চাউল, ডাইল খাই কিবাকৈ জীয়াই থকাৰ কথা ভাবিছোঁ

1718
ড ০ সুশান্ত কুমাৰ কাশ্যপ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আকৌ আগৰ দিনবোৰ ঘূৰি আহিব । বিনিময় প্ৰথা আহিব । যিয়ে দ্ৰব্য , সামগ্ৰী উৎপাদন কৰিব , সেইসকলহে জীয়াই থাকিব । দ্ৰব্যৰ সলনি দ্ৰব্য বিনিময় হব । টকা, ডলাৰ, ইউৰো আদি অৰ্থহীন হৈ পৰিব ।   যাৰ একো উৎপাদন কৰাৰ যোগ্যতা নাই, সেইবোৰ খাব নাপাই মৰিব ।
এতিয়া আমি কোনো মানুহেই অট্টালিকা নিৰ্মাণৰ কথা ভবা নাই, দামী কাৰ এখন লোৱাৰ কথা ভবা নাই, ফ্লাইটত উঠাৰ কথা ভবা নাই, ফাইভ ষ্টাৰ হোটেলত থকাৰ কথা ভবা নাই, ৰেষ্টুৰেন্টত খোৱাৰ কথা ভবা নাই , বিদেশ ভ্ৰমণ কৰাৰ কথা ভবা নাই,  কেৱল চাউল, ডাইল খাই কিবাকৈ জীয়াই থকাৰ কথা ভাবিছোঁ ।   আমি ব্যস্ত মানুহ বোৰৰ হাতত এতিয়া অফুৰন্ত সময় ।
ভৱিষ্যতে কেবল শ্ৰম কৰা মানুহ, খেতিয়কহে বাছিব । যাৰ হাতত ধান আছে, শাক পাচলি আছে , গাঁৱত মাটি আছে এডৰা কিবা এটা কৰিবলৈ ।
মানুহৰ হাতত ডলাৰ, টকা , ইউৰো থাকিব , কিন্তু খাদ্য নাথাকিব । এতিয়া আমেৰিকা, লণ্ডন, ইটালীৰ মানুহে ডলাৰ,ইউৰো উপাৰ্জনৰ কথা ভবা নাই, খাদ্যৰ কথা ভাবিছে, কিবাকৈ জীয়াই থকাৰ কথা ভাবিছে ।
 এতিয়া কোনো এখন দেশেই growth rate ৰ কথা ভবা নাই,  অৰ্থনীতিৰ কথা ভবা নাই । প্ৰায় ভাগ বৃহৎ দেশেই লক ডাউন ।  মূহুৰ্ততে সলনি হৈ যায় সকলো ভাবিব নোৱাৰাকৈ !
 যিজনে আটাইতকৈ বেছি শ্ৰম কৰে, দেহা মাৰি খেতি কৰি আমাক খাদ্য যোগান ধৰে , সেই সকলে মৰ্য্যদা সহকাৰে জীৱন ধাৰণ কৰিব নোৱাৰে । আমি শ্ৰমৰ উচিত মূল্য দিব নোখোজো !
ধনী মানুহৰ সংজ্ঞা সলনি হ’ব । নগৰ, মহানগৰৰ জীৱন দুৰ্বিসহ হৈ পৰিব । আভিজাত্য কৰবাতে পৰি ৰ’ব ।