নীতি আয়োগৰ প্ৰতিবেদনত অসমৰ বিধ্বস্ত ৰূপ

1149
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“আয়া ৰাম গয়া ৰাম”ৰ কাহিনীটো মনত আছেনে?Defection অৰ্থাৎ দলত্যাগ সাম্প্ৰতিক ৰাজনীতিৰ এক অশুভ পৰম্পৰা। তথাপি ই বহুলভাৱে চলিছে। আদৰ্শৰ উৰ্ধত বাঘে-ছাগে একাকাৰ ৰাজনৈতিক সমীকৰণো চলি আহিছে। গতিকে কাকনো বুলিবা ককা সকলোৰে দাঢ়ি চুলি পকা। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে,ৰাজনৈতিক-অৰাজনৈতিক দলসমূহে ৰাজনৈতিক অংকৰ সমান্তৰালকৈ প্ৰকৃতাৰ্থত জাতি-মাটি-ভেটি  আৰু সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত ৰাইজে আস্থাত ল’ব পৰাকৈ আপোচবিহীন স্থিতি ল’ব পাৰিব লাগিব। আভুৱাভৰা কথা-বতৰা সাময়িক মোহিনী মন্ত্ৰহে। এনে নিচা বেছিদিন নাথাকে।ৰাজনৈতিকভাৱে সাধাৰণ মানুহ অভিজ্ঞ হৈছে। ৰাজনৈতিক “কানি”খালেও স্বজ্ঞানে উপায়ন্তৰ হৈহে খাইছে। প্ৰসংগত ৰাহুল গান্ধীয়ে বেংগলৰ নাম যদি ক’ব পাহৰিলেহেতেন তেন্তে ৰাজনৈতিক মতানৈক্যৰ উৰ্ধত ঐক্যবদ্ধ স্থিতি হ’লহেতেন বেংগলৰ। এনে উদাহৰণ পূৰ্বতে দেখা গৈছে। ৰাজনীতিৰ উৰ্ধত বেংগলৰ ছেন্টিমেন্ট।
অসমত ৰাজনীতিৰ সুৰুঙা বিচাৰৌতেই শেষ।এফালে নিৰ্লিপ্ত কংগ্ৰেছ-আঞ্চলিক শিবিৰ আনফালে ৰাহুল গান্ধীক “জোকাৰ” “পপ্পু নম্বৰ-১” আদি সংলাপ গাই থানাই থানাই পক্ষ-প্ৰতিপক্ষ হৈ ভিৰ কৰাৰ প্ৰতিযোগিতাতেই সীমিত অসমীয়াৰ ছেন্টিমেন্ট। ভীষণ নৰীয়াত জননী জন্মভূমি। অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটত বিভিন্ন কাৰকৰ প্ৰভাৱত বিজেপি অপ্ৰতিৰোধ্য। কিন্তু পৰম নিষ্ঠাৰে ঐক্যবদ্ধ হ‌ʼলে সমাগত দিনত বিৰোধী শক্তিশালী হʼব পাৰে। এইক্ষেত্ৰত কংগ্ৰেছে আঞ্চলিকদল সমূহৰ সৈতে সংপৃক্ত হৈ সৰলৰৈখিক ধাৰা এটাৰে চলিব লাগিব।আদৰ্শগত বিৰোধাভাস সত্বেও সুস্থ গণতন্ত্ৰৰ বাবে বিৰোধী শক্তিশালী হোৱাটো ভাল এই অনুভৱ একান্ত। সময় আৰু ধৈৰ্যসহ ধাৰাবাহিক আৰু Innovative চেষ্টা লাগিব। গণসংযোগত সংখ্যাতকৈ গুণগত সম্পৰ্কৰ দৃঢ়তা অধিক।এনে সম্পৰ্ক তৈয়াৰ এক মধুৰ প্ৰত্যাহ্বান।নাম্বাৰ আপেক্ষিক।সহজে সলনি হৈ যায়। অসমৰ শেহতীয়া ৰাজনীতিলৈ লক্ষ্য কৰিলে দেখা যাব যে,বর্তমান শাসনত থকা চৰকাৰখনে যেন কৰবাত ভবাধৰণে আগবঢ়ি যোৱাত প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে। হয়তো সৰ্ব্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতেও  ভিন্ন এংগলৰ  প্ৰতিবন্ধকতা আছিল।ড: হিমন্তবিশ্ব শৰ্মাৰ আগ্ৰাসী চৰিত্ৰ আৰু উদ্যমিতাৰ বাবে সেই প্ৰতিবন্ধকতাসমূহ চকুত পৰা হল। এশএবুৰি সমস্যাত ককবকাই থকা ৰাজ্যখনৰ ভয়াবহ বানপানী সমস্যা,বাংলাদেশী বির্তক,উগ্রপন্থী সমস্যা ,উন্নয়ন আৰু অর্থনৈতিক স্থবিৰতা আদি দূৰ কৰাত বিজেপি নেতৃত্বই কেন্দ্রৰ সহযোগত গতিশীল আঁচনি ৰূপায়ণৰ পদক্ষেপ গ্রহণ কৰিব লাগিব। তদুপৰি বৃহৎ নদীবান্ধ,অনুপ্রৱেশৰ দৰে সংবেদনশীল সমস্যা সর্ন্দভত ৰাজ্যিক বি.জেপি নেতৃত্বৰ স্পষ্ট স্থিতি জনসাধাৰণৰ কাম্য। তদানীন্তন চৰকাৰৰ পদক্ষেপসমূহ দৃঢ় আৰু সুপৰিকল্পিত হ’ব লাগিব।
 অসম চৰকাৰৰ উন্নয়নৰ শ্ল’গানক অৰ্থহীন প্ৰতিপন্ন কৰিছে নীতি আয়োগে যি নীতি আয়োগৰ অধ্যক্ষ খোদ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকী। খোৱা পানী, জীৱন-জীৱিকাৰ পৰা‌ আৰম্ভ কৰি জনস্বাস্থ্য,বিপদ গ্ৰস্থতা,সকলো দিশতে পিছপৰি আছে অসম। কাৰ্যতঃ অসমৰ স্থান নাগালেণ্ড কিম্বা মেঘালয়ত কৈও বহু তলত।উল্লেখযোগ্য যে, নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা‌ বহনক্ষম উন্নয়নৰ দিশৰ পৰা ৰাজ্য সমূহৰ স্থান সম্পৰ্কীয় তালিকাত অসমৰ নাম একেবাৰে শেষৰ পৰা বিহাৰ আৰু ঝাড়খণ্ডৰ ওপৰতহে আছে।নীতি আয়োগে প্ৰতি বছৰে সোতৰটা বিষয়ক মাপক হিচাবে লৈ কোন কোন ৰাজ্য এই বিষয় সমূহ বাস্তবায়িত কৰিব পাৰিছে তাকেলৈ প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে।
নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে মুকলি কৰা ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচকাংক ২০২০-২১ৰ প্ৰতিবেদনত অসমে ৫৭ নম্বৰ লাভ কৰি তলৰ ফালৰ পৰা তিনি নম্বৰ স্থান অধিকাৰ কৰাৰ বিপৰীতে শীৰ্ষস্থানত থকা কেৰেলাই লাভ কৰে ৭৫ নম্বৰ।কেৰেলাৰ পিছতে তামিলনাডু আৰু হিমাচল প্ৰদেশে যুটীয়াভাৱে ৭৪ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। উল্লেখযোগ্য যে এইবাৰৰ সূচকাংকত ২০১৯ চনৰ তুলনাত মিজোৰাম, হাৰিয়ানা আৰু উত্তৰাখণ্ডই ক্ৰমে ১২, ১০ আৰু ৮ নম্বৰ বৃদ্ধিৰে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।উক্ত প্ৰতিবেদনৰ মতে সু-স্বাস্থ্য আৰু ভাল অৱস্থা (good health and well-being) আৰু লিংগ সমতাৰ ক্ষেত্ৰত অসমৰ স্থান আটাইতকৈ তলত, সু-স্বাস্থ্য প্ৰদানত অসমে ৫৯ নম্বৰ লাভ কৰাৰ বিপৰীতে লিংগ সমতাৰ ক্ষেত্ৰত লাভ কৰিছে মাত্ৰ ২৫ নম্বৰ। আনহাতে অসমৰ ৩১.৯৮ শতাংশ লোকে দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে আৰু দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত ৰাজ্যখনে ৫১ নম্বৰ লাভ কৰি তলৰ ফালৰ পৰা সপ্তম স্থানত আছে৷একেদৰে শিক্ষাৰ মানদণ্ডত অসমৰ স্থান হ’ল তলৰ পৰা পঞ্চম (৪৩ নম্বৰ)। ক্ষুধাহীনতাৰ ক্ষেত্ৰত অসমে ৪১ নম্বৰ লাভ কৰি তালিকাৰ তলৰ ফালৰ পৰা ষষ্ঠ স্থানত আছে ৷নিটি আয়োগৰ বহনক্ষম উন্নয়ন সূচকাংকৰ তালিকাত ২০২০-২১ত শোচনীয় প্ৰদৰ্শন কৰা ৭ খন ৰাজ্য হৈছে ক্ৰমে বিহাৰ (৫২), ঝাৰখণ্ড (৫৬), অসম (৫৭), অৰুণাচল প্ৰদেশ (৬০), মেঘালয় (৬০), ৰাজস্থান (৬০) আৰু উত্তৰ প্ৰদেশ (৬০)।সামগ্ৰিকভাৱে শেষৰ পৰা‌ অসম তিনি নম্বৰত আছে আৰু প্ৰথমৰ পৰা অসম ২৬ নম্বৰত আছে। অসমৰ পিছত ৫৬ পইন্টেৰে ঝাড়খণ্ড আৰু ৫২ পইন্টেৰে বিহাৰৰ অৱস্থা আৰু শোচনীয়।দাৰিদ্ৰতা, সু-স্বাস্থ্য,  শিক্ষা, পৰিস্কাৰ পানী, পৰিস্কাৰ ইন্ধন, উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁঠনি, জলবায়ু সংৰক্ষণ আৰু সহযোগিতা আদিৰ ক্ষেত্ৰত অসমৰ উন্নয়ন তেনেই ন্যুনতম।যোৱা দশকটোত অসমে এনে কোনো ক্ষেত্ৰতেই উল্লেখনীয় কোনো কাম কৰি‌ দেখুৱাব পৰা‌ নাই।নীতি আয়োগৰ এই প্ৰতিবেদনত প্ৰতিফলিত হৈছে অসম চৰকাৰৰ এই সীমাবদ্ধতা । উদাহৰণ স্বৰূপে অসমৰ‌ মাত্ৰ ২৫ শতাংশ লোকেহে পায় খোৱা পানী। একেদৰে প্ৰসূতিৰ মৃত্যুৰ হাৰো উদ্বেগজনক।
ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দৰ বিকাশ লক্ষ্য সমূহ অসমৰ দৰে ৰাজ্য সমূহে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সফল নোহোৱাৰ পিছত পৰৱৰ্তী লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল SDG ( Sustainable Development Goal )। কিন্তু এতিয়া এনে লক্ষ্য সমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো অসমে পিছ পৰি ৰ’ব লগীয়া হোৱাটো অতি দুৰ্ভাগ্য জনক।লক্ষণীয়ভাৱে যোৱা দশকটোত এই লক্ষ্য সমূহ স্পৰ্শ কৰাৰ‌ বাবে অসমৰ‌ দৰে ৰাজ্যতে হেজাৰ হেজাৰ কোটি টকা বিনিয়োগ কৰা‌ হৈছে।‌‌সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, জল জীৱন মিছন তথা বিশ্ব বেংকৰ পুঁজিৰে চলা প্ৰকল্প সমূহ তাৰেই উদাহৰণ।নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি অসম দেশৰ ভিতৰতে ষষ্ঠতম দৰিদ্ৰ ৰাজ্য।তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মেঘালয়ৰ পাছতে অসম সবাতোকৈ দৰিদ্ৰ ৰাজ্য।উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্য ক্ৰমে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ছিকিমৰ অৱস্থা অসমতকৈ টনকিয়াল।
একেবাৰে বাস্তৱ কথাটো হ’ল সাধাৰণ মানুহে বিকাশৰ ভেঁটি তৈয়াৰ হোৱাটো বিচাৰে।কেৱল বৃহৎ উদ্যোগ গঢ়িলেই নহ’ব সাধাৰণ মানুহৰ সুষম বিকাশৰ অর্থে স্বাৱলম্বীতাৰ চর্চা হোৱা উচিত।অসমৰ মৃতপ্রায় উদ্যোগসমূহ জীয়াই তুলিব লাগিব।অসমৰ মানুহৰ হাতত অসমৰ সম্পত্তিৰ সুৰক্ষিতকৰণত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব নিশ্চয় অসমৰ মাননীয় সাংসদসকলে।কেন্দ্রীয় চৰকাৰৰ মন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি অন্যান্য বিজেপি সাংসদসকলৰ পৰা অসমৰ ৰাইজৰ প্রত্যাশা সর্বাধিক। কেন্দ্রত চৰকাৰে অসমৰ ৰাইজৰ সংবেদনশীলতা অথবা অসমৰ সমস্যাসমূহৰ সঠিক চৰিত্রৰ উমান পোৱাত যোগসূত্রৰ ভূমিকা লৈ সৎ মানসিকতা প্রদর্শন কৰাত অসমৰ বিজেপি নেতৃত্বৰ কৰণীয় কিছু নিশ্চয় আছে।মোডী ঢৌৰ ভৰষাত নহয় অসমৰ ৰাজনীতিত কাজে-কর্মই সম্ভাৱণা তৈয়াৰ কৰিব সমর্থ হ’ব লাগিব ৰাজ্যিক বিজেপি।কঠোৰ সমালোচনাও গ্রহন কৰিবলৈ প্রস্তুত থাকিব লাগিব। কাৰণ যাৰ প্রতি আন্তৰিকতা থাকে তাকেই ৰাইজে সমালোচকৰ দৃষ্টিৰে লক্ষ্য ৰাখে।ইতিবাচক সমালোচনাক গুৰুত্ব দি আগবাঢ়িব লাগিব বিজেপি নেতৃত্ব।শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ আঁচনি সর্ম্পকে ৰাইজ বিভ্রান্ত হোৱা দেখা গৈছে।সহজবোধ্য ৰূপত ইয়াক উপস্থাপনৰ প্রয়োজন। মোডী ডাঙৰীয়াৰ ব্যক্তিত্বই আমাক আকর্ষিত কৰে।আমি আশা কৰিম মোডী ডাঙৰীয়াৰ নেতৃত্বত এখন উন্নত ভাৰত গঠন হ’ব।সমান্তৰাল ভাৱে অসম তথা উত্তৰ পূৱৰ সাধাৰণ ৰাইজৰ আশা আকাঙ্খাবোৰৰ যাতে সমাধিস্থ নহয় সেয়াও জৰুৰী।অসমৰ ৰাইজৰ আশাক বাস্তবায়িত কৰাৰ দিশত ৰাজ্যিক বিজেপি নেতৃত্বৰ তৎপৰতা নিশ্চয়কৈ জৰুৰী বিবেচিত হ’ব।
কিছুমান কথাৰ আলোচনাবোৰ বৰ পাক লগা ধৰণৰ কিন্তু আলোচনা নকৰিলেও নহয়।সৌ সিদিনালৈকে শাসনত থকা কংগ্রেছ দলৰ যি বিধ্বস্ত ৰূপ পৰিলক্ষিত হ’ল তাৰ দ্বাৰা স্পষ্ট হয় যে ৰাজনীতিত কোনো ব্ৰ্রেণ্ডেই স্থায়ী নহয়।গান্ধী মার্কা ৰাজনীতিক প্রত্যাখান জনাই এইবাৰ ৰাইজে পৰীক্ষা কৰিছে মোডী ফৰ্মূলা।বিভিন্ন সময়ত মোডী চৰকাৰে কিছু অভিলাষী আঁচনি তৈয়াৰ কৰা দেখা গৈছে যদিও তৃতীয় বিশ্বৰ ১২০ কৌটিৰো অধিক জনসংখ্যাৰ  উন্নয়নশীল দেশ ভাৰতবর্ষৰ ক্ষেত্রত ব্যক্তিৰ বিকাশ আৰু জীৱন সম্পত্তিৰ সুৰক্ষাৰ দিশটোও সমান্তৰাল ভাৱে গুৰুত্বসহকাৰে মনত ৰাখিব লাগিব।উন্নয়ণ আৰু বিকাশৰ আঁচনি লাগিবই কিন্তু সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষেত্রত আপোচ নকৰিলেই মংগল।আন্ত:গাঁথনিৰ উন্নয়ন আৰু জনমুখী অর্থনৈতিক নীতি গ্রহণ আৰু মুক্ত অর্থনীতিৰ  পৰিকাঠামো তৈয়াৰ হওঁক কিন্তু সমগ্র প্রক্ৰিয়াটোত যাতে সাধাৰণ জনতাৰ অংশগ্রহন আৰু সুষম বিকাশৰ দিশটো গুৰুত্বপূর্ণ বিবেচিত হয়।আমি আশা কৰিম শিক্ষা,স্বাস্থ্য,উদ্যোগ,কর্মসংস্থাপন আদি সকলো দিশতে মোডী চৰকাৰ অথবা অসমত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শক্তিশালী নীতি গ্রহণ কৰিব কিন্তু সমান্তৰাল ভাৱে সংশয়জনিত দিশসমূহো গুৰুত্ব সহকাৰে ল’ব লাগিব।
ড:এ পি জে আব্দুল কালামেও কৈ গৈছে-“সকলো চৰায়েই বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে। সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে।”পুনঃ কৈছো উন্নয়ন আৰু প্ৰগতিৰ সোপান ৰঁচাৰ কথা কোৱা বিজেপিৰ দিনত অসমত কিছু ইতিবাচক খবৰ দেখা গৈছে।অৱশ্যেই সাগৰলৈ বহুদূৰ।বহুকৰণীয় ৰৈ গৈছে সেয়া জলজল পটপটকৈ দৃষ্টিগোচৰ হৈছে।সম্ভৱতঃ কিছু কথা-কিছু কাম “মেনেজ” নহয়।বহু উৰ্ধত বৰ মহৎ দায়বদ্ধতা।আমি আশাবাদী।