মোদীৰ পিছত যোগী নে হিমন্ত বিশ্ব?

1165
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২০২৪ত বিজেপিৰ জয় হ’ব আৰু নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্রী হ’ব। বিভিন্ন ৰাষ্ট্ৰীয় মাধ্যমৰ অ’পিনিয়ন প’ল প্ৰত্যক্ষ কৰি ২০২৪ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে এই কথাশাৰ দৃৃঢ়তাৰে ক’ব পাৰো। বিজয়ৰ ব্যবধান কিমান হ’ব তাক বুজিবলৈ আৰু অলপ সময় লাগিব। গুৰিয়ালহীন নাওঁৰ দৰে অবস্থা প্ৰধান বিৰোধী দল কংগ্ৰেছৰ। ৰাহুল গান্ধীৰ যোগ্যতা নাই আৰু গান্ধী পৰিয়ালে আন কাকো দলৰ দায়িত্ব নিদিয়ে। অদূৰ ভবিষ্যতেও দিল্লীত কংগ্ৰেছে ক্ষমতাৰ বাঘজৰী পোৱাৰ সম্ভাবনা খুব কম।  সেয়েহে ২০২৪ বা তাৰ আগলৈ গৈ ২০২৯ত কাৰ চৰকাৰ হ’ব সেইলৈ বৰ বেছি মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। এতিয়া বহুতৰে মনত প্ৰশ্ন হৈছে মোদীৰ পিছত কোন? ২০২৯ত মোদীৰ বয়স হ’ব ৭৮। মোদীয়ে নিজৰ কেবিনেটত ৭৪ৰ উৰ্দ্ধৰ কোনো ব্যক্তিক স্থান দিবলৈ ইচ্ছা নকৰে। তেনে ক্ষেত্রত ৭৮ বছৰত তেওঁ প্ৰধানমন্ত্রীৰ আসন গ্ৰহণ কৰিবনে তাত সন্দেহ আছে। কিন্তু এটা কথা ঠিক যে মোদীয়ে নিজে নিবিচাৰিলে তেওঁক প্ৰধানমন্ত্রী পদৰ পৰা বিজেপিয়ে আতৰ নকৰে। মোদীৰ উত্তৰাধিকাৰী হিচাপে চালে প্ৰথমতে নাম আহে অমিত শ্বাহৰ। গৃহমন্ত্রী অমিত শ্বাহ মোদীৰ সকলোতকৈ ঘনিষ্ঠ নেতা। কিন্তু একেৰাহে দুজন গুজৰাটীক বিজেপিয়ে প্ৰধানমন্ত্রীৰ পদ দিবনে সেয়া সন্দেহৰ বিষয়। শ্বাহ এজন সফল সংগঠক। বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰি তেওঁ দলটোক উচ্চতাৰ শিখৰলৈ লৈ গৈছে। যদিও তেওঁ সুন্দৰকৈ ভাষন দিব পাৰে তথাপিও তেওক এজন জননেতা বা mass leader বুলি কোৱাত অসুবিধা আছে। ইয়াৰ কাৰণ হ’ল গুজৰাট হওক বা দিল্লী তেওঁ সদায় নৰেন্দ্ৰ মোদীৰ চত্রছায়াত কাম কৰিছে। জেপি নদ্দাও এজন ভাল সংগঠক যদিও তেওঁৰ বাগ্মীতাৰ ফালৰ পৰা মোদীৰ তুলনাত বহু যোজন আতৰত। স্বাস্হ্য মন্ত্রীৰ দায়িত্বত থকা সময়চোৱাত নাদ্দাই কোনো বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল। নৰমপন্থী নাদ্দাক সেয়েহে আৰ.এছ.এছে পচন্দ কৰাৰ সম্ভাবনা কম। বিভিন্ন ৰাজ্যত বিজেপিৰ কেইবাজনো মুখ্যমন্ত্রী আছে যদিও বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ গুৰুত্ব পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। হিন্দুত্বৰ সপক্ষে বিভিন্ন সময়ত তীক্ষ্ণ আৰু বিতৰ্কিত মন্তব্য কৰি দুয়োজনে হিন্দুত্বৰ নতুন পোষ্টাৰ বয় ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছে। চ’চিয়েল মিডিয়াতো বৰ্তমান বিজেপি সমৰ্থক সকলৰ ভিতৰত সকলোতকৈ জনপ্ৰিয় এই দুজন নেতা। এওঁলোকৰ ইন্টাৰভিউ বিলাকত ইউ টিউবত সকলোতকৈ বেছি ভিউজ আহে। দেশৰ সকলোতকৈ ডাঙৰ ৰাজ্য হোৱাৰ বাবে উত্তৰ প্ৰদেশৰ গুৰুত্ব দেশৰ ৰাজনীতিত সকলোতকৈ বেছি। সেইফালৰ পৰা যোগী মোদীৰ উত্তৰাধিকাৰী হোৱাৰ সম্ভাবনা বেছি। তেওঁ যিহেতু সন্নাসী সেইবাবে জাত পাতৰো সমস্যা নাই। যোগী বাকপতু তথা হিন্দী তেওঁৰ মাতৃভাষা। যোগী গণিত বিষত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছে যদিও তেওঁৰ তুলনাত ড° হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতা বহু বেছি। এম.এ কৰি আইনৰ ডিগ্ৰী লাভ কৰা শৰ্মাই ডক্টৰেট কৰাৰ উপৰিও কেইবাখনো কিতাপ লেখিছে। ৰাষ্ট্ৰীয় মাধ্যমৰ বিভিন্ন সাক্ষাৎকাৰত দেশৰ অৰ্থনীতি, ৰাজনীতি, বিদেশ নীতি আদিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই খুব মননশীল বক্তব্য আগবঢ়াইছে। হিন্দী কোৱাত তেওঁ কিছু অসুবিধা পায় যদিও আগতকৈ বহু উন্নত হৈছে। ইংৰাজী কবলৈ বেছি ভাল পায় যেন অনুমান হয়। অসম যদিও সৰু ৰাজ্য, অসমতকৈও সৰু পঞ্জাবৰ পৰা মনমোহন সিং দহবছৰ প্ৰধানমন্ত্রী হৈছিল। মোদীও গুজৰাটৰ পৰা গৈ উত্তৰপ্ৰদেশৰ পৰা নিৰ্বাচন খেলি প্ৰধানমন্ত্রী হৈছিল। এই সকলোবোৰ শৰ্মাৰ প্ৰগতিৰ হেঙাৰ নহয়। একমাত্র সমস্যা তেওঁৰ কংগ্ৰেছীৰ লেবেলখন। ২৩ বছৰ কংগ্ৰেছী হৈ থকা নেতা এজনক আৰ.এছ.এছ বা বিজেপিয়ে কেনেকৈ বিশ্বাসত ল’ব? সেইবাবেই শৰ্মাই অহৰ্নিশে নিজকে শ্ৰেষ্ঠ হিন্দু বুলি প্ৰতিষ্ঠা কৰাত ব্ৰতী হৈছে। অহা ৭ বছৰত তেওঁ আৰ.এছ.এছক কিমান বিশ্বাস জন্মাব পাৰে সেয়া অসমৰ ৰাইজে লক্ষ্য কৰিব। এটা কথা ঠিক যে প্ৰধানমন্ত্রী নহ’লেও কেন্দ্ৰত গৃহ বা বিত্তৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ শৰ্মাই যে লাভ কৰিব সেয়া ধুৰুপ। ২০২৯ত মোদীৰ লগতে বহু পুৰণি নেতাই ৰাজনীতিৰ পৰা অবসৰ ল’ব পাৰে। ইয়াৰ ভিতৰত আছে ৰাজনাথ সিং, নিতিন গাদকাৰী, প্ৰহ্লাদ যোশী ইত্যাদি। কেবিনেটত গুৰুত্ব পাব পাৰে অনুৰাগ ঠাকুৰ, কিৰেণ ৰিজিজু, তেজস্বী সূৰ্য্য , পুনম মহাজনৰ দৰে যুৱ চেহেৰাই। অহা ৭ বছৰত ৰাজনীতি বহু সলনি হ’ব।