খলনায়িকা যাব জেললৈ

423

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


চন ২০০২, স্থান গুজৰাট। গোধৰাত কৰসেৱকৰ ৰেলগাড়ীত জুই লগাৰ পিছত ৰাজ্যত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয়। এই সংঘৰ্ষত আক্ৰান্ত হয় এগৰাকী সন্তানসম্ভবা মুছলমান মহিলা। মহিলা গৰাকীক প্ৰথমতে ধৰ্ষন কৰা হয়। তাৰ পিছত তৰোৱালেৰে মহিলাগৰাকীৰ পেট ফালি সন্তানটোক তৰোৱালৰ আগটোৰে উলিয়াই অনা হয়। এয়া  আছিল তিষ্টা ছিটলৱালৰৰ এটা কাল্পনিক ঘটনা। ন্যায়ালয়ে বিচাৰ কৰি গম পায় যে এনে কোনো ঘটনাই হোৱা নাছিল। এনেধৰণৰ বহুতো মনেসজা ঘটনাৰ সৃষ্টি কৰিছিল তিষ্টা ছিটলৱাৰে। যিজন মহিলা জুইত পুৰি মৰিছিল সেই মহিলাজনীক অত্যাচাৰ কৰি হত্যা কৰা বুলি তিষ্টাই প্ৰচাৰ কৰিছিল আৰু তাৰ বাবে মিছা সাক্ষ্য যোগাৰ কৰিছিল। মানুহজনী আছিল তথাকথিত এগৰাকী সামাজিক কাৰ্য্যকৰ্তা। এটা এন.জি.অ’ চলাইছিল। উদ্দেশ্য আছিল সামাজিক কামৰ নামত ধন উপাৰ্জন কৰা। ইউ.পি.এ চৰকাৰৰ সময়ত নৰেন্দ্ৰ মোদীৰ বিপক্ষে কৈ চৰকাৰৰ প্ৰিয়পাত্র হৈছিল এইগৰাকী নাৰী। টিভিত আহি লেকচাৰ দিছিল, বাতৰি কাকতত আৰ্টিকল লিখিছিল। বহুতো মিছা সাক্ষ্য লৈ মোদী আৰু অন্যান্য বিজেপি নেতাৰ বিৰূদ্ধে ষড়যন্ত্র ৰচনা কৰিছিল। বিনিময়ত চৰকাৰৰ পৰা এন.জি.অ লৈ আহিছিল বৃহৎ ধন। সেইধনেৰে বিদেশ ভ্ৰমণ, ডাঙৰ পাৰ্টী আদি কৰি লাহ বিলাসেৰে দিন কটাইছিল মুখা পিন্ধা সামাজিক কৰ্মকৰ্তা জনে। কিন্তু দিন সদায় একে নাযায়। প্ৰায় ২০ বছৰৰ পিছত দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণভাবে দোষমুক্ত কৰিছে। লগে লগে তিষ্টাৰ বিৰূদ্ধে আহি পৰিছে বহুতো প্ৰমান। গুজৰাটৰ বহুতো মুছলমান মহিলাক শিখণ্ডী কৰি ধন ঘটি আছিল ভাৰতৰ এইগৰাকী খলনায়িকাই। বহুত আনন্দৰ কথা যে পুলিছে তেওঁক গ্ৰেপ্তাৰ কৰিছে। অনাগত দিনত এই মহিলাগৰাকীৰ আৰু বহুতো কুকৰ্ম ৰাইজৰ আগত ফাদিল হ’ব।