- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
২৭ আগষ্ট, বৃহস্পতি বাৰ
অফিছৰ কাম শেষ কৰি সন্ধিয়া ৫ বজাত মই আৰু ৰূপেশ উপস্থিত হওঁ এন্টাৰপ্ৰাইজ কাৰত। এওঁলোকে গাড়ী ভাড়ালৈ দিয়ে। সকলো ধৰণৰ গাড়ী উপলব্ধ। কৰোনাৰ বাবে ইয়াতো গাড়ী কিছু সস্তাত পালো। ভাৰতৰ ড্ৰাইভিং লাইচেন্স থাকিলে এবছৰলৈ গাড়ী চলাবৰ বাবে অনুমতি পোৱা যায়। কিন্তু ভাৰতৰ দৰে যাৰ মন যায় তাৰ গাড়ী চলাব নোৱাৰে। ইনচিউৰেন্স ল’ব লাগে। ৰূপেশ আৰু মই নিজৰ ড্ৰাইভিং লাইচেন্স দি ইনচিউৰেন্স কৰাই ললো। এদিনত একজনৰ ইনচিউৰিন্সৰ খৰছ ১৫ পাউণ্ড অৰ্থাৎ প্ৰায় ১৫০০ টকা। ইনচিউৰেন্স লোৱাৰ নামতে আমি খৰছ কৰিলো প্ৰায় পোন্ধৰ হাজাৰ টকা। আমাৰ গ্ৰুপত ৫ জন লৰা থাকিব যদিও আইনী ভাবে কেবল মই আৰু ৰূপেশেহে গাড়ী চলাব পাৰিম। ৰূপেশে নিজৰ ক্ৰেডিট কাৰ্ডেৰে টকা জমা দিলে। তেওঁলোকে কেবল ক্ৰেডিট কাৰ্ড হে গ্ৰহণ কৰে। ৩০ মিনিটমানৰ ভিতৰত সকলো কাগজীয় কাম সম্পূৰ্ণ হ’ল। প্ৰতিষ্ঠানত কাম কৰা লৰা এজনে গাড়ীখন লৈ আহিল। আমাক তেলৰ কাটাডাল দেখুৱাই ক’লে যে গাড়ী ঘূৰাই দিয়াৰ সময়ত ডিজেল ক’ত থাকিব লাগিব। গাড়ীখন লৈ মই আৰু ৰূপেশ মোৰ ফ্লেটৰ পিনে অগ্ৰসৰ হ’লো। ৰূপেশ ৰাতি মোৰ ঘৰত থাকিব। গৌৰৱো কিছু সময় পিছত আহিব। সুমন অফিছত ব্যস্ত বাবে ৰাতি ৮টাত ঘৰ পাব। কৃঞ্চা পিছদিনা পুৱা ৫ বজাতে আমাৰ ঘৰ পাব। আবেলি প্ৰায় ৬ বজাত আমি ঘৰ পালো। গৌৰৱ ৩০ মিনিটমান পিছত আহি পালে। তিনিও গাড়ীখন লৈ টেছকোলৈ ৰাওনা হ’লো। পিছদিনা ৰাস্তাত খাবৰ বাবে কল, আপেল, কেক, ক্ৰোজিন, জুছ, বিস্কুট, পানী আদি বহুতো বস্তু কিনিলো। scotland trip বুলি এটা ৱাটছাপ গ্ৰুপ এটা খুলি কোনে কত কিমান খৰছ কৰিলে আপডেট কৰি থাকিল। চাৰে ৭ মান বজাত ঘৰ পাই পেকিং কৰি সোনকেলে শুবলৈ গ’লো। পিছদিনা ৰাতিপুৱা ৫ টাতে উঠাৰ পৰিকল্পনা।