৭৬% ৰাইজৰ মতে ২০২৪ত আকৌ এবাৰ বিজেপি

805

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ ফেব্ৰুৱাৰী ২০২২ৰ অ’পিনিয়ন প’লত আমি জানিব বিচাৰিছিলো ২০২৪ লোকসভা নিৰ্বাচনত কোন দলে চৰকাৰ গঠন কৰিব। ১ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনেধৰণৰঃ
বিজেপিঃ ৭৬.৫%
কংগ্ৰেছঃ ১৭.৬%
তৃতীয় মৰ্চাঃ ৫.৯%
আমাৰ অ’পিনিয়ন প’লত স্পষ্ট হ’ল যে ২০২৪ত মোদী-৩ আহি আছে। এইটো হ’ব ৰাহুল গান্ধীৰ ক্ৰমাগত তৃতীয় পৰাজয়। অসমৰ নিচিনা এখন ৰাজ্য যত মুছলমান জনসংখ্যা প্ৰায় ৪০%, তাত ৭৬.৫% ৰাইজে বিজেপি জয়ী হ’ব বুলি কোৱাটো উল্লেখযোগ্য কথা। অন্য ৰাজ্যত ই ৮০ বা ৯০ শতাংশ অতিক্ৰম কৰিব পাৰে। এতিয়া লক্ষণীয় হ’ব কংগ্ৰেছ বা তৃতীয় মৰ্চাই কি ৰণকৌশল অবলম্বন কৰে। বিনা যুদ্ধে ৰণক্ষেত্রৰ পৰা পলায়ন কৰে নে মোদীক পৰাজিত কৰিবলৈ আধুনিক অস্ত্র নিৰ্মান কৰে।