মহন্ত, গগৈ আৰু বেবী পেংগুৱীন

840
  • ৰজত হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


প্ৰফুল্ল মহন্ত, তৰুণ গগৈ আৰু উদ্ধব থাকৰেৰ মাজত কি মিল আছে? তিনিওজনে নিজৰ যোগ্য কাৰ্য্যকৰ্তাতকৈ পৰিয়ালক অগ্ৰাধিকাৰ দিছিল। প্ৰফুল্ল মহন্ত মুখ্যমন্ত্রী থাকোতে ৰাজ্যৰ শাসন চলাইছিল পত্নী জয়শ্ৰী মহন্তই। ১৯৮৫ৰ গৃহমন্ত্রী ভৃগুকুমাৰ ফুকনক মহন্তই চতুৰালি কৰি ১৯৯৬ চনৰ মন্ত্রীসভাত স্থান নিদিলে। উদ্দেশ্য এটাই যাতে তেওঁ পৰিয়ালক আগুৱাই নিব পাৰে। সেইসময়ৰ এখন জনপ্ৰিয় বাতৰি কাকতৰ এটা হেদলাইন মনত পৰিছে _ গঢ়কাপ্তানী মন্ত্রী নগেন শৰ্মাৰ পাখি কাটিব জয়শ্ৰী মহন্তই। সেইসময়ত খবৰ ৰখা মহলে জানে যে জয়শ্ৰী মহন্ত আছিল অসমৰ পৰ্দাৰ আঁৰৰ মুখ্যমন্ত্রী। প্ৰফুল্ল মহন্তক সম্পূৰ্ণ ভাবে বশ কৰি ৰাখিছিল পত্নীয়ে। সুযোগ পালে পুত্রকো আগুৱাই দিলে হেতেন কিন্তু পুত্র শ্যামন্ত ভালকৈ জনা বুজা হোৱাৰ আগতে ৰাজনীতিত গুৰুত্বহীন হৈ পৰিল মহন্ত। পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰা বাবেই পতন হৈছিল প্ৰফুল্ল মহন্তৰ। মহন্তৰ দৰে একে ভুল কৰিলে তৰুণ গগৈয়ে। ১০ বছৰ পৰিয়ালক দুৰত ৰখাৰ পিছত ২০০৯ত নিজৰ উত্তৰাধিকাৰী ৰূপে আগুৱাই দিলে পুত্রক। স্বাভাবিকতে অশান্ত হৈ পৰিল দলৰ ভিতৰচৰা। আমেৰিকাৰ পৰা অহা ,ৰাজনীতিৰ অ আ ক খ নজনা, অসমীয়া ভালকৈ ক’ব নোৱাৰা ৩৩ বছৰীয়া লৰাজনক যেতিয়া দশক দশক ধৰি ৰাজনীতি কৰা কেবিনেট মন্ত্রী এজনে চেলুট কৰিব লাগিব,  তাতকৈ দুৰ্ভাগ্যৰ কথা কি হ’ব পাৰে? পৰিয়ালকেন্দ্ৰীক ৰাজনীতি আৰম্ভ কৰাৰ বাবেই পতন ঘটিল অসমৰ এগৰাকী অতিকে জনপ্ৰিয় মুখ্যমন্ত্রীৰ তাকো তেখতৰে শিষ্যৰ হাতত। মহাৰাষ্ট্ৰতো একে ঘটনা। সহজ সৰল উদ্ধব থাকৰেক পিতৃ বালাচাহাব থাকৰে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰে। অথচ ইয়াৰ আচল দাবীদাৰ আছিল তেখেতৰ ভতিজাক ৰাজ থাকৰে। দেখাত ৰাজ আৰু বাল থাকৰেৰ মিল ‍আছে। ৰাজৰ বক্তৃতাতো ধাৰ আছে। কিন্তু পুত্রস্নেহত ভুল হৈ গ’ল চাহেবৰ। দেউতাকৰ আদৰ্শৰ পৰা ফালৰি কাটি ক্ষমতাৰ বাবে উদ্ধৱে  কংগ্ৰেছৰ লগত হাত মিলালে। উদ্ধৱৰ সৰলতাৰ সুযোগ ল’লে পত্নী ,পুত্র আৰু সঞ্জয় ৰাউটে। পত্নীয়ে নেপথ্যত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে। ৩০ বছৰ বয়সত পুত্র আদিত্য থাকৰে কেবিনেট মন্ত্রী হ’ল। যোগ্যতা এটাই যে তেওঁ থাকৰে পৰিয়ালৰ। ৩০ বছৰীয়া অনভিজ্ঞ লৰাজনে একনাথ সিন্ধেৰ নিচিনা দিগ্গজ ৰাজনীতিকৰ মুৰত উঠিল। ফলত ক্ৰোধিত হ’ল শিৱসেনাৰ অধিকাংশ বিধায়ক। আদিত্যক বহুতে মুম্বাইত বেবী পেংগুইন বুলি জানে। কেন্দ্ৰীয় চৰকাৰ ই.ডি আৰু আয়কৰ বিভাগৰ হেচাইয়ো কিছু অৰিহণা যোগালে। ফলত ৩৯জন বিধায়ক মুম্বাইৰ পৰা গুৱাহাটী পালে আৰু থাকৰে চৰকাৰ পতন ঘটিল। পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ শ্ৰাদ্ধ হোৱা দেখি সাধাৰণ লোক আনন্দিত হৈছে। অন্ততঃ ভাৰতত কেবল প্ৰধানমন্ত্রীৰ ঘৰৰ পৰা প্ৰধানমন্ত্রী বা মুখ্যমন্ত্রীৰ সন্তানেহে মুখ্যমন্ত্রী হ’ব নোৱাৰে। যোগ্য সকলোৱে সুযোগ পাব।