৰ অছিল কংগ্ৰেছ দলৰ দ্বাৰা প্ৰক্ষেপিত ৷ওৱেচি,বাওঁপন্থী আদিয়ে বিৰোধ কৰিছে কাৰণ ৰঞ্জন গগৈৰ কাৰ্যকালতে অযোধ্যাৰ ৰায় হিন্দুৰ সপক্ষে হ’ল ।  যিটো ৰায়ত ৫ জনীয়া বিচাৰপীঠৰ প্ৰত্যেক জন ন্যায়াধিশৰ ৰায় এটাই আছিল ।  অযোধ্যা বিবাদত চুন্নি মুছলমান পক্ষৰ হৈ ওকালতি কৰা অধিবক্তা কেইজনৰ ভিতৰত কংগ্ৰেছ নেতা কপিল চিব্বলৰ কথা সকলোৱে জানে ।
কংগ্ৰেছ বা ওৱেচিয়ে ৰঞ্জন গগৈৰ নতুন স্থানক লৈ ইতিকিং কৰিলেও ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ আবেদন গ্ৰহণ কৰি প্ৰমাণ কৰি দিলে যে আজিৰ তাৰিখত বাওঁপন্থীৰ দ্বাৰা সমাজৰ চিভিল শ্ৰেণী নিয়ন্ত্ৰীত হৈ থকা নাই । ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ কাৰ্য্যকাল শেষ হ’ব  ২০২২ চনত , সেয়ে পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ পদটোৰ কাৰণে ৰঞ্জন গগৈক নিৰ্বাচিত কৰি  মোদী চৰকাৰে যোগ্য জনক যোগ্যতাৰ ভিত্তিত  উচিত স্থান দিব বুলি বিভিন্ন মহলত চৰ্চিত হৈছে । ইয়াৰ আগতে বাজপায়ী চৰকাৰে আব্দুল কালামক সৰ্বস্ব আসন দিছিল যিহেতু ২০২২ ত ৰঞ্জন গগৈ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’লে আচৰিত হ’ব লগা একো নাথাকিব ।