কমেডিয়ান যেতিয়া ৰজা হয়

1014
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ইউক্ৰেন আৰু  ৰাচিয়াৰ মাজত হোৱা যুদ্ধৰ পৰা আমাৰ দেশৰ জনতাই  শিকিব লগীয়া বহুত কথাই আছে |এনে পৰিস্থিতিত না সস্তা তেলে দেশক বচাব পাৰে; না বিনামূলীয়া বিজুলীৰ সুবিধা ; না বিনামূলীয়া পানী :না ক্ষমতাৰ বাবে দেশৰ জনতাক ভূৱা প্ৰতিশ্ৰুতি  দিয়া নেতা কামত আহে , সেয়া  ইউক্ৰেনৰ যুদ্ধৰ পৰা আমি শিক্ষা লোৱা উচিত |
           মজবুতিৰে এখন দেশৰ নাগৰিকক  সুৰক্ষা দিবলৈ প্ৰয়োজন বিশাল সৈন্যবাহিনী,দেশভক্ত নাগৰিক যি সকলে যি কোনো পৰিস্থিতিতে দেশৰ বাবে যুজিবলৈ প্ৰস্তুত থাকে আৰু তেনে লোকক নেতৃত্ব দিব পৰা এজন  সৱল শক্তিশালী নেতাৰ প্ৰয়োজন | ইউক্ৰেনৰ নিচিনা এখন  দেশৰ নাগৰিকে শক্তিশালী ৰাচিয়াৰ লগত যুজিবলৈ যেতিয়া ওলাই আহে  ,সেই সময়ত দেশক লাগে শক্তিশালী নেতৃত্ব দিব পৰা ব্যক্তি বা নেতাৰ |ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি ,যাৰ পৰিচয় আৰু পেছা আচলতে  এজন কমেডী অভিনেতাৰ | এইজন অভিনেতাৰ কৌতুক অভিনয় আনকি ৰাচিয়াৰ বহু কেইটা টিভি চেনেলত  দেখা পোৱা যায় |আনফালে ৰাচিয়াৰ ৰাষ্ট্ৰপতিজন যেতিয়া  কেজিবিৰ নিচিনা চোৰাংচোৱা সংস্থাৰ  পেছাদাৰী চোৰাংচোৱা হোৱাৰ অভিজ্ঞতা থকা লোক ,যাৰ মনটোক কোনেও সহজতে বুজিবলৈ অক্ষম |
            ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ বয়স মাত্ৰ ৪৪ বছৰ I জন্ম  ১৯৭৮ চনৰ ২৫ জানুৱাৰীত  দক্ষিন পূৱ  ইউক্ৰেনৰ ক্ৰাইৰিয়া নামৰ চহৰত | য’ত আজিও ৰাচিয়া সমৰ্থিত  বহু লোকে বাস কৰে অৰ্থাৎ  ভলোডিমিৰ জেলেনস্কিয়ে সৰুৰে পৰা ৰাচিয়া আৰু ইউক্ৰেনৰ মাজত থকা তিক্ততাৰ  সৈতে পৰিচিত | ভলোডিমিৰ জেলেনস্কিয়ে সপোনতেও ভৱা নাছিল যে তেঁও এদিন ইউক্ৰেনৰ ৰাষ্ট্ৰপতি হব | ৰাজনীতিলৈ অহাৰ আগতে ইউক্ৰেনৰ এজন  জনপ্ৰিয় কৌতুক অভিনেতা আছিল | কিন্তু আজি দেশৰ জনতাই কবলৈ বাধ্য হৈছে যে ভলোডিমিৰ জেলেনস্কিৰ কমেডীয়ে  ইউক্ৰেনৰ বাবে ট্ৰেজেডি নমাই আনিলে | দেশৰ নেতাজন যেতিয়া এজন কমেডিয়ান হয় ,দেশক কেনেধৰনৰ সৰ্বনাশ কৰিব পাৰে তাকেই আজি আপোনালোকৰ আগত জনাব বিচাৰিছো |১৭ বছৰ বয়সৰ পৰাই জেলেনস্কিয়ে নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে | ১৯৯৭ চনত জেলেনস্কিৰ  বয়স যেতিয়া ১৯ বছৰ হয় ,তেঁও  “কবাৰ্টন ৯৫” নামৰ এক চিনেমা প্ৰডাকচন হাউচ স্থাপন কৰি বহু কেইখন চিনেমা নিৰ্মান কৰে আৰু অভিনয় কৰে | ইয়াৰে কেইবাখনো চিনেমা ৰাচিয়াতো জনপ্ৰিয়তাৰ শিখৰত থাকে | ২০০৮ চনত জেলেনস্কিয়ে অভিনয় কৰা “Love in the big city ” মুক্তি পায় আৰু জেলেনস্কিয়ে কৰা অভিনয়ৰ বাবে   ইউক্ৰেন,ৰাচিয়া আৰু বেলাৰুচত জনপ্ৰিয় হৈ পৰে | ২০১৫ চনত এই প্ৰডাকচন হাউচে প্ৰস্তুত  কৰা এখন কমেডি ধাৰাবাহ্কে  জেলেনস্কিৰ জীৱনলৈ সাংঘাটিক পৰিবৰ্তন নমাই আনে | এই ধাৰাবাহিকখন ইউক্ৰেনত জনপ্ৰিয়তাৰ শীৰ্ষত থাকে | ধাৰাবাহিক খনৰ নাম আছিল-“Servant of the People ” | জেলেনস্কিয়ে এই ধাৰাবাহিকখনত ভাগ্যৰ বলত ইউক্ৰেনৰ ৰাষ্ট্ৰপতিৰ  চৰিত্ৰত অভিনয় কৰে | থিক ২০০১ চনত  “নায়ক” নামৰ হিন্দী চিনেমাখনত অনিল কাপুৰে  হঠাৎ  এদিনৰ বাবে মূখ্যমন্ত্ৰী হোৱাৰ দৰে | জেলেনস্কিয়ে অভিনয় কৰা ধাৰাবাহিখনত  তেঁও প্ৰথমে এজন শিক্ষকৰ  চৰিত্ৰ ৰূপায়ন কৰে  কিন্তু হঠাত এদিন ইউক্ৰেনত ঘটি থকা ভ্ৰষ্টাচাৰৰ প্ৰতিবাদ কৰি এটা সৰু ক্লিপ  সামাজিক মাধ্যমত   প্ৰকাশ কৰি দিয়ে | যি অতি কম সময়ৰ ভিতৰত   সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে | এই চৰিত্ৰটো ইমানেই জনপ্ৰিয় হৈ পৰে যে সাধাৰন জনতাই এদিন তেঁওক দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰে | সেয়া আছিল জেলেনস্কিৰ ধাৰাবাহিকখনত অভিনয় কৰা চৰিত্ৰটোৰ কাহানী | ২০১৫ চনৰ পৰা ২০১৯ চনলৈকে ইউক্ৰেনৰ দুৰদৰ্শনত প্ৰচলিত ধাৰাবাহিকখন  কেৱল কল্পনাৰ ওপৰত নিৰ্মান কৰা এক চৰিত্ৰ আছিল | কিন্তু পিচলৈ এই কল্পনাপ্ৰসুত কাহানী বাস্তৱলৈ পৰিণত হৈছিল | এই ধাৰাবাহিকখনৰ পিচত ইউক্ৰেনৰ  জনতাই জেলেনস্কিক ইউক্ৰেনৰ ৰাষ্ট্ৰপতি হিচাপে কল্পনা কৰিবলৈ ধৰিলে | ইউক্ৰেনৰ জনতাই  ভাবিবলৈ ধৰিলে যে জেলেনস্কিয়ে অভিনয় কৰা চৰিত্ৰৰ দৰে যদি এজন ব্যক্তি ৰাষ্ট্ৰপতি  হয়  , ইউক্ৰেনৰ সকলো সমস্যাৰ ওৰ পৰিব |
             ইউক্ৰেনৰ জনতাই দেশত ঘটি থকা ভ্ৰষ্টাচাৰৰ বাবে অতি বিৰক্ত আৰু ক্ষোভিত হৈ আছিল | ইউক্ৰেনৰ জনতাই পৰিবৰ্তন বিচাৰিছিল | দেশৰ জনতাৰ মনলৈ সেই ধাৰাবাহিকত দেখোৱা নেতাজনৰ চৰিত্ৰটোৰ দৰে এজন নেতাৰ প্ৰয়োজন হৈ পৰিছিল | চৰিত্ৰটোত অভিনয় কৰা জেলোনস্কিয়ে  ২০১৮ চনত ইউক্ৰেনৰ ৰাষ্ট্ৰপতিৰ বাবে হোৱা নিৰ্বাচনত অংশ গ্ৰহন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি এটা ৰাজনৈতিক দল  গঠন কৰে |এই দলটোৰ নাম দুৰদৰ্শনত প্ৰচাৰ কৰা ধাৰাবাহিকখনৰ নাম- “Servant of the People” ৰ সৈতে একেই ৰাখে |  জেলেনস্কিয়ে সেই নিৰ্বাচনত  বিপুল ভোট লাভ কৰি জয়লাভ কৰে আৰু ইউক্ৰেনৰ ৰাষ্ট্ৰপতি হয় | আজি ৰাচিয়া আৰু ইউক্ৰেনৰ মাজত  হোৱা যুদ্ধৰ সকলোতকৈ ডাঙৰ পাৰ্থক্য হ’ল এফালে এজন এনে নেতা যি বয়সত অভিজ্ঞ ,পৰিপুষ্ট (৬৯ বছৰ)আৰু কেজিবিৰ নিচিনা চোৰাংচোৱা সংস্থাৰ টপ এজেন্ট হোৱাৰ অভিজ্ঞতা থকা লোক যি চোৰাংচোৱা সংস্থাত কাম কৰা অভিজ্ঞতাৰে সমগ্ৰ বিশ্বৰে চকুত ধুলি মাৰি নিজৰ উদ্দেশ্য সফল কৰিবলৈ সক্ষম | আনহাতে  ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জন এজন কম বয়সীয়া ,কমেডীয়ান  অভিনেতা | ৰাজনৈতিক জ্ঞানেৰে পুষ্ট ,দেশক   শক্তিশালী নেতৃত্ব দিব পৰা   এজন নেতা নহয় | জেলেনস্কিয়ে দেশক ভাল নাপায় বা দেশৰ কাৰণে একো কৰা নাই তেনে নহয় | কৰিছে কিন্তু ইউক্ৰেনত ঘটা পৰিস্থিতি মোকাবিলা কৰিবলৈ আজি অক্ষম | এজন কমেডিয়ান অভিনেতাই বাইডেনৰ দৰে ক্ষমতাবান নেতাৰ লগত আলোচনা কৰিব লগীয়া হৈছে | NATO ৰ দৰে সংস্থাক আগ্ৰহ কৰিব লগীয়া হৈছে  |ইউক্ৰেনৰ জনতাই এতিয়াহে বুজি পালে যে   টি ভি চিৰিয়েলত দেখুৱাৰ দৰে  ৰাজনীতি কোনো কমেডি শ্ব’ নহয় | কিন্তু এতিয়া হয়তো বহুত দেৰি হৈ গৈছে …!                                                                                         দেশ চলাবলৈ প্ৰয়োজন এজন এনে নেতা যি অভিজ্ঞ আৰু সৱল শক্তিশালী নেতৃত্ব দিব পৰা সক্ষম ব্যক্তি | আজি কালি আমাৰ দেশতো  কমেডিয়ান ৰাজনৈতিক নেতাৰ অভাৱ নাই | তেনে নেতাৰ হাতত দেশৰ বাঘজৰী ডাল গতালে কি অৱস্থা হব পাৰে ,ইউক্ৰেনতকৈ ডাঙৰ উদাহৰণৰ প্ৰয়োজন  নাই |