বাজপেয়ীৰ বিজেপি বনাম বনিয়াৰ বিজেপি

1054
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“মই সংখ্যাবলৰ সন্মুখত মূৰ দোৱাইছো। কিন্তু হাতত যি কাৰ্য্য লৈছো সেয়া ৰাষ্ট্ৰহিতৰ বাবে যেতিয়ালৈকে সম্পূৰ্ণ কৰিব নোৱাৰো তেতিয়ালৈকে সুখেৰে নাথাকো, শান্তিৰে নাথাকো।” মাত্র ১৩ দিনত প্ৰধানমন্ত্রীৰ আসনত বহি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ অসফল হৈ এনেদৰে কৈছিল অটল বিহাৰী বাজপেয়ী মহোদয়ে। পিছত ১৩ মাহৰ বাবে বাজপেয়ীৰ দ্বিতীয় চৰকাৰ আহিল। মাত্র এটা ভোটত চৰকাৰ আস্থা ভোটত পৰাজিত হ’ল। ইচ্ছা কৰিলে বাজপেয়ীয়ে সাংসদ কিনি চৰকাৰ বচাব পাৰিলেহেতেন। কিন্তু দুৰ্নীতিৰ আশ্ৰয় লৈ চৰকাৰ গঠন কৰাতকৈ তেওঁ নিজৰ পদ ত্যাগ কৰা উচিত বুলি ধাৰণা কৰিলে। সেই সময়ত বিজেপিক কোৱা হৈছিল Party with a difference. অটল বিহাৰী বাজপেয়ী, মুৰলী মনোহৰ যোশী, জগমোহন, সুষমা স্বৰাজ আদিৰ দৰে সৎ ৰাজনেতাই বিজেপিৰ মঞ্চ শুৱনি কৰিছিল। মমতাৰ পৰা নিতিশ কুমাৰ একুৰিৰো অধিক দলে বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। এই অটল বিহাৰী বাজপেয়ীৰ দলত এতিয়া কি সংঘটিত হৈছে? ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে প্ৰধানমন্ত্রীৰ পৰম মিত্র গৌতম আদানীয়ে। আদানী- আম্বানীৰ যুঁতিয়ে যোৱা ৭ বছৰত নিজৰ অৰ্থ বহুগুণে বৃদ্ধি কৰিলে। বিজেপিয়ে নিজৰ বাবে কেইবামহলীয়া অট্টালিকা সাজিলে, আনফালে সাধাৰণ ৰাইজে নিবনুৱা সমস্যা আৰু মুল্যবৃদ্ধিত ত্রাহি মধুসূদন দেখিলে। ৰাষ্ট্ৰীয় মাধ্যমত এতিয়া নিৰপেক্ষ বাতৰি চেনেল নোহোৱা হ’ল। অসমৰ পৰিস্থিতি আৰু ভয়ানক। ৰিপোৰ্টাৰক ধমক দিয়া পিযুষ হাজৰিকা আজি কেবিনেট মন্ত্রী। ফণী তালুকদাৰৰ দৰে বিতৰ্কিত সদাগৰ আজি বাজপেয়ী ভৱনৰ অতিথি। তাতেই ৰূপজ্যোতি কুৰ্মীৰ দৰে নেতাই কিৰীলি পাৰি হাঁহে। দিগন্ত কলিতা, অমিয় ভূঞাই আকৌ পুলিচৰ গাত হাত দিবলৈ কুন্ঠাবোধ নকৰে। মুঠৰ ওপৰত বাজপেয়ীৰ বিজেপিৰ আজি চিন মোকাম নোহোৱা হ’ল। বাজপেয়ীৰ বিজেপি পৰিণত হ’ল বনিয়াৰ বিজেপিত।