অসম বৈভবৰ পিছত ৰতন টাটালৈ ভাৰত ৰত্ন?

1017
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২০০৮ চনত গোটেই পৃথিবীতে মন্দাবস্তা চলি আছিল। এম.এন.চি বিলাক চাপত আছিল। খৰছ হ্ৰাস কৰিবলৈ তেওঁলোকে প্ৰথমতে বাথৰূমৰ পৰা কাগজৰ টিছুবিলাক নোহোৱা কৰিলে। তাৰ ঠাইত আহিল হেণ্ড ড্ৰায়াৰ। বহু নামী- দামী আই.টি কোম্পানীয়ে নিজৰ কৰ্মচাৰী চাটাই কৰা আৰম্ভ কৰিলে। সেই সময়ত নিজৰ মানুহৰ কাষত থিয় দিলে ৰতন টাটাই। টাটাৰ এজন কৰ্মচাৰীকো বিপদৰ সময়ত এৰি নিদিলে। প্ৰজেক্ট নোপোৱাকৈ বেঞ্চত থকা কিছুমানক ৬ মাহ-১০ মাহলৈ  দৰমহা দিলে। তেওঁলোক কেবল ১ ঘন্টাৰ বাবে দৈনিক অফিছলৈ আহিছিল। প্ৰচণ্ড মানসিক চাপত আছিল তেওঁলোক। কিন্তু ৰতন টাটাৰ আশীৰ্বাদত কোনো এজনেও চাকৰিৰ পৰা অব্যাহতি ল’ব লগা হ’ল। ২০১০ চন মানৰ পৰা পুনৰ ভাল দিন ঘূৰি আহিল। কোম্পানী বিলাকে নতুনকৈ চাকৰিত মকৰল কৰা আৰম্ভ কৰিলে। বিপদৰ সময়ত নিজৰ কৰ্মচাৰীক সহযোগ কৰা ৰতন টাটাক গোটেই বিশ্বই শলাগ ল’লে। ৰতন টাটাৰ প্ৰচেষ্টাতে অসমকে ধৰি ৫ খন ৰাজ্যই কেঞ্চাৰ চিকিৎসাৰ বাবে ১০০০ কৌটি টকা লাভ কৰিলে। বহুতে ৰতন টাটাক টাটা কোম্পানীৰ মালিক বুলি ভাবে। প্ৰকৃততে ৰতন টাটাৰ শ্বেয়াৰ টাটা গ্ৰুপত ১% তকৈও কম। তেওঁ টাটা গ্ৰুপৰ চেয়াৰমেন আছিল যদিও ২০১২ চনত সেই পদৰ পৰা অব্যাহতি লয়। বৰ্তমান টাটা গ্ৰুপৰ চেয়াৰমেন এন. চন্দ্ৰশেখৰন। তথাপিও কোম্পানীত ৰতন টাটাৰ প্ৰভাব অপৰিসীম। টাটাক প্ৰতিষ্ঠা কৰিছিল জামছেথজী টাটাই। ৰতন টাটাৰ পিতৃ নাভাল টাটা জামছেথজীৰ তোলনীয়া নাতি। সম্পূৰ্ণ নিজৰ যোগ্যতাৰ বলত ৰতন টাটাই কোম্পানীৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছিল। আম্বানী,আদানীৰ দৰে ব্যৱসায়ীয়ে মানবীয়তাতকৈ নিজৰ মুনাফাক গুৰুত্ব দিয়ে। তেওঁলোকৰ বিলাসী জীৱনৰ কথা ৰাইজৰ মুখে মুখে। আনহাতে ৰতন টাটাই এটা সাধাৰণ ঘৰত বাস কৰে, ফ্লাইটৰ ইকোনোমিক ক্লাচত যাত্রা কৰে। কোম্পানীক মুনাফা লাগিব ঠিকেই। মুনাফা নহ’লে কোম্পানী চলাব পৰা নাযাব, কৰ্মচাৰীক দৰমহা দিব পৰা নাযাব। কিন্তু মুনাফাৰ এটা বৃহৎ অংশ সমাজৰ দুৰ্বল শ্ৰেণীটোৰ বাবে সমৰ্পিত কৰাৰ যি মানসিকতা সেয়া আন বিজনেছ টাইকন সকলে টাটাৰ পৰা শিকিব লাগে।  ৰতন টাটাই সমাজ সেৱাৰ লগতে নিজৰ কোম্পানীক উন্নতিৰ শিখৰলৈ লৈ গৈছিল। তেওঁৰ দিনতে ইনফছিছ, ৱিপ্ৰো আদি আই.টি কোম্পানীক পিছ ফেলাই টাটা কনছালটেনছী চাৰ্ভিছ ভাৰতৰ ১ নম্বৰ আই.টি কোম্পানীৰ মৰ্য্যাদা লাভ কৰিছিল। আজিৰ তাৰিখত দুই, তিনি আৰু চাৰি নম্বৰত থকা তিনিটা কোম্পানীৰ অৰ্থ লগ লাগিলেও টাটাক চুব নোৱাৰে। ৰতন টাটাৰ দিনতে জেগুৱাৰ-লেণ্ড ৰভাৰ টাটাই কিনি লয়। বিদেশত কোনোবাই জেগুৱাৰ গাড়ী দেখিলে গৌৰৱৰে কব পাৰিব_ এয়া আমাৰ ভাৰতীয় কোম্পানী। সেইজন ৰতন টাটাক অসম চৰকাৰে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভব’ বঁটা প্ৰদান কৰে। অসমৰ বৰ্তমান প্ৰেক্ষাপটত এই বঁটাৰ বাবে ৰতন টাটাতকৈ আন কোনো যোগ্য ব্যক্তি থাকিব নোৱাৰে। অসমৰ দুখীয়া কেঞ্চাৰ ৰোগীসকলৰ বাবে টাটাই যি কৰিলে তাৰ তুলনা নাই। এই বঁটাই আন বহু ধনী ব্যৱসায়ীক সমজ সেৱাৰ বাবে উৎসাহিত কৰিব। বৰ্তমান চচিয়েল মিডিয়াত ৰতন টাটাক ভাৰত ৰত্ন দিয়াৰ বাবে ৰাইজে দাবী তুলিছে। এই দাবী সম্পূৰ্ণ যুক্তিসংগত। তেখেতৰ জীৱনকালতে ভাৰত ৰত্ন বঁটা প্ৰদান কৰি এই মনীষী জনক সন্মানিত কৰা উচিত।